AKRASU protest in Morigaon: জনজাতিকৰণৰ দাবীত মৰিগাঁৱত AKRASU ৰ প্ৰতিবাদ

By

Published : Dec 7, 2022, 10:45 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

মঙলবাৰে সন্ধিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো কোচ ৰাজবংশী ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (AKRASU protest in Morigaon) । ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ৰাজ্যজুৰি সাব্যস্ত কৰা হয় এই প্ৰতিবাদ (AKRASU demands for tribal status) ৷ মৰিগাঁৱতো কোচ ৰাজবংশী ছাত্ৰ সন্থাই চহৰৰ মাজমজিয়াত প্ৰশাসনৰ আইনী বাধাৰ বাবে জোঁৰ সমদলৰ পৰিৱৰ্তে মোবাইলৰ ফ্লাছ জ্বলাই চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AKRASU protest in Morigaon) । প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে অতি সোনকালে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ কৰিবলৈ দাবী জনায় ৷ লগতে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মা গ' বেক, মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, প্ৰধানমন্ত্ৰী গ'বেক, প্ৰধানমন্ত্ৰীৰ মিছলীয়া, আদি বিভিন্ন চৰকাৰৰ বিৰোধী শ্ল'গান দি কঁপাই তোলে মৰিগাঁও চহৰ সন্ধিয়াৰ পৰিবেশ ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.