ETV Bharat / state

Accident at Puranigudam: আকাশৰ তৰা হ’বলৈ মাক-দেউতাকৰ সৈতে একেলগে গুচি গ’ল নীলাভ

author img

By

Published : Aug 1, 2022, 9:26 PM IST

Road accident at Puranigudam
একেলগে জ্বলিল পিতৃ-মাতৃ-পুত্ৰৰ মৃতদেহ

এটা ভয়াৱহ দুৰ্ঘটনা ৷ তাৰ পাচত সৃষ্টি হোৱা এক শোকাৱহ পৰিৱেশ (Road accident at Puranigudam) ৷ একেলগে জ্বলিল পিতৃ-মাতৃ-পুত্ৰৰ চিতা ৷ মূহুৰ্ততে নিঃশেষ এটা পৰিয়াল ৷

নগাঁও, 1 আগষ্ট : এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে নগাঁৱৰ পুৰণিগুদামত । এটা মূহুৰ্তৰ ভিতৰতে নিঃশেষ হ’ল এটা পৰিয়াল । ঘটনাটো দেওবাৰে সন্ধিয়াৰ । দেওবাৰে সন্ধিয়া পুত্ৰক লগত লৈ এখন চুইফট ডিজায়াৰ বাহনেৰে ওলাই গৈছিল পিতৃ-মাতৃ (Road accident at Puranigudam)। কিন্তু বাটতে পৰিয়ালটোৰ বাবে যেন অপেক্ষা কৰি আছিল নিশ্চিত মৃত্যুৱে ।

পুৰণিগুদামৰ এটা ৰে’লৰ আলি অতিক্ৰম কৰাৰ সময়তে ঘটিল সেই অঘটনটো ৷ ৰে’লৰ আলি অতিক্ৰম কৰাৰ সময়তে গুৱাহাটীৰ পৰা শিলঘাট অভিমুখে আহি আছিল ৰে’লৰ এটা ইঞ্জিন । কালৰূপী ইঞ্জিনে হঠাৎ মহতিয়াই নিয়ে পৰিয়ালটো গৈ থকা চুইফট ডিজায়াৰ বাহনখন (Train Hits Car at Puranigudam) ।

Road accident at Puranigudam
মাক-দেউতাকৰ নীলাভ

লগে লগে চূৰ্ণ বিচূৰ্ণ হৈ পৰে এইখন চুইফট ডিজায়াৰ বাহনখন । ৰে’লৰ ইঞ্জিনৰ খুন্দাত পথৰ পৰা ছিটিকি পৰে চুইফট বাহনখন । মূহুৰ্ততে বাহনখনত থকা চন্দ্ৰ কুমাৰ কলিতাৰ পৰিয়ালটো নিঃশেষ হৈ পৰে । ইঞ্জিনৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাই চন্দ্ৰ কুমাৰ কলিতাৰ লগতে নীলিমা দেৱী আৰু পুত্ৰ নীলাভ নয়ন কলিতা ।

লগতে পঢ়ক : Road accident in Rangia: ৰঙিয়াত নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰিল বাহন

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত ৰে’ল আৰক্ষীৰ লগতে স্থানীয় আৰক্ষী উপস্থিত হৈ তিনিটাকৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে । সোমবাৰে দুপৰীয়া মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ তিনিটা নিজ বাসগৃহ লৈ অনা হয় ৷ তাৰ পিছতে শোকাকুল পৰিৱেশ বিৰাজ কৰে সমগ্ৰ অঞ্চলতে ।

আকাশৰ তৰা হ’বলৈ মাক-দেউতাকৰ সৈতে একেলগে গুচি গ’ল নীলাভ

মেধা সম্পন্ন ছাত্ৰ নীলাভ নয়ন কলিতাৰ লগতে পিতৃ মাতৃৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে পৰিয়ালটোৰ আত্মীয়ও । সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত একেটা পৰিয়ালৰে তিনিজনকৈ লোকৰ মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰা হয় । ৰে’লৰ ইঞ্জিনৰ খুন্দাত একেটা পৰিয়ালৰ তিনিজনকৈ সদস্যৰ মৃত্যু হোৱাৰ পিছত এতিয়া উত্থাপন হৈছে এটাই প্ৰশ্ন, কাৰ ভুলৰ বাবে কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল একেটা পৰিয়ালৰ আটাইকেইজন সদস্যই ?

লগতে পঢ়ক : Road accident at Puranigudam: থিতাতে নিহত একেটা পৰিয়ালৰে ৩ জন লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.