ETV Bharat / state

মুৰফুলনী চাহ বাগিচাত প্ৰাপ্য়ৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদী সমদল - PROTEST IN TEA ESTATE

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 2:10 PM IST

Murphulani Tea Estate : মুৰফুলনী চাহ বাগিচাৰ শ্ৰমিকে নৱেম্বৰৰ পৰাই নিয়মীয়াকৈ লাভ কৰা নাই দৈনিক মজুৰি । নিয়মীয়া মজুৰি, ৰেচনৰ পৰা বঞ্চিত এণ্ড্ৰিউ য়ুল কোম্পানীৰ অধীনৰ এই চাহ বাগিচাখনৰ শ্ৰমিক ।

TEA ESTATE LABOUR PROTEST
মুৰফুলনী চাহ বাগিচা (ETV BHARAT ASSAM)

মুৰফুলনী চাহ বাগিচা (ETV BHARAT ASSAM)

গোলাঘাট, ২১ মে': যোৱা ২০২৩ৰ নৱেম্বৰৰ পৰাই গোলাঘাট জিলাৰ মৰঙি মৌজাৰ মুৰফুলনী চাহ বাগিচাৰ শ্ৰমিকে নিয়মীয়াকৈ লাভ কৰা নাই দৈনিক মজুৰি, ৰেচনৰ লগতে আন আন সা-সুবিধাসমূহ ৷ এণ্ড্ৰিউ য়ুল কোম্পানীৰ অধীনৰ ১২ খনকৈ চাহ বাগিচাৰ শ্ৰমিকক প্ৰাপ্য় মজুৰি প্ৰদানৰ দাবীত মঙলবাৰে ৰাজ্য়ৰ আন ঠাইৰ লগতে মৰঙিতো অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰমিকসকলে ৷ যদিহে ইয়াৰ পিচতো প্ৰাপ্য় মজুৰি আদায় নিদিয়ে, তেতিয়াহ'লে আৰু অধিক জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সকীয়াই দিয়ে ক্ষুব্ধ শ্ৰমিকসকলে ।

মুৰফুলনী চাহ বাগিচাৰ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি অসম চাহ মজদুৰ সংঘৰ আহ্বানত বাগিচা বন্ধ কাৰ্যসূচী আৰু প্ৰতিবাদী সমদল উলিওৱা হয় । এণ্ড্ৰিউ য়ুল কোম্পানীৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে মৰঙি চাহ বাগিচা । এই কোম্পানীটোৱে দীৰ্ঘদিন ধৰি শ্ৰমিকৰ দৰমহা, ৰেচন, চিকিৎসা, ভৱিষ্যনিধি, গ্রেচ্যুইটী, আদায় নিদিয়া আৰু শ্ৰমিক আইন বলবৎ নকৰা বাবে আজি শ শ শ্ৰমিকে মুৰফুলনী চাহ বাগিচা সম্পূৰ্ণৰূপে বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

লগতে প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল'গানো দিয়ে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসম চাহ মজদুৰ সংঘৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ঘণশ্যাম বাৰৈয়ে অংশগ্ৰহণ কৰে ৷ তেওঁ কয় যে ভাৰত চৰকাৰৰ অধীনত থকা এই বাগিচাখনত দীৰ্ঘদিনৰ পৰা শ্ৰমিকসকল ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে । বাগিচাখনৰ পৰিচালকে বিভিন্ন অজুহাত দেখুৱাই শ্ৰমিকসকলক বঞ্চিত কৰিছে ।

‘‘আনকি শ্ৰমিক আইন অমান্য় কৰি বাগিচাখনৰ শ্ৰমিক সকলক দৰমহা ,ৰেচন, চিকিৎসা, ভৱিষ্যনিধি, গ্রেচ্যুইটী, উপযুক্ত চিকিৎসা আদিৰ পৰাও বঞ্চিত কৰিছে । ইয়াৰ উপৰি বিভিন্ন সময়ত বাগিচা কৰ্তৃপক্ষৰ লগতে আলোচনা মিলিত হৈছিল যদিও সেই আলোচনাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ পৰবৰ্তী সময়ত কাৰ্যকৰী হোৱা পৰিলক্ষিত হোৱা নাই ।’’ তেওঁ কয় ৷

লগতে পঢ়ক:মজুৰি বঞ্চিত শ্ৰমিকৰ প্ৰতিবাদত উত্তাল খোৱাং চাহ বাগিচা - Tea Estate Labour Protest

শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল দুলীয়াজানৰ জুটুলীবাৰী চাহ বাগিচা - Tea Estate Labour Protest

প্ৰাপ্য়ৰ দাবীত শ্ৰমিকে ঘেৰাও কৰিলে হোলোংগুৰি চাহ বাগিচাৰ কাৰ্যালয় - Protest In Tea Estate

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.