ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Aug 2, 2022, 8:58 AM IST

top-10-at-9-am
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

Judo at CWG: জুডোত ৰূপৰ পদক আজুৰিলে মনিপুৰৰ সুশীলা দেৱীয়ে

বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত (CWG 2022 ) ৰূপৰ পদক অৰ্জন কৰিলে মণিপুৰৰ সুশীলা দেৱীয়ে (Silver medal for India)৷ জুডোৰ মহিলাৰ 48 কিলোগ্ৰামত ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হয় সুশীলাই (Indian judoka Shushila Devi)৷

Accident at Puranigudam: আকাশৰ তৰা হ’বলৈ মাক-দেউতাকৰ সৈতে একেলগে গুচি গ’ল নীলাভ

এটা ভয়াৱহ দুৰ্ঘটনা ৷ তাৰ পাচত সৃষ্টি হোৱা এক শোকাৱহ পৰিৱেশ (Road accident at Puranigudam) ৷ একেলগে জ্বলিল পিতৃ-মাতৃ-পুত্ৰৰ চিতা ৷ মূহুৰ্ততে নিঃশেষ এটা পৰিয়াল ৷

Assam CM with DC: উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনামূলক বৈঠক

উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনামূলক বৈঠক । ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সফল কৰাৰ বাবে উপায়ুক্তসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ । জল জীৱন মিশ্যন আঁচনি ৰূপায়ণৰ সৈতে জড়িত থকা অদক্ষ ঠিকাদাৰসকলৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ৷

Historic Sukapha Maidam : বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং ছ্যুকাফাৰ মৈদামত বেদখল

চৰাইদেউত এলাগী আহোম ৰাজত্বকালৰ ঐতিহ্য (Chaolung Sukapha Cemetery)৷ ঐতিহ্য ক্ষেত্ৰ সংৰক্ষণৰ বিপৰীতে চাওলুং ছ্যুকাফাৰ মৈদাম অৱহেলিত, অনাদৃত ৷ ছ্যুকাফা মৈদামৰ ভূমিত নিৰ্মাণ হ’ল চৰকাৰী শৌচালয় ৷ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷

Lok Kalyan Award Declared : 99 গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক লোক কল্যাণ পুৰস্কাৰৰ বাবে নিৰ্বাচিত

অসম চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত 99 গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক লোক কল্যাণ পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে (Lok Kalyan award declared by Assam Government) । গুৱাহাটীত সোমবাৰে অনুষ্ঠিত এখন সংবাদমেলত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই এই কথা সদৰী কৰে (Chief secretary of Assam announced Lok Kalyan award) ।

Felicitation Ceremony at Assam Secretariat : অসম সচিবালয়ত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন পীযুষ হাজৰীকাৰ

সোমবাৰে অসম সচিবালয় চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থাই (Assam Secretariat 4th grade Employees Association) আয়োজন কৰা সন্থাৰ সদস্য পৰিয়ালৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে (Felicitation ceremony of succeed students) মন্ত্ৰী পীযুষ হাজৰীকাই ।

Jihadi in Assam: কংগ্ৰেছ-AIUDF ক তদন্তৰ আওতালৈ অনাৰ বাবে আৰক্ষীক আহ্বান মন্ত্ৰী ৰণজিৎ দাসৰ

ৰাজ্যিক বিজেপিৰ মুখপত্ৰ 'অসমীয়া বিজেপি বাৰ্তা'খন এইবাৰ প্ৰথমবাৰৰ বাবে বৰপেটাত উন্মোচন কৰা হয়(Asomiya BJP Barta released by Assam BJP) ৷ আৰ এছ এছৰ প্ৰবীণ স্বয়ংসেৱক শিক্ষাবিদ সত্যকৃষ্ণ মিশ্ৰই উন্মোচন কৰে অসমীয়া বিজেপি বাৰ্তাখন(68th edition of Asomiya BJP Barta) ৷ অনুষ্ঠানত অংশলৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী ৰণজিৎ দাস জেহাদী সন্দৰ্ভত বহুকেইটা মন্তব্য কৰে ৷

Rules Change From 1 August: পহিলা আগষ্টৰ পৰা কি নিয়ম সলনি হৈছে

পহিলা আগষ্টৰ পৰা সলনি কৰা হৈছে কেইবাটাও নিয়ম। এই নিয়ম কেইটা নাজানিলে হ'ব পাৰে বিপদ । সোমবাৰৰ পৰা সকলোৱে আয়কৰ পৰিশোধ কৰাৰ ওপৰত জৰিমনা ভৰিব লাগিব । তদুপৰি ঘৰুৱা গেছ চিলিণ্ডাৰৰ(LPG price)মূল্যও সলনি হৈছে । আনহাতে, বেংক অৱ বৰোদাৰ(Bank of Boroda)চেকৰ সৈতে জড়িত নিয়মৰ ক্ষেত্ৰটো সলনি কৰা হৈছে বুলি বেংকৰ সূত্ৰই সদৰি কৰিছে ।

KAAC awareness programme : কাৰ্বি আংলঙত গুণগত শিক্ষাৰ বাবে সজাগতা অভিযান কাৰ্যসূচী

গুণগত শিক্ষা প্ৰসাৰৰ বাবে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত সজাগতা অভিযান আৰম্ভ (KAAC awareness programme)৷ অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং ৷

Tripura CM on Light House Project: লাইট হাউছ প্ৰকল্প দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই সোমবাৰে 'লাইট হাউছ প্ৰকল্প' নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে (Tripura Chief Minister Dr Manik Saha vited Light House Project)। মুখ্যমন্ত্ৰী ডাঃ সাহাই আগৰতলা-আখাউৰা নিৰীক্ষণ চকীৰ সমীপৰ গোল চক্কৰ অঞ্চল পৰিদৰ্শন কৰি এই নিৰ্দেশ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.