ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 4, 2022, 12:59 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

এছআই জোনমণি ৰাভাক গ্ৰেপ্তাৰ

অৱশেষত গ্ৰেপ্তাৰ হ’ল বহু বিতৰ্কিত এছআই জোনমণি ৰাভাক ৷ তিনি দিনৰ জেৰাৰ অন্তত গড়মূৰ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীক ৷ বৃহস্পতিবাৰৰ পৰা মাজুলী আৰক্ষীয়ে জেৰা চলাই আছিল জোনমণি ৰাভাক ৷

কেলেণ্ডুলা : ছালৰ ৰঙা পৰা আৰু দাগ নাইকীয়া কৰাৰ ৰহস্য

সকলোৱে ফুল ভাল পায় ৷ ফুলদানিত সজোৱাৰ পৰা আৰম্ভ কৰি কেশসজ্জালৈকে সকলোতে আমি ফুল ব্যৱহাৰ কৰো ৷ বিভিন্ন প্ৰকাৰৰ ফুলত বিভিন্ন ধৰণৰ উপাদান নিহিত হৈ থাকে, বিশেষকৈ ছালৰ বাবে উপকাৰী উপাদান ইয়াত পোৱা যায় ৷ ইয়ে ছালক সজীৱ কৰি ৰখাৰ লগতে মইশ্চৰাইজ কৰি ৰাখে ৷ তেনে এক ফুলৰ নাম হৈছে কেলেণ্ডুলা ৷

উত্তৰাখণ্ডত এছিয়াৰ সৰ্ববৃহৎ আৰু দেশৰ প্ৰথম তৰল-দাপোন টেলিস্কোপ স্থাপন

আৰ্যভট্ট গৱেষণা পৰ্যৱেক্ষণ বিজ্ঞান প্ৰতিষ্ঠানে(ARIES) উত্তৰাখণ্ডৰ দেৱাস্থল পৰ্যৱেক্ষণালয়ত ভাৰতৰ প্ৰথম (India's 1st liquid-mirror telescope in Uttarakhand) তথা এছিয়াৰ সৰ্ববৃহৎ তৰল দাপোন টেলিস্কোপ (Asia's largest liquid mirror telescope) স্থাপন ৷ এই প্ৰকল্পটোৱে বৈজ্ঞানিক আৰু অভিযান্ত্ৰিক পৃষ্ঠভূমিৰ লোকসকলক প্ৰত্যাহ্বানমূলক সমস্যাসমূহ গ্ৰহণ কৰিবলৈ আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে ৷

দেশৰ 5 ৰাজ্যলৈ সতৰ্কবাণী; ক্ৰমাৎ বৃদ্ধি কৰ’ণা ৰোগীৰ সংখ্যা

দেশৰ 5 ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ (5 states witnessing rise in Covid cases) ৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে উল্লেখ কৰা অনুসৰি, তামিলনাডু, কেৰালা, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা ৷

Hyderabad minor girl gang rape: 5 অভিযুক্তক আটক আৰক্ষীৰ

হায়দৰাবাদৰ জুবিলি হিলছত 28 মে’ত বিদ্যালয়ৰ বন্ধুৰ সৈতে পাৰ্টিৰ পৰা উভতি অহাৰ সময়ত এগৰাকী নাবালিকাক গাড়ীৰ ভিতৰতেই পাঁচজন নাবালকে ধৰ্ষণ কৰাৰ তথ্য পোহৰলৈ আহিছে ( Hyderabad minor girl gang rape) ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখি 3 জুনত এজন 18 বছৰীয়া অভিযুক্তক গ্ৰেপ্তাৰ কৰে(One arrested in Hyderabad gang rape) ৷ ইয়াৰ পাছত শনিবাৰে আৰক্ষীয়ে এই ধৰ্ষণকাণ্ড সংঘটিত কৰা আন 4 অভিযুক্তকো আটক কৰে ৷

হালোৱাটিঙত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

অসম নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত শুকুৰবাৰে নিশা পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী (Leopard trapped at Halwating)৷ হালোৱাটিং বৰছিলা চাহ বাগিচাৰ 18 নং লাইনত পিঞ্জৰাবদ্ধ হয় প্ৰায় 15 বছৰীয়া মতা নাহৰফুটুকীটো ৷ অঞ্চলটোৰ ৰাইজে উল্লেখ কৰা অনুসৰি, দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে ৷

Hrithik Roshan Sussanne:হৃত্বিকৰ মুখত প্ৰাক্তন পত্নী চুজেনৰ প্ৰশংসা

সামাজিক মাধ্যমত চুজেনৰ প্ৰশংসাত পঞ্চমুখ হৃত্বিক ৰোছন (Hrithik Roshan Sussanne) ৷ কিহৰ বাবে বিচ্ছেদৰ পিছতো ইমানকৈ প্ৰশংসা কৰিলে অভিনেতাজনে ৷

বৰডুবিৰ বৰুৱাহোলাত বাহনসহ জব্দ বৃহৎ পৰিমাণৰ চোৰাং কণ্ডেনচেট তেল

উজনি অসমত সক্ৰিয় হৈছে চোৰাং তেল চোৰ চক্ৰ ৷ শনিবাৰে দুলীয়াজান অইল ইণ্ডিয়াৰ পৰা চুৰি হোৱা বৃহৎ পৰিমাণৰ চোৰাং কণ্ডেনচেট তেল জব্দ কৰা হৈছে ৷ বৰডুবি আৰক্ষীয়ে এক অভিযানত গাড়ীসহ জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ কণ্ডেনচেট তেল (Tanker With Smuggled Oil Seized) ৷

Rhino horn smuggling: দৰঙত গঁড়ৰ খৰ্গসহ দুজনক আটক

গঁড়ৰ খৰ্গৰ সৈতে দুজন লোকক আটক দলগাঁও আৰক্ষীৰ (Two smuggler with rhino horn apprehended) ৷ বিশেষ তদন্তকাৰী দলৰ সৈতে অভিযান চলাই আৰক্ষীয়ে গঁড়ৰ খৰ্গসহ আটক কৰে দুজন লোকক(Two smuggler apprehended by Dolgaon Police) ৷ খৰ্গটো বিক্ৰীৰ পৰিকল্পনা কৰি থকাৰ সময়তে আৰক্ষী আৰু বিশেষ তদন্তকাৰী দলে (SIT) লোক দুজনক আটক কৰিবলৈ সক্ষম হয় ৷

ত্ৰিপুৰাৰ প্ৰতিটো ভোটকেন্দ্ৰকে অতি স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰাৰ আহ্বান CPI(M)ৰ

ত্ৰিপুৰা আহি থকা উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্য নিৰ্বাচনী বিষয়ালৈ চিপিআই(এম) দলৰ বিশেষ পত্ৰ । নিৰ্বাচনী হ'বলগীয়া সমষ্টি কেইটাৰ প্ৰতিটো ভোটকেন্দ্ৰক অতি স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰিবলৈ চিপিআইএমৰ আহ্বান (CPIM leader asked to treat all polling booths as hypersensitive)। সমষ্টি কেইটাত বিজেপিয়ে হিংসাত্মক ঘটনা সংঘটিত কৰাৰো অভিযোগ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.