প্ৰাপ্য়ৰ দাবীত শ্ৰমিকে ঘেৰাও কৰিলে হোলোংগুৰি চাহ বাগিচাৰ কাৰ্যালয় - Protest in Tea estate
Protest in Moriani :মৰিয়নীৰ হোলোংগুৰি চাহ বাগিচাত দীৰ্ঘদিন ধৰি বঞ্চিত শ্ৰমিক । প্ৰাপ্য় আদায় নিদিলে জংগী আন্দোলনৰ সকীয়নি ।

Published : May 7, 2024 at 9:15 PM IST
যোৰহাট, ৭ মে’: পুনৰ প্ৰাপ্য়ৰ দাবীত উত্তাল হ'ল যোৰহাট জিলাৰ মৰিয়নীৰ হোলোংগুৰি চাহ বাগিচা় । আজি পেটৰ ভোক সহ্য কৰিব নোৱাৰি বাগিচা়ৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে । এই শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰি কয় যে বাগিচা কৰ্তৃপক্ষই তেওঁলোকক দীৰ্ঘদিন ধৰি প্ৰাপ্য়ৰ পৰা বঞ্চিত কৰি আহিছে ।
এই প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে সততে চাহ শ্ৰমিকৰ উন্নতি হোৱাৰ ভুৱা প্ৰতিশ্ৰুতি আৰু শ্লোগান দিয়া নেতা-মন্ত্ৰী তথা শ্ৰমিক নেতাসকলৰ যেন কোনো দৃষ্টি পৰা নাই এইসকল শ্ৰমিকৰ ওপৰত । চাহ শ্ৰমিকে খাইছে নে নাই আৰু কেনেকৈ আছে জীয়াই আছে তালৈ নাই কোনো ভ্ৰুক্ষেপ ৷
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য় যে ভাৰত চৰকাৰৰ অধীনত থকা মৰিয়নী হোলোংগুৰি চাহ বাগিচা়ৰ শ শ শ্ৰমিকৰ অৱস্থা বৰ্তমান পানীত হাঁহ নচৰা হৈছে ৷ তেওঁলোকে বাগিচাত শ্ৰমদান কৰাৰ বিনিময়ত পোৱা মজুৰি তথা প্ৰাপ্যৰ কাৰণে কৰিবলগীয়া হৈছে প্ৰতিবাদ ৷ তেওঁলোকে বেতনৰ লগতে ৰেচন, চিকিৎসাৰ উপৰি অন্যান্য সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ৷
আজি এই প্ৰতিবাদী কাৰ্যসূচীত তিতাবৰ চাহ মজদুৰ শাখা সংঘৰ উপ সভাপতি চামেল মিৰ্ধা,সংগঠক অনিল ৰজক, কাৰ্যকৰী সদস্য গনেশ পুৰাণৰ লগতে প্ৰাথমিক সংঘৰ সভাপতি প্ৰবীন মিৰ্ধা আৰু সম্পাদক বাদল কৰ্মকাৰ উপস্থিত থাকে ৷ তেওঁলোকে শ্ৰমিকসকলক প্ৰাপ্য় আদায় নিদিলে জংগী আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে । আনহাতে, চাহ শ্ৰমিক সকলৰ সমস্যা যদি শীঘ্ৰে সমাধান নকৰে তেতিয়াহ'লে অনাগত সময়ত শ্ৰমবৰ্জন কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে ।

