ETV Bharat / state

Top ten news: পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Dec 7, 2022, 11:00 AM IST

top ten news
পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

Winter session of Parliament: 17 দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ সংসদৰ শীতকালীন অধিবেশন

আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন ২০২২ (Winter session of Parliament)। লোকসভাৰ বুলেটিন অনুসৰি চৰকাৰে এই অধিবেশনত ১৬ খন নতুন বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে । একে সময়তে কংগ্ৰেছে সিদ্ধান্ত লৈছে যে, সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত সীমান্তৰ পৰিস্থিতি, অৰ্থনীতিৰ অৱস্থা, অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণ আদি বিষয়ত আলোচনাৰ দাবী জনাব ।

MCD Election results : আজি ঘোষণা হ'ব দিল্লীৰ পৌৰ নিৰ্বাচনৰ ফলাফল

পুৱা ৮ বজাৰ পৰাই দিল্লী পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে (MCD election vote counting)। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২০ টা কোম্পানী আৰু কেন্দ্ৰসমূহত ১০,০০০ তকৈও অধিক আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে । দিল্লীৰ বিভিন্ন স্থানত ৪২ টা ভোট গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে ।

Cabinet at Gandhi Mandap: ঐতিহ্যমণ্ডিত গান্ধী মণ্ডপত বুধবাৰে কেবিনেট বৈঠক

এইবাৰ গুৱাহাটীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক(Assam Government cabinet meeting) ৷ ইয়াকে লৈ ব্যস্ততা বাঢ়িছে নেতা-মন্ত্ৰীসকলৰ লগতে জিলা প্ৰশাসন আৰু বিভাগীয় বিভাগসমূহৰ মাজত (Assam Government cabinet meeting will be in Guwahati)।

APSC Scam: ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ কাৰ্যকাল বৃদ্ধি

অসম লোকসেৱা আয়োগত ২০১৪ চনত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰে ২০ মে'ত অৰ্পণ কৰিছিল ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক (APSC Appointment scam) । ছমাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ দিন নিৰ্ধাৰণ কৰা হৈছিল যদিও পুনৰ ছমাহৰ বাবে আয়োগৰ কাৰ্যকাল বৃদ্ধি কৰা হয় ।

FIFA World Cup 2022: পৰ্তুগালৰ বিজয়ৰ নায়ক হৈ পৰিল নৱাগত গ’নচেলো ৰামোছ

ছুইজাৰলেণ্ডৰ বিৰুদ্ধে হেট্ৰিক কৰি পর্তুগালক ৬-১ গ’লত আগুৱাই লৈ গ’ল নৱাগত ফৰৱাৰ্ড খেলুৱৈ গ’নচেলো ৰামোছে (Goncalo Ramos scored hat trick) ৷ ক্ৰিষ্টিয়ানো ৰোনাল্ডো অবিহনেই ফিফা বিশ্বকাপৰ গ্ৰুপ 16 ত বিজয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে পৰ্তুগালে (Portugal vs Switzerland match report) ৷

Morocco advance at World Cup: স্পেইনক পৰাস্ত কৰি ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

পেনাল্টি শ্বুট আউটত স্পেইনক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ মৰক্কোৰ (Morocco beats Spain on penalties) ৷ মৰক্কোৱে কোৱাৰ্টাৰ ফাইনেলত পৰ্তুগালৰ বিৰুদ্ধে খেলিব (Qatar World Cup matches) ।

AKRASU protest in Morigaon: জনজাতিকৰণৰ দাবীত মৰিগাঁৱত AKRASU ৰ প্ৰতিবাদ

মঙলবাৰে সন্ধিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো কোচ ৰাজবংশী ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (AKRASU protest in Morigaon) । ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ৰাজ্যজুৰি সাব্যস্ত কৰা হয় এই প্ৰতিবাদ (AKRASU demands for tribal status) ৷

Himanta Biswa Sarma in Nalbari: নলবাৰীত মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা

৬৭৮.৪৩ কোটি টকা ব্যয় সাপেক্ষে নলবাৰীত ৯ টা কামৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে উত্তৰ-পূৱৰ প্ৰথমটো 3D তাৰকাগৃহ মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে(3D planetarium in Nalbari) ৷

Sex outside Marriage: বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক আৰু সহবাস নিষিদ্ধ হ’ল ইণ্ডোনেচিয়াত

ইণ্ডোনেছিয়া চৰকাৰে প্ৰণয়ন কৰিছে এখন নতুন আইন(Indonesia sex law) ৷ যি আইনৰ অধীনত কোনো লোকেই বিবাহৰ পূৰ্বে লিপ্ত হ’ব নোৱাৰিব যৌন সংগমত(sex before marriage) ৷ অন্যথা হ’ব পাৰে 3 বছৰ পৰ্যন্ত কাৰাদণ্ড(Indonesia new sex law) ৷ ইয়াৰ বিৰুদ্ধে দেশখনত সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ ৷

Gold ATM in Hydearabad:- হায়দৰাবাদত মুকলি ভাৰতৰ প্ৰথমটো সোণ ক্ৰয় কৰা ATM

ভাৰতত মুকলি কৰা হ’ল ভাৰতৰ প্ৰথমটো সোণ ক্ৰয় কৰিব পৰা বা সোণ উলিয়াব পৰা ATM (Gold ATM in India) ৷ যিটো ATMত আপুনি আপোনাৰ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি ক্ৰয় কৰিব পাৰিব সোণ(Gold withdraw by ATM) ৷ হায়দৰাবাদত 3ডিচেম্বৰত গ্ৰাহকৰ বাবে মুকলি কৰা হয় এই ATM(Gold ATM Hyderabad) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.