Assam honours Ratan Tata: ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান

author img

By

Published : Dec 2, 2021, 7:24 PM IST

Updated : Dec 2, 2021, 8:03 PM IST

Assam Baibhav award to Ratan Tata

প্ৰথমবাৰৰ বাবে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে দেশৰ আগশাৰীৰ উদ্যোগপতি ৰতন টাটালৈ ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বৃহস্পতিবাৰে দিল্লীৰ অসম ভৱনত ঘোষণা কৰে এই কথা ৷

গুৱাহাটী, ২ ডিচেম্বৰ : দেশৰ আগশাৰীৰ উদ্যোগপতি ৰতন টাটালৈ আগবঢ়োৱা হৈছে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা "অসম বৈভৱ" (Assam Baibhav award conferred upon Ratan Tata) । বৃহস্পতিবাৰে নতুন দিল্লীত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই । ২০২২ বৰ্ষত এইগৰাকী বিখ্যাত উদ্যোগপতিক অসম চৰকাৰে প্ৰদান কৰিব এই বঁটা (Assam Baibhav award by Assam Government )।

সম্প্ৰতি দিল্লী ভ্ৰমণত থকা মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বৃহস্পতিবাৰে দিল্লীৰ অসম ভৱনত আয়োজিত "অসম দিৱস" ৰ কাৰ্যসূচীত ভাগ লৈ চাওলুং চ্যুকাফাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে (Assam Chief Minister Himanta Biswa Sarma in Delhi)। সেই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে "ভাৰতৰত্ন" যিদৰে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান, ঠিক তেনেদৰেই অসম চৰকাৰে "অসম সৌৰভ", "অসম গৌৰৱ", "অসম বৈভৱ" নামেৰে কেইবাটাও বঁটা বছৰি প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছে (Civilian awards of Assam)।

ইয়াৰে "অসম বৈভৱ" হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান (highest civilian award of Assam) । প্ৰথমবাৰলৈ এই বঁটা আগবঢ়োৱা হ’ব ৰতন টাটালৈ (Assam Baibhav award to Ratan Tata) । অসমত কেঞ্চাৰ হাস্পতাল সমূহ নিৰ্মাণৰ ক্ষেত্ৰত ৰতন টাটাই আগবঢ়াই অহা অৱদানৰ বাবে তেওঁক প্ৰদান কৰা হ’ব এই সৰ্বোচ্চ সন্মান (Cancer hospital in Assam by Tata group)।

দুই এদিনৰ ভিতৰত বাকী বঁটা সমূহৰ বিষয়েও ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে । তেওঁ লগতে এই বুলিও কয় যে, এই বঁটা সমূহ এনে ব্যক্তিক আগবঢ়োৱা হ’ব যিসকলে নীৰৱে অসমৰ বাবে বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে বা অবদান আগবঢ়াই আহিছে ।

লগতে পঢ়ক : IIT Guwahati placement offers: বিগত 3 বছৰত আই আই টি গুৱাহাটীৰ সৰ্বাধিক প্ৰাক প্লেচমেণ্ট অফাৰ লাভ

Last Updated :Dec 2, 2021, 8:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.