ETV Bharat / state

IIT Guwahati placement offers: বিগত 3 বছৰত আই আই টি গুৱাহাটীৰ সৰ্বাধিক প্ৰাক প্লেচমেণ্ট অফাৰ লাভ

author img

By

Published : Dec 2, 2021, 11:22 AM IST

Updated : Dec 2, 2021, 1:45 PM IST

increase pre placement offers in iit guwahati
গুৱাহাটী IIT ত পিপিঅ’ বৃদ্ধি

ক’ভিডকালীন সংকটৰ পিছতো যোৱা তিনিবছৰৰ ভিতৰত চলিত বৰ্ষত গুৱাহাটী IIT ত প্ৰাক-সংস্থাপনৰ সুযোগ (Rise in pre placement offers in IIT Guwahati) ৷ কাৰিকৰী প্ৰতিষ্ঠানখনত বৃদ্ধি পাইছে পিপিঅ’ ৷

গুৱাহাটী, 2 ডিচেম্বৰ : প্ৰাক-সংস্থাপনৰ সুযোগ বিশেষকৈ Information Technology, Software, Finance, Analyst আৰু Product profiles খণ্ডৰ পৰা আহিছে । ক’ভিড-19 মহামাৰীয়ে চাকৰিৰ বজাৰত সংকটৰ সৃষ্টি কৰাৰ পিছতো ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT Guwahati)ত এইবছৰ প্ৰাক-প্লেচমেণ্ট অফাৰ (PPO) যথেষ্ট বৃদ্ধি পাইছে ৷ 2021-22 শিক্ষাবৰ্ষত 179 টা পিপিঅ' লাভ কৰিছে প্ৰতিষ্ঠানখনে ৷

আই আই টি গুৱাহাটী কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, এইবেলি লাভ কৰা প্ৰি-প্লেচমেণ্ট অফাৰবোৰ বিগত তিনি বছৰৰ ভিতৰত সৰ্বাধিক আছিল ৷ ইয়াৰ পূৰ্বে 2020-21 আৰু 2019-20 দুয়োটা শৈক্ষিক বৰ্ষত 133 টা পিপিঅ’ লাভ কৰিছিল প্ৰতিষ্ঠানখনে ৷ এই সম্পৰ্কত গুৱাহাটী আই আই টিৰ বিষয়া ভৱানী গিদ্দুয়ে জনায় যে, ক’ভিডকালীন সংকটৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰাক-সংস্থাপনৰ সুযোগ (rise in pre placement offers in IIT Guwahati) গুৱাহাটী আই আই টি-ৰ ছাত্ৰ-ছাত্ৰীয়ে পোৱা নাই ।

গুৱাহাটী আই আই টিয়ে দেশৰ ভিতৰৰ কোম্পানীসমূহৰ পৰাহে প্ৰাক-সংস্থাপনৰ সুযোগ পাইছে । প্ৰি-প্লেচমেণ্ট অফাৰ (PPO)ৰ বৃদ্ধিৰ কাৰণ হৈছে- এই বছৰ কেম্পাছ প্লেচমেণ্টত অংশগ্ৰহণ কৰা কোম্পানীৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি হৈছে ৷ কিয়নো ক’ভিড-19 মহামাৰীৰ পিছত উদ্যোগবোৰ পুনৰুজ্জীৱিত হৈছে ৷

"বিশেষকৈ কাৰিকৰী ভূমিকাৰ বাবে নিয়োগৰ প্ৰৱণতা বৃদ্ধি পাইছে আৰু অধিক কোম্পানীয়ে ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে পিপিঅ' অফাৰ প্ৰদান কৰিছে ৷ যোৱা বছৰৰ তুলনাত বিভিন্ন সংগঠনৰ কাৰিকৰী প্ৰফাইল বৃদ্ধি পাইছে ৷ কৰ’ণা মহামাৰীৰ বাবে কোনো খণ্ড প্ৰভাৱিত হোৱা নাই, বৰঞ্চ যোৱা বছৰৰ তুলনাত মূল প্ৰফাইল স্থবিৰ হৈ আছে," বুলি আইআইটি গুৱাহাটী কৰ্তৃপক্ষই প্ৰকাশ কৰা বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে ৷

প্ৰাক-সংস্থাপনৰ সুযোগ পোৱা গুৱাহাটী আই আই টিৰ ছাত্ৰ-ছাত্ৰীয়ে ২০১৯-২০ বৰ্ষত নিদিষ্ট কোম্পানীৰ পৰা বছৰি সৰ্বাধিক ৪৭ লাখ টকা, ২০২০-২১ বৰ্ষত নিদিষ্ট কোম্পানীৰ পৰা বছৰি সৰ্বাধিক ৬৪ লাখ টকা, ২০২১-২২ বৰ্ষত নিদিষ্ট কোম্পানীৰ পৰা বছৰি সৰ্বাধিক ৬৪ লাখ টকাৰ দৰমহাৰ সুযোগ পোৱাৰ পাইছে ৷

কেম্পাছ প্লেচমেণ্টত অংশগ্ৰহণ কৰা কোম্পানীবোৰ হৈছে- গুগল, মাইক্ৰছফট, এপল, অৰেকল, স্প্ৰিংকলাৰ, জে পি মৰ্গান আৰু চেজ, গোল্ডমেন চাক্স, বাজাজ, উবেৰ, শ্লুম্বাৰগাৰ, গ্ৰেভিটন, আমাজন, টেক্সাছ ইনষ্ট্ৰুমেণ্টচ, কোৱালকম আৰু এনভিডিয়া । যোৱা বছৰ প্ৰতিষ্ঠানটোৱে জাপানৰ পৰা আন্তৰ্জাতিক প্ৰস্তাৱ লাভ কৰিছিল ।

লগতে চাওক: 29 ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ চানমাৰিত হ’ব অসম গ্ৰন্থমেলা

Last Updated :Dec 2, 2021, 1:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.