ETV Bharat / bharat

নৈনিতালত শোকাৱহ পথ দুৰ্ঘটনা; নিহত ২ - Pickup fell into ditch in Nainital

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 12:01 PM IST

Updated : Jun 10, 2024, 5:06 PM IST

Pickup fell into ditch in Nainital : নৈনিতালত অব্যাহত আছে পথ দুৰ্ঘটনা । ৰতিঘাট-বেতালঘাট পথৰ দুৰৱস্থাৰ বাবে পুনৰ দ’ খাৱৈত বাগৰি পৰিল এখন পিকআপ বাহন । ২ গৰাকী লোক নিহত আৰু ১৩ গৰাকী আহত এই দুৰ্ঘটনাত ।

Pickup fell into ditch in Nainital
নাইনিতালত শোকাৱহ পথ দুৰ্ঘটনা;২ গৰাকী নিহত (ETV Bharat)

নেশ্যনেল ডেস্ক, ১০ জুন : উত্তৰাখণ্ডৰ নৈনিতালত এটাৰ পিচত আন এটা ভয়ংকৰ দুৰ্ঘটনা । দেওবাৰ নিশা পুনৰ দ’ খাৱৈত বাগৰি পৰিল এখন পিকআপ বাহন । নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন প্ৰায় ১০০ ফুট গভীৰ খাৱৈত বাগৰি পৰে । এই দুৰ্ঘটনাত দুগৰাকী লোকৰ মৃত্যু হয় । আনহাতে ১৩ গৰাকী লোক আহত হয় ।

প্ৰায় ৪ দিন পূৰ্বে নৈনিতালৰ ওখালকান্দাত এখন পিকআপ বাহন দুৰ্ঘটনাত পতিত হৈছিল । য'ত ৭ গৰাকী লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল । দেওবাৰে নিশা পুনৰ বেতালঘাট আৰক্ষী থানাৰ অন্তৰ্গত ৰতিঘাট-বেতালঘাট পথত এখন পিকআপ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে ।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আহতসকলক আৰক্ষী আৰু স্থানীয় লোকৰ সহায়ত উদ্ধাৰ কৰা হয় আৰু এখন ব্যক্তিগত বাহনত বেতালঘাট চিএইচচিলৈ লৈ প্ৰেৰণ কৰা হয় । নয়নিচাকৰ বাসিন্দা ৬৫ বছৰীয়া উম্মেদ সিঙৰ চিকিৎসালয়ত মৃত্যু হয় । পিকআপ বাহনখনত থকা ১৪ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছিল ।

আঘাতপ্ৰাপ্তসকলৰ ভিতৰত এগৰাকী ১৪ বছৰীয়া কিশোৰীও আছিল আৰু পিচত কিশোৰীগৰাকীৰো মৃত্যু হয় । বাকী আহতসকলৰ ভিতৰত ৬ জনক হালদৱানীৰ সুশীলা তিৱাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তেওঁলোকৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে ।

আহতসকলে জনোৱা মতে বেতালঘাট উৎসৱৰ পৰা বজাৰ কৰি আটাইকেইজন লোকে সন্ধিয়া ঘৰলৈ উভতি আহিছিল । তেতিয়াই তেওঁলোকৰ বাহনখন দুৰ্ঘটনাত পতিত হয় । অৱশ্যে দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

অভিযোগ অনুসৰি পথটোৰ অৱস্থা তেনেই শোচনীয় হৈ আছে ৷ যাৰ বাবে প্ৰায়ে সেই অঞ্চলত দুৰ্ঘটনা সংঘটিত হৈছে । স্থানীয় লোকৰ মতে তেওঁলোকে বেতালঘাটৰ পথটো মেৰামতি কৰিবলৈ প্ৰশাসনক দাবী জনাই আহিছে যদিও এতিয়ালৈ বিভাগে কোনো ব্যৱস্থা লোৱা নাই ।

লগতে পঢ়ক :চাৰধাম যাত্ৰাত ১০০ গৰাকী ভক্তৰ মৃত্যু; কেদাৰনাথত মৃত্য়ুৰ সংখ্যা সৰ্বাধিক - Chardham Yatra 2024

Last Updated : Jun 10, 2024, 5:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.