ETV Bharat / state

Rhino horn smuggling: দৰঙত গঁড়ৰ খৰ্গসহ দুজনক আটক

author img

By

Published : Jun 4, 2022, 8:03 AM IST

two-smuggler-with-rhino-horn-apprehended-in-darrang
দৰঙত গঁড়ৰ খৰ্গসহ দুজন লোকক আটক

গঁড়ৰ খৰ্গৰ সৈতে দুজন লোকক আটক দলগাঁও আৰক্ষীৰ (Two smuggler with rhino horn apprehended) ৷ বিশেষ তদন্তকাৰী দলৰ সৈতে অভিযান চলাই আৰক্ষীয়ে গঁড়ৰ খৰ্গসহ আটক কৰে দুজন লোকক(Two smuggler apprehended by Dolgaon Police) ৷ খৰ্গটো বিক্ৰীৰ পৰিকল্পনা কৰি থকাৰ সময়তে আৰক্ষী আৰু বিশেষ তদন্তকাৰী দলে (SIT) লোক দুজনক আটক কৰিবলৈ সক্ষম হয় ৷

দৰং, 4 জুন : দৰং জিলাৰ দলগাঁৱত শুকুৰবাৰে আৰক্ষীয়ে(Two smuggler with rhino horn apprehended) গঁড়ৰ খৰ্গসহ দুজন লোকক আটক কৰে ৷ দৰং জিলাৰ দলগাঁৱত আৰক্ষীয়ে বিশেষ তদন্তকাৰী দলৰ সৈতে অভিযান চলাই 2.12 কেজি ওজনৰ এটা গঁড়ৰ খৰ্গৰ সৈতে লোক দুজনক আটক কৰে (Two smuggler apprehended by Dolgaon Police) ৷ আটকাধীন লোক দুজন সৰুপথাৰ ৰজাপুখুৰীৰ হবিবুৰ ৰহমান আৰু ঢেকিয়াজুলি থানাৰ অন্তৰ্গত চিতলমাৰী গাঁৱৰ জহৰ আলী বুলি জানিব পৰা হৈছে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি গঁড়ৰ খৰ্গটো বিক্ৰী কৰি থকাৰ পৰিকল্পনা কৰি থকাৰ সময়তে আৰক্ষী আৰু বিশেষ তদন্তকাৰী দলে (SIT) লোক দুজনক আটক কৰিবলৈ সক্ষম হয় ৷ এক গোপন সূত্ৰৰ তথ্য অনুসৰি আৰক্ষীয়ে হবিবুৰ ৰহমানক সোধপোছ কৰোঁতে জহৰ আলিৰ নাম প্ৰকাশ কৰে ৷ হবিবুৰৰ ভাষ্য অনুসৰি জহৰ আলীক আৰক্ষীয়ে আটক কৰি সোধপোছ কৰোঁতে তেওঁৰ নিজ বাসগৃহতে গঁড়ৰ খৰ্গটো থকা কথা স্বীকাৰ কৰে ৷

সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনে ৷ আনহাতে এই ঘটনাৰ লগত জড়িত অন্য তিনিগৰাকী লোকক আৰক্ষীয়ে পূৰ্বতে আটক কৰিছিল বুলিও জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক : চিকিৎসকৰ পৰ্যবেক্ষণত আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ খৰ্গবিহীন গঁড়টো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.