ETV Bharat / state

মজুৰি বঞ্চিত শ্ৰমিকৰ প্ৰতিবাদত উত্তাল খোৱাং চাহ বাগিচা - Tea Estate Labour Protest

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:23 PM IST

AATSA protest in Moran: নৱেম্বৰৰ পৰাই নিয়মীয়াকৈ লাভ কৰা নাই দৈনিক মজুৰি । নিয়মীয়া মজুৰি, ৰেচনৰ পৰা বঞ্চিত এণ্ড্ৰিউ য়ুল কোম্পানীৰ অধীনৰ ১২ খনকৈ চাহ বাগিচাৰ শ্ৰমিক । অৱস্থান ধৰ্মঘটেৰে আটছাৰ প্ৰতিবাদ ।

AATSA protest in Moran
মৰাণৰ খোৱাং চাহ বাগিচা (ETV BHARAT ASSAM)

মজুৰি বঞ্চিত শ্ৰমিকৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

মৰাণ, ১০ মে': দীৰ্ঘদিন ধৰি মজুৰিৰ লগতে আন সা-সুবিধাৰ পৰা বঞ্চিত শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মৰাণৰ খোৱাং চাহ বাগিচা । এণ্ড্ৰিউ য়ুল কোম্পানীৰ অধীনৰ ১২ খনকৈ চাহ বাগিচাৰ শ্ৰমিকক প্ৰাপ্য় মজুৰি প্ৰদানৰ দাবীত শুকুৰবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰমিকসকলে ৷ যদিহে ইয়াৰ পিচতো প্ৰাপ্য় মজুৰি আদায় নিদিয়ে, তেতিয়াহ'লে আৰু অধিক জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সকীয়াই দিয়ে ।

উল্লেখ্য় যে, এণ্ড্ৰিউ য়ুল কোম্পানীৰ ১২ খনকৈ চাহ বাগিচাৰ শ্ৰমিকসকলে ২০২৩ৰ নৱেম্বৰৰ পৰাই নিয়মীয়াকৈ লাভ কৰা নাই দৈনিক মজুৰি । তদুপৰি এইসকল শ্ৰমিকে ৰেচনৰ লগতে আন আন সা-সুবিধাসমূহো লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷

জীৱন ধাৰণৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে বাগিচাকেইখনত কৰ্মৰত চাহ শ্ৰমিকসকল ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে কোম্পানীটোৱে শ্ৰমিকসকলৰ এমাহৰ মজুৰি মোকলাই দিছিল যদিও নিৰ্বাচনৰ পিছতে পুনৰ মজুৰি বন্ধ হৈ পৰাত হাহাকাৰ কৰিবলগীয়া হৈছে শ্ৰমিকসকলে ৷

ইয়াৰ প্ৰতিবাদত শুকুৰবাৰে ডিব্ৰুগড়ৰ খোৱাং চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ মৰাণ শাখাৰ উদ্যোগত আৰু খোৱাং, বামুণবাৰী, হিংৰিজান উপ-শাখাৰ সহযোগত ৩ ঘণ্টীয়া এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

এই কাৰ্যসূচীৰ জৰিয়তে আটছাই বাগিচাকেইখনৰ চাহ শ্ৰমিকসকলৰ সমস্যা শীঘ্ৰে সমাধানৰ দাবী জনাইছে ৷ লগতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক এণ্ড্ৰিউ য়ুল কোম্পানীৰ সৈতে শীঘ্ৰে আলোচনা কৰি শ্ৰমিকৰ সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে ৷

উল্লেখ্য যে, এই কোম্পানীটোৰ অধীনত মৰাণৰ খোৱাং, বামুণবাৰী, হিংৰিজানকে ধৰি ডিব্ৰুগড় আৰু যোৰহাট জিলাত মুঠ ১২ খনকৈ চাহ বাগিচা আছে ৷ আটছাই অসম চাহ মজদুৰ সংঘৰ সম্পাদক তথা বিজেপি দলৰ বিধায়ক ৰূপেশ গোৱালাই এই বাগিচাসমূহৰ শ্ৰমিকৰ সমস্যাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি সমালেচনা কৰে ৷ এনে ব্যৱস্থা অব্যাহত থাকিলে শীঘ্ৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে আটছাই ৷

লগতে পঢ়ক:প্ৰাপ্য়ৰ দাবীত শ্ৰমিকে ঘেৰাও কৰিলে হোলোংগুৰি চাহ বাগিচাৰ কাৰ্যালয় - Protest In Tea Estate

শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল দুলীয়াজানৰ জুটুলীবাৰী চাহ বাগিচা - Tea Estate Labour Protest

জব কাৰ্ডৰ জৰিয়তে বাগিচাত পাত নোতোলাৰ হুংকাৰ ক্ষুব্ধ শ্ৰমিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.