ETV Bharat / city

Har Ghar Dastak Campaign : ঘৰে ঘৰে গৈছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও

author img

By

Published : Dec 2, 2021, 10:43 PM IST

ক'ভিড টীকাকৰণ ১০০ শতাংশ নিশ্চিত কৰাৰ উদ্দেশ্যে দেশত আৰম্ভ হৈছে হৰ ঘৰ দস্তক অভিযান । গুৱাহাটীত এই অভিযান পৰ্যৱেক্ষণৰ বাবে উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী(Chandra Mohan Patowary observes Har Ghar Dastak campaign)। মন্ত্ৰীগৰাকীৰ উপস্থিতিত বহু লোকে ল'লে প্ৰতিষেধক ।

chandra-mohan-patowary-observes-har-ghar-dastak-campaign-at-guwahati
ঘৰে ঘৰে উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

গুৱাহাটী, 2 ডিচেম্বৰ : সমগ্ৰ দেশতে অব্যাহত আছে ক'ভিড-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া(The vaccination process for COVID-19 continues in the country)। ইতিমধ্যে দেশৰ ১২০ কোটিৰো অধিক লোকে ক'ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিছে । কিন্তু এতিয়াও দেশৰ বহু স্থানত ১০০ শতাংশ টীকাকৰণ হোৱা নাই । যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'হৰ ঘৰ দস্তক' শীৰ্ষক এক অভিযান আৰম্ভ কৰা হৈছে ।

বিগত 29 নৱেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হোৱা ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰৰ দিনটোত এই অভিযানৰ পৰ্যৱেক্ষণ কৰিবলৈ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী(Chandra Mohan Patowary observes Har Ghar Dastak campaign) য়ে উজান বজাৰ, খাৰঘূলি এলেকাত উপস্থিত হয় ৷

chandra-mohan-patowary-observes-har-ghar-dastak-campaign-at-guwahati
ঘৰে ঘৰে উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

মন্ত্ৰীগৰাকীয়ে এই এলেকা কেইটাৰ কেবাজনো ব্যক্তিৰ ঘৰলৈ গৈ বুজাই-বঢ়াই ঘৰতে ক’ভিড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰে । মন্ত্ৰীগৰাকীৰ বুজনিত এই পৰ্যন্ত ক’ভিড প্ৰতিষেধকৰ প্ৰথম পালি নোলোৱাকৈ থকা কেইবাজনো লোকে প্ৰতিষেধক ল’বলৈ সৈমান হয় । লগতে মন্ত্ৰীগৰাকীয়ে নিৰ্ধাৰিত সময়ত দ্বিতীয় পালি প্ৰতিষেধকো তেওঁলোকক ঘৰতেই দিয়া হ’ব বুলি নিশ্চিয়তা প্ৰদান কৰে ৷ ইয়াৰোপৰি এই অঞ্চলকেইটাৰ শয্যাগত লোককো প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

ইফালে জিলাখনৰ ‘হৰ ঘৰ দস্তক’ অভিযানৰ নিৰীক্ষক অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু গৃহ বিভাগৰ আয়ুক্ত-সচিব এম এছ মণিৱন্ননেও জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰতিষেধক প্ৰদান অভিযান অব্যাহত ৰাখিছে(Chife Secretary Jishnu Barua observes Har Ghar Dastak campaign) । ইতিমধ্যে মুখ্য সচিবগৰাকীয়ে উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু আন আন বিষয়া তথা স্বাস্থ্যকৰ্মীৰ সৈতে নাৰেংগী, ফৰেষ্ট গেটৰ শান্তিপুৰ, কৈলাশ নগৰ, সাতগাওঁ আদি ঠাইৰ কেইবাগৰাকীও মানুহৰ ঘৰত উপস্থিত হৈ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা লয় ।

সমান্তৰালকৈ গৃহ বিভাগৰ আয়ুক্ত সচিবগৰাকীয়ে ফটাশিল, গণেশপাৰা, মনপাৰা, দাতালপাৰা আদি ঠাইত প্ৰতিষেধক প্ৰদান অভিযান চলায় । জিলাখনৰ অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, বিপুল কুমাৰ দাস, গৌৰী শংকৰ দাস, গুণজিৎ ৰায় চৌধুৰী, ড৹ ধ্ৰুৱজ্যোতি হাজৰিকা, সুস্বপ্না কাকতি আৰু প্ৰত্যেকজন চক্ৰ বিষয়া ‘হৰ ঘৰ দস্তক’ অভিযানত ব্যস্ত আছে ।

লগতে পঢ়ক : Har Ghar Dastak Drive: সমষ্টিবাসীক প্ৰতিষেধক ল'বলৈ আহ্বান মন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.