হালোৱাটিঙত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

By

Published : Jun 4, 2022, 12:52 PM IST

thumbnail

অসম নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত শুকুৰবাৰে নিশা পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী (Leopard trapped at Halwating)৷ হালোৱাটিং বৰছিলা চাহ বাগিচাৰ 18 নং লাইনত পিঞ্জৰাবদ্ধ হয় প্ৰায় 15 বছৰীয়া মতা নাহৰফুটুকীটো ৷ অঞ্চলটোৰ ৰাইজে উল্লেখ কৰা অনুসৰি, দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে ৷ আনকি এই নাহৰফুটুকীটোৰ আক্ৰমণত আহত হয় অনু ঘাটোৱাৰ নামৰ এগৰাকী মহিলাও ৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি ত্ৰাস চলাই আহিছিল বাঘটোৱে ৷ বিগত এমাহৰ পূৰ্বে বৰছিলা বাগিচাৰ সহযোগত হালোৱাটিং বন বিভাগে বাগিচাত এটা পিঞ্জৰাও ব্যৱস্থা কৰিছিল ৷ অৱশেষত শুকুৰবাৰে নিশা বন বিভাগে পতা এই পিঞ্জৰাত আবদ্ধ হয় এই নাহৰফুটুকীটো ৷ ইফালে শনিবাৰে পুৱাই পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকীটোক চাবলৈ অঞ্চলটোৰ বহু ৰাইজে ভিৰ কৰেহি হালোৱাটিং বৰছিলা চাহ বাগিচাত ৷ বন বিভাগে উল্লেখ কৰা অনুসৰি, পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকীটোক কাজিৰঙাত চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.