ETV Bharat / entertainment

Hrithik Roshan Sussanne:হৃত্বিকৰ মুখত প্ৰাক্তন পত্নী চুজেনৰ প্ৰশংসা

author img

By

Published : Jun 4, 2022, 10:50 AM IST

সামাজিক মাধ্যমত চুজেনৰ প্ৰশংসাত পঞ্চমুখ হৃত্বিক ৰোছন (Hrithik Roshan Sussanne) ৷ কিহৰ বাবে বিচ্ছেদৰ পিছতো ইমানকৈ প্ৰশংসা কৰিলে অভিনেতাজনে জানো আহকচোন-

Hrithik Roshan Sussanne
হৃত্বিকৰ মুখত প্ৰাক্তন পত্নী চুজেনৰ প্ৰশংসা

চিটাৰা ডেস্ক, 4 জুন : বলীউডৰ ষ্টাইলিছ অভিনেতা হৃত্বিক ৰোছন পেছাদাৰী জীৱনতকৈ তেওঁৰ ব্যক্তিগত জীৱনৰ বাবেহে বেছিকৈ চৰ্চাত থাকে । এইবাৰে হৃত্বিক চৰ্চালৈ আহিছে প্ৰাক্তন পত্নী চুজেন খানক প্ৰশংসা কৰি । চুজেন আৰু হৃত্বিকৰ ইতিমধ্যেই বিবাহ বিচ্ছেদ হৈছে । কিন্তু তাৰ পিছতো দুয়োৰে মাজত এক ভাল সম্পৰ্ক বৰ্তি আছে (Hrithik Roshan Sussanne) । সন্তানৰ বাবে দায়িত্ব পালন কৰা সময়ত সদায় এক হৈ পৰে হৃত্বিক আৰু চুজেন ৷

শেহতীয়াকৈ হৃত্বিকৰ প্ৰাক্তন পত্নী চুজেন খানে হুইস্কি ব্ৰেণ্ড চিৱাছ ৰিগালৰ এটা নতুন ব্ৰেণ্ড মুকলি কৰে । ব্ৰেণ্ড মুকলিৰ অনুষ্ঠানত চুজেনৰ সৈতে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা আৰ্ছলান গোনিৰ সৈতে হৃত্বিক ৰোছনো উপস্থিত আছিল ৷ উক্ত অনুষ্ঠানত তোলা ফটোবোৰ সংগ্ৰহ কৰি চুজেনে এটা ভিডিঅ' প্ৰস্তুত কৰে আৰু তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰে ( Sussanne Khan instagram) ৷ ভিডিঅ’টোত চুজেন, হৃত্বিক, আৰ্ছলান সকলোকে একেলগে দেখা গৈছে ৷

হৃত্বিকেও নিজৰ ইনষ্টা ষ্টোৰীত চুজেনক লৈ এটা টোকা লিখে (Hrithik Roshan instagram) ৷ হৃতিকে চুজেনৰ ইনষ্টাগ্ৰাম পোষ্টটোত মন্তব্য কৰিছিল । তেওঁ লিখিছিল, "বহুত অভিনন্দন চুজান" ৷ ইয়াৰ লগতে হৃতিকে ভিডিঅ'টো ইনষ্টাগ্ৰাম ষ্ট'ৰীজত পুনৰ পোষ্ট কৰে আৰু লিখে, "আপোনাৰ বাবে গৌৰৱান্বিত চুজেন । আপুনি এজন চুপাৰষ্টাৰ ।"

বিচ্ছেদৰ পিছতো এনেদৰে ভাল বন্ধু হৈ থকা হৃত্বিক চুজেনৰ এই আচৰণে আপ্লুত কৰিছে নেটিজেনক ৷

লগতে পঢ়ক: বিবাহ বাৰ্ষিকীত পুৰণিক ৰোমন্থন কৰিলে Big B য়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.