ন্যামজ্ঞাং ছু নদীৰ পাৰৰ পৰা ভাৰত-ভূটান-চীন সীমান্ত

By

Published : Dec 2, 2021, 10:34 PM IST

thumbnail

এখন নদীয়ে নিৰ্ধাৰণ কৰিছে তিনিখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা । চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুমলাৰ পৰা 56 কিল’মিটাৰ নিলগত বিলিটিং নামৰ ভাৰত-ভূটান প্ৰান্তত থকা এই ন্যামজ্ঞাং ছু নদী(Nyamjang Chu river of Indo Bhutan border)খনে চীনৰ পৰা বৈ আহি ভাৰতৰ টাৱাং জিলাৰ ছু নদী(Chu river of Tawang)ত মিলিত হৈছে । নদীখনৰ এটা পাৰে ভূটান দেশ আৰু আনটো পাৰে চীনে অধিগ্ৰহণ কৰা তিব্বত অৰ্থাৎ চীন দেশ । ভাৰতৰ বিলিটিং হৈছে টাৱাং জিলাৰ দংশিমা ৰাজহ চক্ৰৰ অধীনত আৰু চীনৰ শ্বান্নান জিলাৰ সমীপত থকা এটা অঞ্চল । এক সুকীয়া বৈশিষ্ট্য থকা এই শিলাময় পাহাৰৰ নামনিত এতিয়া ৰঙা চীনা সৈন্যই ভূটানৰ ভূমি অধিগ্ৰহণ কৰাৰ বাতৰিয়ে শিৰোনামা দখল কৰা সময়তে ভাৰতীয় সুৰক্ষা বাহিনী এছ এছ বি(SSB)ৰ কেইবাটাও বাহিনী মোতায়েন কৰা হৈছে । চাওক এই ন্যামজ্ঞাং ছু নদীৰ পাৰৰ তিনিকোণীয়া ভাৰতৰ সীমান্ত(The three cornered border of India from the Nyamjang Chu river)ৰ পৰা সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.