মহানগৰীৰ শিলপুখুৰীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

By

Published : Jun 3, 2022, 9:45 PM IST

thumbnail

এইবাৰ শিলপুখুৰীৰ OMYAA কাৰ্যালয়স্থিত ON Roll Suport Service নামৰ ক'ল চেণ্টাৰত ক্ৰাইম ব্ৰাঞ্চে চলালে অভিযান(Crime Branch investigation at Silpukhuri in Guwahati) ৷ আন্তঃৰাষ্ট্ৰীয় ভূৱা ক'ল চেণ্টাৰ উৎখাত মহানগৰ ক্ৰাইম ব্ৰাঞ্চৰ ৷ কিছুদিন পূৰ্বে উলুবাৰীস্থিত Venus Business solution নামৰ এটা ক'ল চেণ্টাৰত চলাইছিল এই অভিযান । প্ৰায় ছমাহ ধৰি এই দুয়োটা ক'ল চেণ্টাৰৰ পৰা নিয়ন্ত্ৰণ হৈ আছিল বহু আন্তঃৰাষ্ট্ৰীয় ফোন ক'ল । অভিযোগ অনুসৰি এই ক'ল চেণ্টাৰটোৱে লুটিছিল কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ১৬০ কোটিৰো অধিক ৰাজহ ৷ এই ক'ল চেণ্টাৰৰ পৰা ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে বীৰেন্দ্ৰ বৰুৱা আৰু ৰাজেশ শিৱা নামৰ দুজন যুৱকক ৷ তথ্য মতে, হায়দৰাবাদৰ পৰা নিয়ন্ত্ৰণ হৈ আছিল এই ক'ল চেন্টাৰটো ৷ আন্তঃৰাষ্ট্ৰীয় যিকোনো ক'ল লোকেল ক'ললৈ ৰূপান্তৰ কৰিছিল ক'ল চেন্টাৰটোৱে ৷ যাৰ ফলত কোনে কাৰ লগত যোগাযোগ কৰিছে সেই তথ্য সহজতে ফাদিল হোৱা নাছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.