ETV Bharat / bharat

MCD Election results : আজি ঘোষণা হ'ব দিল্লীৰ পৌৰ নিৰ্বাচনৰ ফলাফল

author img

By

Published : Dec 7, 2022, 10:06 AM IST

পুৱা ৮ বজাৰ পৰাই দিল্লী পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে (MCD election vote counting)। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২০ টা কোম্পানী আৰু কেন্দ্ৰসমূহত ১০,০০০ তকৈও অধিক আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে । দিল্লীৰ বিভিন্ন স্থানত ৪২ টা ভোট গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে ।

MCD Election results
আজি ঘোষণা হ'ব দিল্লীৰ পৌৰ নিৰ্বাচনৰ ফলাফল

নেশ্যনেল ডেস্ক,৭ ডিচেম্বৰ : বুধবাৰে দিল্লীৰ পৌৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব (MCD election results)। দিল্লীৰ বিভিন্ন স্থানত ৪২ টা ভোট গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে । কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছে (MCD election vote counting)। দুপৰীয়া ১ মান বজাৰ ভিতৰত ফলাফল প্ৰায় স্পষ্ট হ'ব বুলি ভবা হৈছে । প্ৰথমে, ডাক বেলট গণনা কৰা হৈছে ।

ইফালে ভোট গণনাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । সকলো কেন্দ্ৰ ড্ৰোণ কেমেৰাৰ নিৰীক্ষণত আছে । ভোটকেন্দ্ৰৰ বাহিৰতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । যান-বাহনৰ পথবোৰো সলনি কৰা হৈছে । সকলো কেন্দ্ৰত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২০ টা কোম্পানী আৰু কেন্দ্ৰসমূহত ১০,০০০ তকৈও অধিক আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে ।

দেওবাৰে, ৫০.৭৪ শতাংশ ভোটাৰে দিল্লী পৌৰ নিগমৰ ২৫০ টা ৱাৰ্ডৰ বাবে ভোট দান কৰিছে (Delhi Municipal Corporation Election)। পূৰ্বৰ নিৰ্বাচনৰ তুলনাত ভোটাৰৰ সংখ্যা তুলনামূলকভাৱে কম । বখতাৱাৰপুৰত সৰ্বাধিক ভোটদানৰ হাৰ ৬৫.৭৪ শতাংশ আৰু এণ্ড্ৰিউগঞ্জত সৰ্বনিম্ন ৩৩.৭৪ শতাংশ ভোটদান হৈছে ।

যোৱা তিনিটা দিল্লী পৌৰ নিগম নিৰ্বাচনৰ তথ্য চালে দেখা যায় যে ২০০৭ চনত ভোটদানৰ হাৰ আছিল মাত্ৰ ৪৩.২৪ শতাংশ, ২০১২ চনত ভোটদানৰ হাৰ ৫৩.৩৯ শতাংশলৈ বৃদ্ধি হৈছিল । ২০১৭ চনৰ নিৰ্বাচনত, ভোটদানৰ হাৰ সামান্য বৃদ্ধি হৈ ৫৩.৫৫ শতাংশ হৈছিল ।

এইবাৰ নিৰ্বাচনত ১,৩৪৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ইয়াৰ ভিতৰত, ৭০৯ গৰাকী মহিলা প্ৰাৰ্থী । বিজেপি আৰু আম আদমি পাৰ্টীয়ে আটাইকেইখন আসনতে তেওঁলোকৰ প্ৰাৰ্থী প্ৰদান কৰিছে । আনহাতে কংগ্ৰেছৰ ২৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ।

জেডিইউৱে ২৩ খন আসনত, আনহাতে এআইএমআইএমৰ ১৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । বিএছপিয়ে ১৭৪ খন, এনচিপিয়ে ২৯ খন, ইণ্ডিয়ান মুছলিম লীগে ১২ খন, কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াই (চিপিআই) ৩ খন, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকে ৪ খন আৰু এছ পি আৰু লোক জনশক্তি পাৰ্টিয়ে (ৰাম বিলাস) এখনকৈ আসনত প্ৰাৰ্থী প্ৰদান কৰিছে । ইয়াৰ উপৰিও, ৩৮২ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছিল ।

নিৰ্বাচন আয়োগে সমগ্ৰ দিল্লীত ১৩,৬৩৮ টা ভোটকেন্দ্ৰ স্থাপন কৰিছিল । য'ত প্ৰায় ১ লাখ কৰ্মচাৰী মোতায়েন কৰা হৈছিল । ভোটাৰসকলৰ সুবিধাৰ বাবে ৬৮ টা আদৰ্শ ভোটকেন্দ্ৰ আৰু ৬৮ টা গুলপীয়া ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল । এই ভোটকেন্দ্ৰসমূহত মুঠ ৪০ হাজাৰ নিৰাপত্তা কৰ্মী মোতায়েন কৰা হৈছিল । নিৰ্বাচনত ৫৬,০০০ ইভিএম যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল । নিৰ্বাচন আয়োগে বুথবোৰত চিচিটিভি স্থাপন কৰিছিল ।

উল্লেখ্য যে বিজেপিয়ে ২০০৭ চনৰ দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হৈছিল, যেতিয়া কেন্দ্ৰ আৰু দিল্লীত কংগ্ৰেছ চৰকাৰ আছিল (MCD election results in 2007)। কিন্তু বিজেপিয়ে ২০০৮ চনত দিল্লী বিধানসভা নিৰ্বাচনত জয়ী হ'ব নোৱাৰিলে । সেই সময়ছোৱাত, শীলা দীক্ষিত তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিছিল । বিজেপিয়ে ২০১২ চনত পুনৰ দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হৈছিল ।

অৱশ্যে, ২০১৩ চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনতো পৰাজিত হৈছিল বিজেপি । সেই বছৰে, অৰবিন্দ কেজৰিৱালে চৰকাৰ গঠন কৰে । অৱশ্যে, তেওঁৰ চৰকাৰ মাত্ৰ ৪৯ দিন আছিল । ইয়াৰ পাছত, দিল্লীত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয় । বিজেপিয়ে ২০১৭ চনত অনুষ্ঠিত দিল্লী পৌৰ নিগমৰ নিৰ্বাচনতো জয়ী হৈছিল । সেই সময়ছোৱাত আপ দ্বিতীয় স্থানত আছিল । অৱশ্যে, আপে ২০১৮ চনত দিল্লী বিধানসভা নিৰ্বাচনত জয়ী হৈছিল ।

লগতে পঢ়ক :National AYUSH Institutions : ১১ ডিচেম্বৰত মুকলি হ’ব তিনিখন ৰাষ্ট্ৰীয় আয়ুষ প্ৰতিষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.