ETV Bharat / bharat

আদালতে পতঞ্জলিৰ বিষয়াক কিয় বিহিলে কাৰাদণ্ড ? - Patanjali Soan Papdi

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 5:56 PM IST

Patanjali products Fails Quality Test: পতঞ্জলিৰ নৱৰত্ন ইলাইচি ছোন পাপড়ি ব্যৱহাৰৰ বাবে সুৰক্ষিত নহয় ! বাধ্যতামূলক মানদণ্ড পৰীক্ষাত এই কথা স্পষ্ট হৈ পৰিছে । এই সন্দৰ্ভত কোম্পানীটোৰ এগৰাকী বিষয়া, বিতৰণকাৰী আৰু ব্যৱসায়ীক আদালতে কাৰাদণ্ড বিহিছে ।

Patanjali products Fails Quality Test
আদালতে পতঞ্জলিৰ বিষয়াক কিয় বিহিলে কাৰাদণ্ড (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৯ মে': পুনৰ চৰ্চাত ৰামদেৱৰ কোম্পানী পতঞ্জলি । এটাৰ পিচত আন এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কোম্পানীটো । এইবাৰ আদালতে কোম্পানীটোৰ এগৰাকী বিষয়াক ৬ মাহৰ কাৰাদণ্ড বিহিছে ।

পতঞ্জলি আয়ুৰ্বেদিকৰ এবিধ সামগ্ৰী বাধ্যতামূলক মানদণ্ড পৰীক্ষাত বিফল হোৱাৰ পিচতে আদালতে বিষয়াগৰাকীৰ লগতে বিতৰণকাৰী আৰু ব্যৱসায়ীৰ বিৰুদ্ধে এই শাস্তি ঘোষণা কৰিছে ।

উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ জিলা খাদ্য সুৰক্ষা বিষয়াই ২০১৯ চনত বেৰিনাগ বজাৰৰ এখন বিপণীৰ পৰা নমুনা সংগ্ৰহ কৰাৰ পিচত পতঞ্জলি নৱৰত্ন ইলাইচি ছোন পাপড়িয় মানদণ্ড পৰীক্ষাত বিফল হৈছিল ।

শনিবাৰে পিথোৰাগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ সহকাৰী মহাপ্ৰৱন্ধক আৰু বিতৰক অভিষেক কুমাৰ, ব্যৱসায়ী লীলাধৰ পাঠক আৰু কানহা জী ডিষ্ট্ৰিবিউটৰ প্ৰাইভেট লিমিটেডৰ সহকাৰী প্ৰৱন্ধক অজয় যোশীৰ বিৰুদ্ধে ৬ মাহৰ কাৰাদণ্ডৰ লগতে জৰিমনা আৰোপ কৰে । অভিযুক্তসকলক খাদ্য সুৰক্ষা আৰু মানদণ্ড আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে ।

পিথোৰাগড়ৰ খাদ্য সুৰক্ষা বিষয়া ৰাজেশ শৰ্মাই এই সন্দৰ্ভত কয় যে ২০১৯ চনৰ ১৭ ছেপ্টেম্বৰত বেৰিনাগ বজাৰত থকা লীলাধৰ পাঠকৰ বিপণীৰ পৰা পতঞ্জলি নৱৰত্ন ইলাইচি ছোন পাপড়িৰ নমুনা লোৱা হৈছিল । নমুনাটো উধম সিং নগৰ চৰকাৰী গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হৈছিল য'ত সামগ্ৰীটো ২০২০ চনত পৰীক্ষা কৰাৰ পিচত ব্যৱহাৰৰ বাবে অসুৰক্ষিত পোৱা গৈছিল ।

নমুনাটো গাজিয়াবাদত অৱস্থিত কেন্দ্ৰীয় পৰীক্ষাগাৰত পুনৰ পৰীক্ষা কৰা হৈছিল, য'ত পুনৰ সামগ্ৰীটো ব্যৱহাৰৰ বাবে অসুৰক্ষিত পোৱা গৈছিল । ইয়াৰ পিচতে লীলাধৰ পাঠক, বিতৰক অজয় যোশী আৰু পতঞ্জলিৰ অভিষেক কুমাৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল ।

শনিবাৰে গোচৰটোৰ শুনানিৰ সময়ত মুখ্য নতুন দণ্ডাধীশ পিথোৰাগড়ৰ আদালতে তিনিওজন অভিযুক্তক খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন ২০০৬ৰ ধাৰা ৫৯ ৰ অধীনত ৬ মাহৰ কাৰাদণ্ড প্ৰদান কৰে । লীলাধৰ পাঠক আৰু অজয় যোশীক ক্ৰমান্বয়ে ৫,০০০ আৰু ১০,০০০ টকাৰ জৰিমনা বিহা হয় । অভিষেক কুমাৰক ২৫,০০০ টকাৰ জৰিমনা বিহা হয় ।

পতঞ্জলি ইতিমধ্যে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰৰ বাবে সমস্যাত পৰিছে । উচ্চতম ন্যায়ালয়ে কোম্পানীটোক তীব্ৰ সমালোচনাও কৰিছে । তাৰ মাজতে কোম্পানীটোৰ বিষয়াক কাৰাদণ্ড প্ৰদান কৰাৰ লগে লগে বিষয়টোৱে বিভিন্ন মহলত চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক :পতঞ্জলি ফুডছলৈ জিএছটি ইণ্টেলিজেঞ্চ বিভাগৰ জাননী - Patanjali Foods Show Cause Notice

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.