ETV Bharat / city

Government Scheme for Women : মহিলা কাৰিকৰসকলক সৱলীকৰণৰ কাৰণে ব্যৱসায়িক আৰ্হি প্ৰস্তুত

author img

By

Published : Dec 2, 2021, 10:01 PM IST

খাদী আৰু গ্ৰামীণ উদ্যোগ আয়োগে(Assam Khadi & Village Industries Board) অসমৰ মহিলা কাৰিকৰসকলক সৱলীকৰণ কৰিবলৈ স্থানীয় ধূপকাঠি উদ্যোগসমূহ (Local incense stick manufacturing industry)ক শক্তিশালী কৰাৰ বাবে ধ্বজ্বাবাহী প্ৰধানমন্ত্ৰীৰ নিযুক্তি উৎপাদন কাৰ্যসূচীৰ (পি এম ই জি পি) অধীনত 70 গৰাকী জনজাতীয় মহিলাক নিযুক্তি দিছে । লগতে বৃহস্পতিবাৰে কে ভি আই চিয়ে গুৱাহাটীৰ ৰূপনগৰত বহুমুখী প্ৰশিক্ষণ কেন্দ্ৰ এটিও মুকলি কৰে ৷

government-scheme-for-women
মহিলা কাৰিকৰসকলক সৱলীকৰণৰ কাৰণে ব্যৱসায়িক আৰ্হি প্ৰস্তুত

গুৱাহাটী, ২ ডিচেম্বৰ : খাদী আৰু গ্ৰামীণ উদ্যোগ আয়োগ(Assam Khadi & Village Industries Board)য়ে ধূপকাঠি প্ৰস্তুত কৰা অসমৰ মহিলা কাৰিকৰসকলক সৱলীকৰণ কৰিবলৈ আৰু ৰাজ্যখনৰ এক প্ৰধান কৰ্মসংস্থাপন সৃষ্টিকৰ্তা স্থানীয় ধূপকাঠি উদ্যোগসমূহ(local incense stick manufacturer)ক শক্তিশালী কৰাৰ বাবে এক অনন্য ব্যৱসায়িক আৰ্হি প্ৰস্তুত কৰিছে । ইতিমধ্যে কে ভি আই চিয়ে কামৰূপ জিলাৰ বীৰকুচিত ধূপকাঠি নিৰ্মাণ গোট স্থাপনৰ বাবে ধ্বজ্বাবাহী প্ৰধানমন্ত্ৰীৰ নিযুক্তি উৎপাদন কাৰ্যসূচীৰ (Prime Minister's Employment Generation Programme) অধীনত 70 গৰাকী জনজাতীয় মহিলাক নিযুক্তি দিছে । লগতে বৃহস্পতিবাৰে কে ভি আই চিয়ে গুৱাহাটীৰ ৰূপনগৰত বহুমুখী প্ৰশিক্ষণ কেন্দ্ৰ (Multi-purpose Training Centre) এটিও মুকলি কৰে ৷

government-scheme-for-women
মহিলা কাৰিকৰসকলক সৱলীকৰণৰ কাৰণে ব্যৱসায়িক আৰ্হি প্ৰস্তুত

ইয়াৰোপৰি কে ভি আই চিয়ে এইক্ষেত্ৰত এক ব্যৱসায়িক অংশীদাৰীত্বও আগবঢ়াইছে ৷ যিয়ে অসমৰ এক সফল স্থানীয় ধূপকাঠি নিৰ্মাতা হিচাপে কেঁচামাল প্ৰদান কৰিব আৰু শ্ৰমিক মাচুল পৰিশোধ কৰি এই 70 গৰাকী মহিলা উদ্যোগীৰ দ্বাৰা উৎপাদিত সকলো ধূপকাঠি ক্ৰয় কৰিব বুলিও উল্লেখ কৰিছে । জানিব পৰা মতে এই মহিলাসকল 7 টা আত্মসহায়ক গোট (Self help groups)ৰ লগত জড়িত ।

উল্লেখ্য যে কে ভি আই চিয়ে গুৱাহাটীৰ ৰূপনগৰত মুকলি কৰা এই বহুমুখী প্ৰশিক্ষণ কেন্দ্ৰটোত মৌ-পালন, মৃৎশিল্প, চামৰাৰ শিল্প আদিৰ দৰে বিভিন্ন স্ব-নিযুক্তি কাৰ্যকলাপত যুৱ উদ্যোগীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব । সম্প্ৰতি কে ভি আই চিয়ে এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ ধ্বজ্বাবাহী পি এম ই জি পি আঁচনিৰ অধীনত ধূপকাঠি নিৰ্মাণ গোট স্থাপনৰ বাবে অসম গ্ৰামীণ বিকাশ বেংক (Assam gramin vikash bank), গুৱাহাটীৰ জৰিয়তে 70 টা গোটৰ বাবে মুঠ 35 লাখ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰিছে ।

বৃহস্পতিবাৰে কে ভি আই চিৰ অধ্যক্ষ বিনয় কুমাৰ চাক্সেনাই গুৱাহাটীত এই মহিলা উদ্যোগীসকলক অনুমোদন পত্ৰ প্ৰদান কৰে । লগতে কে ভি আই চিয়ে এই গোটবোৰক সমৰ্থন কৰিবলৈ 35 শতাংশ অৰ্থাৎ 12.25 লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিছে । এই বেংক ঋণৰ সৈতে উদ্যোগীসকলক স্বয়ংক্ৰিয় ধূপকাঠি নিৰ্মাণ যন্ত্ৰ(incense stick manufacturing machine), মিক্সাৰ মেচিন আৰু ড্ৰায়াৰ মেচিনও প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : Assam honours Ratan Tata: ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.