ETV Bharat / bharat

ত্ৰিপুৰাৰ প্ৰতিটো ভোটকেন্দ্ৰকে অতি স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰাৰ আহ্বান CPI(M)ৰ

author img

By

Published : Jun 4, 2022, 12:54 PM IST

ত্ৰিপুৰা আহি থকা উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্য নিৰ্বাচনী বিষয়ালৈ চিপিআই(এম) দলৰ বিশেষ পত্ৰ । নিৰ্বাচনী হ'বলগীয়া সমষ্টি কেইটাৰ প্ৰতিটো ভোটকেন্দ্ৰক অতি স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰিবলৈ চিপিআইএমৰ আহ্বান (CPIM leader asked to treat all polling booths as hypersensitive)। সমষ্টি কেইটাত বিজেপিয়ে হিংসাত্মক ঘটনা সংঘটিত কৰাৰো অভিযোগ কৰিছে ।

bye election
প্ৰতিটো ভোটকেন্দ্ৰকে অতি স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰক

আগৰতলা,৪ জুন : অহা ২৩ জুনত ত্ৰিপুৰা বিধানসভাৰ চাৰিখন আসনত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন (Tripura bye election 2022)। উপ-নিৰ্বাচনক লৈ ৰাজ্যখনত ৰাজনৈতিক দলবোৰৰ মাজত ব্যস্ততা বৃদ্ধি পাইছে । আনহাতে শাসকীয় বিজেপি আৰু চিপিআই(এম) দলকে ধৰি বাকী বিৰোধী দলসমূহৰ মাজত নিৰ্বাচনকেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে । ইয়াৰ মাজতে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াক চিপিআই(এম) দলে বিশেষ আহ্বান জনালে ।

প্ৰতিটো ভোটকেন্দ্ৰকে অতি সংবেদনশীল হিচাপে বিবেচনা কৰি সেইবোৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ আহ্বান জনালে চিপিআই(এম) দলে (CPIM leader asked to treat all polling booths as hypersensitive)। মুখ্য নিৰ্বাচনী বিষয়া কিৰণ গিটেলৈ এই সন্দৰ্ভত এখন পত্ৰও লিখিলে চিপিআইএমৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে । পত্ৰখনত তেওঁ উল্লেখ কৰা মতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ তিনি দিন পূৰ্বৰে পৰা ভোটকেন্দ্ৰৰ অঞ্চলবোৰত কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীক মোতায়েন কৰাটো অতি দৰকাৰ । যাৰ দ্বাৰা ভোটাৰসকলৰ আত্মবিশ্বাস গঢ়ি উঠিব বুলি তেওঁ দাবী কৰে ।

চিপিআই(এম)ৰ নেতাগৰাকীয়ে পত্ৰখনত দাবী কৰা মতে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া অঞ্চলবোৰত শাসকীয় বিজেপিয়ে শেহতীয়াকৈ হিংসাত্মক কাৰ্যকলাপ আৰম্ভ কৰিছে (CPIM accused of violent activities by BJP in Tripura)। সেয়েহে চাৰিওটা সমষ্টিৰ আটাইবোৰ ভোটকেন্দ্ৰকে তেওঁ স্পৰ্শকাতৰ হিচাপে গণ্য কৰিবলৈ আহ্বান জনায় ।

লগতে ভোটকেন্দ্ৰবোৰত তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলৈও নিৰ্বাচনী বিষয়াক আহ্বান জনায় । লগতে ভোটকেন্দ্ৰবোৰত চিচিটিভি কেমেৰা স্থাপন কৰি তীক্ষ্ণ নজৰত ৰাখিবলৈও আহ্বান জনায় । যাতে কোনো দুৰ্বৃত্তই কেন্দ্ৰবোৰত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে ।

লগতে পঢ়ক :ত্ৰিপুৰাত বিজেপিয়ে চলাইছে হিংসাত্মক কাৰ্যকলাপ : CPIM নেতা জীতেন্দ্ৰ চৌধুৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.