জব কাৰ্ডৰ জৰিয়তে বাগিচাত পাত নোতোলাৰ হুংকাৰ ক্ষুব্ধ শ্ৰমিকৰ - Protest at Dhekiajuli tea estate in Moriani
🎬 Watch Now: Feature Video


Published : December 12, 2023 at 5:42 PM IST
যোৰহাট, ১২ ডিচেম্বৰ: যোৰহাট জিলাৰ মৰিয়নীত চাহ শ্ৰমিকক লৈ ভয়ংকৰ ষড়যন্ত্ৰত নামিল বাগিচা কৰ্তৃপক্ষ । মৰিয়নীৰ ঢেকিয়াজুলি চাহ বাগিচাৰ শ্ৰমিকক জব কাৰ্ডৰে চাহ বাগানত মকৰল কৰাক লৈ শ্ৰমিকে প্ৰতিবাদ সাব্য়স্ত কৰে । মৰিয়নী সমষ্টিৰ পূৰ্বৰ অসম চাহ নিগমৰ অন্তৰ্গত আৰু বৰ্তমান জালিংগা টি এণ্ড কোম্পানীক লীজত দিয়া ঢেকিয়াজুলি চাহ বাগিচাৰ শ্ৰমিকক কোম্পানী কৰ্তৃপক্ষই জব কাৰ্ডৰ জৰিয়তে বাগিচাৰ পাত তোলা আদিত নিয়োগ কৰাত সৰৱ হৈ পৰিছে শ্ৰমিকসকল ।
ইপিনে, শ্ৰমিকক অন্যান্য কামত মকৰল কৰাৰ নিৰ্দেশক লৈ জাঙুৰ খাই উঠিছে চাহ শ্ৰমিকৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থা । আজি স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্ত আৰু মৰিয়নী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কুইন গগৈ বাগিচাখনত উপস্থিত হৈ শ্ৰমিক সকলৰ লগত আলোচনা কৰে যদিও শ্ৰমিক সকলে কোনো কাৰণতে জব কাৰ্ডৰ অধীনত কাম নকৰে বুলি স্পষ্ট কৰি দিয়ে । তেওঁলোকে প্ৰশাসনৰ বিৰুদ্ধে উত্তাল প্ৰতিৱাদ সাব্যস্ত কৰে । উল্লেখ্য় যে একাংশ বাগিচা কৰ্তৃপক্ষই চাহ শ্ৰমিকক স্বজন-তোষণৰ নীতিৰ দ্বাৰা বশ কৰিবলৈ চেষ্টা কৰাৰ পিছতো সংশ্লিষ্ট বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত চাহ শ্ৰমিক সমাজে নিজৰ প্ৰাপ্য অধিকাৰ বাবে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক:মহানগৰীৰ হাতীগাঁও হাইস্কুলত পঞ্চ শ্বহীদলৈ আছুৰ শ্ৰদ্ধাঞ্জলি