ETV Bharat / sukhibhava

কেলেণ্ডুলা : ছালৰ ৰঙা পৰা আৰু দাগ নাইকীয়া কৰাৰ ৰহস্য

author img

By

Published : Jun 4, 2022, 12:01 PM IST

সকলোৱে ফুল ভাল পায় ৷ ফুলদানিত সজোৱাৰ পৰা আৰম্ভ কৰি কেশসজ্জালৈকে সকলোতে আমি ফুল ব্যৱহাৰ কৰো ৷ বিভিন্ন প্ৰকাৰৰ ফুলত বিভিন্ন ধৰণৰ উপাদান নিহিত হৈ থাকে, বিশেষকৈ ছালৰ বাবে উপকাৰী উপাদান ইয়াত পোৱা যায় ৷ ইয়ে ছালক সজীৱ কৰি ৰখাৰ লগতে মইশ্চৰাইজ কৰি ৰাখে ৷ তেনে এক ফুলৰ নাম হৈছে কেলেণ্ডুলা ৷

Calendula - The secret for reducing reduce redness and blemishes
কেলেণ্ডুলা

ভূমধ্য সাগৰীয় অঞ্চলত পোৱা এবিধ ফুল হৈছে কেলেণ্ডুলা, যাক মেৰিগ’ল্ড বুলিও কোৱা হয় ৷ কেলেণ্ডুলা হৈছে ঘৰুৱা বাগিচাৰ এক জনপ্ৰিয় আলংকাৰিক উদ্ভিদ ৷ এই ফুলবিধ ইয়াৰ সৌন্দৰ্য আৰু সুন্দৰ ভেষজ সুগন্ধিৰ বাবে বিখ্যাত ৷ এই ফুলৰ পাত, পাহি আৰু বীজ আয়ুৰ্বেদিক আৰু চীনা ঔষধত বীজাণুনাশক হিচাপে ব্যৱহাৰ কৰা হয় ৷ পশ্চিমীয়া ঔষধতো ইয়াক ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ আৰোগ্যকাৰী গুণাগুণৰ বাবে, জ্বলা-পোৰাৰ পৰা আৰম্ভ কৰি ছালৰ শুষ্কতালৈকে যিকোনো ৰোগে আৰোগ্য কৰিব পাৰে ৷ ভাৰতৰ এক আগশাৰীৰ ছালৰ বিভিন্ন সমস্যাৰ সমাধানকাৰী ব্ৰেণ্ডৰ মেনেজাৰ ৰজত মাথুৰে ছালৰ যত্নৰ বাবে কেলেণ্ডুলাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত মত প্ৰকাশ কৰিছে :

  • জ্বলা-পোৰাৰ সমস্যাক দিয়ক বিদায় (Say bye to inflammation) : প্ৰদাহ অথবা যিকোনো আঘাত ছালৰ বাবে যথেষ্ট ক্ষতিকাৰক হ'ব পাৰে । কেলেণ্ডুলা হৈছে প্ৰদাহ আৰু বেক্টেৰিয়া প্ৰতিৰোধী গুণেৰে সমৃদ্ধ এক প্ৰাকৃতিক ঔষধ । ই ব্রণ, চানবাৰ্ণ, ৰোজাচিয়া, চ'ৰিয়েচিছ, একজিমা বা কোলাজেনে আঘাত পোৱাৰ ফলত হোৱা ছালৰ জ্বলা-পোৰাৰ পৰা সকাহ দিব পাৰে । কেলেণ্ডুলাত পোৱা ফ্লেভোনইড, চেপোনিন আৰু ট্ৰাইটাৰপেনইডৰ প্ৰদাহ প্ৰতিৰোধী গুণাগুণ থকা দেখা গৈছে ।
  • দাগৰ পৰা মুক্তি (No more scars) : সংবেদনশীল, তেলেতীয়া বা শালমইনা প্ৰৱণ ছালৰ বাবে কেলেণ্ডুলা উৎকৃষ্ট বুলি প্ৰমাণিত হৈছে । ই ছালত পৰা যিকোনো গাঢ় দাগ, ব্ৰণ, শালমইনাৰ পৰা হোৱা দাগ আদিৰ দৰে সমস্যাৰ সমাধানত সহায় কৰে ৷ ইয়ে ছালৰ কঠিনতা দূৰ কৰি ছালক নিমজ আৰু মিহি কৰি তোলে ৷
  • মইশ্ব’ৰাইজড স্কীন (Moisturized skin) : বিভিন্ন কাৰণত নিস্তেজ হৈ পৰিব পাৰে আপোনাৰ ছাল ৷ ছাল শুকান হৈ পৰাৰ ফলত খজুৱতিৰ পৰা আৰম্ভ কৰি ছালৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ কেলেণ্ডুলা হৈছে প্ৰাকৃতিকভাৱে ছালক মইশ্চৰাইজ কৰি ৰখাৰ উৎকৃষ্ট উপায় । কেলেণ্ডুলাৰ পৰা তৈয়াৰ কৰা তেলে ছালৰ স্তৰসমূহ মইশ্বৰাইজ কৰি ছালক সজীৱ কৰি ৰাখে ৷
  • কোলাজেন উৎপাদন বৃদ্ধি কৰে (Increases Collagen Production) : কোলাজেন হৈছে মুখ্য প্ৰ'টিন যিয়ে ছালৰ গাঁথনি উন্নত কৰে । কেলেণ্ডুলা ছালৰ প্ৰসাধন সামগ্ৰীত বহুলভাৱে ব্যৱহাৰ হয় ৷ ইয়াত যথেষ্ট পৰিমাণৰ এণ্টি অক্সিডেণ্ট থাকে ৷ যি ছালৰ কোঁচ খোৱা, ছালত পৰা বলিৰেখা প্ৰতিৰোধত সহায় কৰে ।
  • ৰ’দৰ পৰা সুৰক্ষা (Gives Sun Protection) : যদি আপুনি চানস্ক্ৰীণ ব্যৱহাৰ নকৰে, তেন্তে ছালখনে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে । সুৰক্ষা অবিহনে, অত্যাধিক সূৰ্যৰ পোহৰ লাভ বা UV ৰশ্মিয়ে ছালত পোৰণিৰ সৃষ্টি কৰিব পাৰে ৷ কেলেণ্ডুলাই ছাল পুনৰুজ্জীৱিত কৰিব পাৰে ৷ ইয়াক প্ৰাকৃতিক ছানস্ক্ৰীণ হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷
  • ছালৰ স্বাস্থ্যৰ সহায়ক (Aids in skin health) : কেলেণ্ডুলা তেলত প্ৰদাহ প্ৰতিৰোধী ক্ষমতা থাকে ৷ কেলেণ্ডুলাই ছাললৈ তেজৰ প্ৰবাহত সহায় কৰাৰ লগতে অক্সিজেন পৰিবাহী ক্ষমতা উন্নত কৰে ৷ কোনো লোকৰ শৰীৰত ছালে সঠিকভাৱে কাম কৰাৰ ক্ষেত্ৰতো ই সহায়ক হয় ৷
  • ছালৰ খজুৱতি নিৰাময় কৰে (Cures irritated skin) : কেইবাটাও আভ্যন্তৰীণ আৰু বাহ্যিক কাৰকৰ ফলত ছালৰ জ্বলা-পোৰা হ'ব পাৰে । ইয়াৰ প্ৰাৰম্ভিক লক্ষণবোৰ হৈছে- ছালৰ খজুৱতি, ৰঙা পৰা আৰু অস্বস্তি অনুভৱ কৰা । কেলেণ্ডুলাৰ আৰামদায়ক গুণাগুণে ছালৰ যিকোনো সমস্যা আঁতৰ কৰাত সহায় কৰিব পাৰে ।

এই ফুলবিধ ইয়াৰ গুণাগুণৰ বাবে কেইবাশতিকা ধৰি ব্যৱহাৰ হৈ আহিছে ৷ ছালৰ সঠিক যত্ন আৰু ইয়াৰ সমস্যাসমূহ আঁতৰোৱাৰ ক্ষেত্ৰত কেলেণ্ডুলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷

লগতে চাওক: Coffee and Cancer: কফি কৰ্কট ৰোগৰ কাৰণ হ'ব পাৰে নেকি?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.