ETV Bharat / state

বৰডুবিৰ বৰুৱাহোলাত বাহনসহ জব্দ বৃহৎ পৰিমাণৰ চোৰাং কণ্ডেনচেট তেল

author img

By

Published : Jun 4, 2022, 10:06 AM IST

উজনি অসমত সক্ৰিয় হৈছে চোৰাং তেল চোৰ চক্ৰ ৷ শনিবাৰে দুলীয়াজান অইল ইণ্ডিয়াৰ পৰা চুৰি হোৱা বৃহৎ পৰিমাণৰ চোৰাং কণ্ডেনচেট তেল জব্দ কৰা হৈছে ৷ বৰডুবি আৰক্ষীয়ে এক অভিযানত গাড়ীসহ জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ কণ্ডেনচেট তেল (Tanker With Smuggled Oil Seized) ৷

anker With Smuggled Oil Seized
বৰডুবিৰ বৰুৱাহোলাত বাহনসহ জব্দ বৃহৎ পৰিমাণৰ চোৰাং কণ্ডেনচেট তেল

মৰাণ, 4 জুন : অইল ইণ্ডিয়া লিমিটেডত সক্ৰিয় কণ্ডেনচেট তেলচুৰি চক্ৰ । অইল নিৰাপত্তা বিভাগ আৰু বৰডুবি আৰক্ষীয়ে শুকুৰবাৰে যুটীয়াভাৱে চলাই এক অভিযান ৷ এই অভিযানত দলটোৱে অইল ইণ্ডিয়া লিমিটেডৰ বৃহৎ পৰিমাণৰ চোৰাং কণ্ডেনচেট তেল জব্দ কৰিবলৈ সক্ষম হয় (Tanker With Smuggled Oil Seized)।

ঘটনাৰ বিৱৰণি অনুসৰি, অভিযানকৰী দলটোৱে বৰডুবিৰ বৰুৱাহোলা মাটিয়াখানা তিনিআলিত অতৰ্কিতে অভিযান চলাই প্ৰথমে এ এচ 23 চি চি 3205 নম্বৰৰ এখন ডাম্পাৰ জব্দ কৰে । জব্দকৃত বাহনখনৰ পৰা অভিযানকৰী দলটোৱে অইলৰ 2800 লিটাৰ চোৰাং কণ্ডেনচেট তেলৰ গিলান জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষী বিষয়া

ঘটনাস্থলীত অভিযানকাৰী দলটোৰ উপস্থিতি উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পৰখনৰ চালক আৰু তেওঁৰ সহযোগী ৷ ইফালে ঘটনা সন্দৰ্ভত অইল নিৰাপত্তা বিভাগে বৰডুবি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ।

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এক গোচৰ ৰুজু কৰি অভিযুক্তক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ৷ অৱশ্যে এই পৰ্যন্ত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই বৰডুবি আৰক্ষীয়ে ।

লগতে পঢ়ক : মহানগৰীৰ শিলপুখুৰীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.