ETV Bharat / bharat

Hyderabad minor girl gang rape: 5 অভিযুক্তক আটক আৰক্ষীৰ

author img

By

Published : Jun 4, 2022, 10:52 AM IST

Updated : Jun 4, 2022, 12:45 PM IST

হায়দৰাবাদৰ জুবিলি হিলছত 28 মে’ত বিদ্যালয়ৰ বন্ধুৰ সৈতে পাৰ্টিৰ পৰা উভতি অহাৰ সময়ত এগৰাকী নাবালিকাক গাড়ীৰ ভিতৰতেই পাঁচজন নাবালকে ধৰ্ষণ কৰাৰ তথ্য পোহৰলৈ আহিছে ( Hyderabad minor girl gang rape) ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখি 3 জুনত এজন 18 বছৰীয়া অভিযুক্তক গ্ৰেপ্তাৰ কৰে(One arrested in Hyderabad gang rape) ৷ ইয়াৰ পাছত শনিবাৰে আৰক্ষীয়ে এই ধৰ্ষণকাণ্ড সংঘটিত কৰা আন 4 অভিযুক্তকো আটক কৰে ৷

five-accused-identified-one-held-in-hyderabad-gang-rape-case
Hyderabad minor girl gang rape : 5 অভিযুক্ত নাবালকক চিনাক্ত, আটক এজন

নেশ্যনেল ডেস্ক, 4 জুন : হায়দৰাবাদত এইবাৰ বিদ্যালয়ৰ সহপাঠীৰ কামনাৰ বলি হ'ল এগৰাকী কিশোৰী ৷ হায়দৰাবাদৰ জুবিলি হিলছত বিদ্যালয়ৰ সহপাঠীৰ সৈতে পাৰ্টীৰ কৰি উভতি অহাৰ সময়ত গাড়ীৰ ভিতৰতেই পাঁচজন নাবালক সহপাঠীয়ে নাবালিকাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে( Hyderabad minor girl gang rape)৷

প্ৰাপ্ত তথ্য অনুসৰি যোৱা 28 মে'ত ভুক্তভোগী কিশোৰীগৰাকীয়ে অভিযুক্ত সহপাঠীকেইজনৰ লগত জুবিলি হিলছৰ এটা পাবলৈ গৈছিল ৷ পাৰ্টী শেষ হোৱাৰ পিছত সন্ধিয়া প্ৰায় 5.30 বজাত কিশোৰীগৰাকীয়ে সহপাঠীকেইজনৰ গাড়ীতে ঘৰলৈ উভতি আহে ৷ কিন্তু ঘৰলৈ আহি থকাৰ পথতে গাড়ীখনত অন্য কেইবাজনো লোক উঠে ৷ ইয়াৰ পিছতে গাড়ীখনৰ ভিতৰতে দলবদ্ধ ধৰ্ষণৰ বলি হয় কিশোৰীগৰাকী ৷

এই ঘটনাৰ পিছতে ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে জুবিলি হিলছ আৰক্ষী থানাত সহপাঠীকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ পশ্চিম মণ্ডলৰ ডিচিপি জোৱেল ডেভিছে জানিবলৈ দিয়া অনুসৰি অভিযুক্তকেইজনৰ বিৰুদ্ধে আইপিচিৰ ধাৰা 354, 323 আৰু পকচো আইনৰ ধাৰা 9 ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

ইয়াৰ পিছতে অনুসন্ধানকাৰী দলে চিচিটিভি ফুটেজ আৰু অন্যান্য প্ৰমাণ সংগ্ৰহ আৰু বিশ্লেষণ কৰি 5 নাবালকক চিনাক্ত কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Five accused identified in Hyderabad gang rape case) ৷ আৰক্ষীয়ে 2 মে’ত এজন 18 বছৰীয়া অভিযুক্তক গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখে(One arrested in Hyderabad gang rape) ৷

ইয়াৰ পাছত শনিবাৰে আৰক্ষীয়ে এই ধৰ্ষণকাণ্ড সংঘটিত কৰা আন 4 অভিযুক্তকো আটক কৰে ৷ হায়দৰাবাদ পশ্চিম মণ্ডলটাস্ক ফ'ৰ্চৰ আৰক্ষীয়ে জনোৱা অনুসৰি এই জঘন্য কাণ্ড সংঘটিত কৰা কৰ্ণাটকৰ চাৰিজন অভিযুক্তক পলায়ন কৰি থকা ঠাইৰ পৰা আটক কৰে ৷

এই ঘটনাৰ ফলস্বৰূপে শাসনাধিষ্ঠ টিআৰএছ আৰু বিৰোধী দলসমূহৰ মাজত তুমুল বাকযুদ্ধ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । ঘটনাটোক গৰিহণা দি বিজেপি বিধায়ক ৰঘুনন্দন ৰাও, ৰাজসিং আৰু বিজেপিৰ ৰাজ্যিক সভাপতি বন্দী সঞ্জয়ে অভিযোগ উত্থাপন কৰি কৈছিল যে গৃহমন্ত্ৰী মহামুদ আলীৰ নাতি এই গোচৰত জড়িত থকাৰ বাবে আৰক্ষীয়ে সঠিক তদন্ত চলাব লাগে ৷ আৰক্ষীয়ে অভিযুক্তজনক ৰক্ষা কৰিবলৈ চেষ্টা কৰা বুলি বিজেপিৰ নেতাকেইগৰাকীয়ে আৰক্ষীৰ ওপৰত আভিযোগ উত্থাপন কৰিছিল ৷

লগতে চাওঁক : Rape case in Guwahati: মহানগৰীত অৰুণাচলী যুৱতীক ধৰ্ষণ

Last Updated : Jun 4, 2022, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.