ETV Bharat / bharat

ত্ৰিপুৰাত বিজেপিয়ে চলাইছে হিংসাত্মক কাৰ্যকলাপ : CPIM নেতা জীতেন্দ্ৰ চৌধুৰীৰ

author img

By

Published : Jun 3, 2022, 2:17 PM IST

উপ নিৰ্বাচনৰ (Tripura bye election 2022) পূৰ্বে ত্ৰিপুৰাৰ ৪ টাকৈ সমষ্টিত উত্তেজনা বৃদ্ধি পাইছে । সমষ্টি কেইটাত চিপিআই(এম)ৰ কৰ্মী আৰু নেতাৰ ওপৰত আক্ৰমণ চলাইছে দুৰ্বৃত্তই । বিজেপি সমৰ্থিত দুৰ্বৃত্তই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগ চিপিআইএমৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীৰ । ঘটনাবোৰ পৰ্যালোচনা কৰিবলৈ মুখ্য নিৰ্বাচনী বিষয়া আহ্বান চিপিআই(এম)ৰ ।

CPIM
ত্ৰিপুৰাত বিজেপিয়ে চলাইছে হিংসাত্মক কাৰ্যকলাপ

আগৰতলা,৩ জুন : অহা ২৩ জুনত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন (Tripura bye election 2022)। ৪ খন আসনত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । ইতিমধ্যে বিভিন্ন দলৰ নেতাসকলৰ মাজতো নিৰ্বাচনকেন্দ্ৰিক বাকযুদ্ধ আৰম্ভ হৈছে । ইয়াৰ মাজতে বিৰোধী চিপিআই(এম) দলৰ শাসকীয় বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ।

দলটোৱে অভিযোগ কৰা মতে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত বিজেপি সমৰ্থিত একাংশ দুৰ্বৃত্তই হিংসাত্মক ঘটনা সংঘটিত কৰিছে (BJP conducts violent activities in Tripura )। সংবাদমেল সম্বোধন কৰি চিপিআইএমৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে এই অভিযোগ উত্থাপন কৰে (CPIM leader Jitendra Choudhury criticized BJP)। তেওঁ অভিযোগ কৰা মতে শেহতীয়াকৈ বিজেপি সমৰ্থিত দুৰ্বৃত্তই চিপিআইএম দলৰ কৰ্মী, নেতাসকলক আক্ৰমণ কৰিছে ।

কেৱল এয়াই নহয় চিপিআই(এম)ৰ কৰ্মীসকলৰ পৰিয়ালকো ভয় ভাবুকি দিছে বিজেপিৰ সমৰ্থিত দুৰ্বৃত্তই । এই সমগ্ৰ ঘটনা সম্পৰ্কে ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াক লিখিতভাৱে জনাইছে চিপিআইএম দলে । চিপিআইএমৰ নেতাগৰাকীয়ে নিৰ্বাচনী বিষয়াগৰাকীলৈ লিখিছিল যে ২৭ মে'ত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত বিজেপিৰ বাহিৰে বাকী সকলো দলে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল । কিয়নো ৰাজ্যখনত বাইক লৈ অহা একাংশ দুৰ্বৃত্তই হিংসাত্মক ঘটনা সংঘটিত কৰি আহিছে (BJP backed miscreants carry out terror in Tripura)।

চিপিআইএমৰ নেতাগৰাকীয়ে অভিযোগ কৰা মতে ধলাই জিলাৰ চালেমাত তেওঁৰ বাসগৃহত উপ-নিৰ্বাচনৰ সন্দৰ্ভত চিপিআই (এম)ৰ শ্ৰমিক সভা অনুষ্ঠিত কৰাৰ সময়তো আক্ৰমণ কৰা হৈছিল । ইফালে ধলাই জিলাৰ মাণিকবান্দৰত দলৰ প্ৰাৰ্থী অঞ্জন দাসে মনোনয়ন দাখিল কৰাৰ সময়ত চিপিআই(এম)ৰ শোভাযাত্ৰাত যোগদান কৰাৰ বাবেই চিপিআই(এম)ৰ দুজন কৰ্মীৰ দোকান বিজেপিৰ গুণ্ডাবাহিনীয়ে লণ্ডভণ্ড কৰিছিল ।

কেৱল এয়াই নহয় নেতাগৰাকীয়ে অভিযোগ কৰা মতে বুধবাৰে বিজেপি কৰ্মীসকলে চিপিআই(এম)ৰ প্ৰাৰ্থী অঞ্জন দাসৰ বাসগৃহৰ সমীপৰ গাওঁবাসীৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাবে ভাবুকি দিছিল । এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে চিপিআই(এম)ৰ নেতাগৰাকীয়ে । চিপিআইএমৰ বিধায়ক তথা চিপিআই(এম)ৰ ৰাজ্যিক সচিবালয়ৰ সদস্য ৰতন কুমাৰ ভৌমিককো বিজেপিৰ দুৰ্বৃত্তই আক্ৰমণ কৰাৰ কথা উল্লেখ কৰে চিপিআইএমৰ নেতা জীতেন্দ্ৰ চৌধুৰীয়ে ।

সমগ্ৰ ঘটনা সম্পৰ্কে মুখ্য নিৰ্বাচনী বিষয়াক অৱগত কৰাৰ লগতে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় জীতেন্দ্ৰ চৌধুৰীয়ে । বিষয়াগৰাকীক এই নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ চিপিআই(এম) নেতাগৰাকীয়ে অনুৰোধ জনায় ।

লগতে পঢ়ক :বাংলাদেশত প্ৰৱেশ কৰিবলৈ যাওঁতেই ত্ৰিপুৰাত আটক ৮ ৰোহিংগীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.