ETV Bharat / bharat

বাংলাদেশত প্ৰৱেশ কৰিবলৈ যাওঁতেই ত্ৰিপুৰাত আটক ৮ ৰোহিংগীয়া

author img

By

Published : Jun 3, 2022, 10:30 AM IST

বাংলাদেশত প্ৰৱেশ কৰিবলৈ যাওতেই আৰক্ষীয়ে আটক কৰে ৰোহিংগীয়া কেইজনক(Tripura police detain eight Rohingyas)। দিল্লীৰ পৰা ৰেলযোগে গুৱাহাটীলৈ আহিছিল ৰোহিংগীয়া কেইজন । তাৰপিছত বিয়লি তেওঁলোকে গুৱাহাটীৰ পৰা আগৰতলালৈ এখন বাছত আহিছিল । প্ৰায় ১০ বছৰ ধৰি তেওঁলোক দিল্লীতে আছিল ।

Rohingyas
বাংলাদেশত প্ৰৱেশ কৰিবলৈ লওতেই ত্ৰিপুৰাত আটক ৮ ৰোহিংগীয়া

আগৰতলা,৩ জুন : ত্ৰিপুৰাত পুনৰ আটক ৰোহিংগীয়া (Rohingyas detained in Tripura) । ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ সোনামুৰা মহকুমাৰ ভেলুয়াৰচাৰ গাঁৱৰ পৰা বৃহস্পতিবাৰে আৰক্ষীয়ে ৮ জন ৰোহিংগীয়াক আটক কৰে(Tripura police detain eight Rohingyas)। ৰোহিংগীয়া কেইজনে বাংলাদেশত প্ৰৱেশ কৰিবলৈ সীমান্ত পাৰ হ'বলৈ গৈ আছিল বুলি জানিব পৰা গৈছে । আৰক্ষী সূত্ৰই জনোৱা মতে, কালামচৌৰা আৰক্ষী থানাৰ আৰক্ষী কৰ্মীয়ে তালাচী কৰি থকা অৱস্থাতে এখন বাহনৰ পৰা ৰোহিংগীয়া কেইজনক আৰক্ষীয়ে আটক কৰে ।

জেৰাৰ সময়ত জানিব পৰা গৈছে যে ৰোহিংগীয়া কেইজনে আগৰতলাৰ চন্দ্ৰপুৰ বাছ ষ্টেণ্ডৰ পৰা সীমান্ত পাৰ হ'বলৈ বক্সানগৰ অভিমুখে গৈ আছিল । আৰক্ষীৰ তালাচী চকী পোৱাৰ সময়তে আৰক্ষীৰ হাতত আটক হয় ৰোহিংগীয়া কেইজন । ৰোহিংগীয়া কেইজনে স্বীকাৰ কৰা মতে তেওঁলোকে প্ৰথমে দিল্লীৰ পৰা ৰেলযোগে অসমৰ গুৱাহাটীলৈ আহিছিল । তাৰ পিছত বিয়লি তেওঁলোকে গুৱাহাটীৰ পৰা আগৰতলালৈ এখন বাছত আহে ।

ৰোহিংগীয়া কেইজনক বৰ্তমান কালামচৌৰা আৰক্ষী থানাতে জেৰা চলায় থকা হৈছে । ৰহস্যজনকভাৱে আটাইকেইজনৰে লগত আধাৰ কাৰ্ড পোৱা গৈছে । ৰোহিংগীয়া কেইজনৰ ভিতৰত এজন পুৰুষ, দুগৰাকী মহিলা আৰু পাঁচগৰাকী নাবালকো আছে । আটকাধীন লোককেইজন ক্ৰমে আব্দুল হাছিম, ফাতেমা বেগম আৰু মনীষা বুলি জানিব পৰা গৈছে ।

ৰোহিংগীয়া কেইজনে উল্লেখ কৰা মতে তেওঁলোকৰ হাতত কোনো কাম নাছিল যাৰবাবে তেওঁলোকে দিল্লীৰ পৰা ত্ৰিপুৰালৈ গৈ তাৰপৰা সীমান্ত পাৰ হৈ বাংলাদেশত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছিল । জানিব পৰা মতে, প্ৰথমে তেওঁলোকক ম্যানমাৰৰ পৰা বাংলাদেশৰ এটা ৰোহিংগীয়া শিবিৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু তাৰ পিছত নতুন দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল । তেওঁলোকে উল্লেখ কৰা মতে প্ৰায় ১০ বছৰ ধৰি তেওঁলোক দিল্লীতে আছিল ।

লগতে পঢ়ক :ত্ৰিপুৰাত BJP সমৰ্থিত প্ৰাৰ্থীয়ে CPI(M)ৰ প্ৰাৰ্থীক প্ৰহাৰ কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.