ETV Bharat / sports

বিবাহস্থলী নহয়, দৰা সাজি পালেগৈ বৰ্ষাপাৰা ষ্টেডিয়াম - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 7:04 PM IST

RR vs KKR : বিয়া পিছত, আগত খেল... কিমান পৰিমাণে ক্ৰিকেটৰ অনুৰাগী হ’লে এগৰাকী ব্যক্তিয়ে বিয়া স্থগিত কৰি উপস্থিত হ’ব পাৰে ক্ৰিকেট ষ্টেডিয়ামৰ বাকৰিত ৷ পিছে সকলোকে আচৰিত কৰি দৰাৰ সাজেৰে এগৰাকী ব্যক্তি আহি উপস্থিত হৈছে বৰ্ষাপাৰা ষ্টেডিয়ামত ৷ ব্যক্তিগৰাকীৰ বিষয়ে সবিশেষ পঢ়ক আমাৰ এই প্ৰতিবেদনত ৷ উল্লেখ্য যে, গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আজি আই পি এল ৰ ক্ৰিকেট মহাৰণত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ ৷

IPL MATCH 2024 BARSAPARA
আজিৰ খেল বৰ্ষাপাৰাত (Source : Etv Bharat Assam)

গুৱাহাটী, 19 মে’: দেওবাৰে অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ আই পি এলৰ লীগ পৰ্যায়ৰ অন্তিমখন মেচ ৷ গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত সন্ধিয়া 7.30 বজাৰ পৰা আৰম্ভ হ’ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত ক্ৰিকেটৰ মহাৰণ ৷ ইতিমধ্যে ষ্টেডিয়ামৰ বাকৰিত ভিৰ কৰিছেহি দুয়োটা দলৰ অনুৰাগীয়ে ৷

তাৰমাজতে দৃষ্টি আকৰ্ষণ কৰিছে এগৰাকী বিশেষ ক্ৰিকেটপ্ৰেমীয়ে ৷ ত্ৰিপুৰাৰ পৰা অহা ক্ৰিকেটপ্ৰেমীগৰাকীৰ সৈতে একপি ফটো উঠিবলৈ অধিকাংশ লোকে হেতা-ওপৰা কৰা পৰিলক্ষিত হৈছে ৷ আচলতে ক্ৰিকেটৰ প্ৰতি কিমান আকৰ্ষণ থাকিলে এগৰাকী ব্যক্তিয়ে স্থগিত কৰিব পাৰে নিজৰ বিয়া ?

জানিলে আচৰিত হ’ব যে, ত্ৰিপুৰাৰ পৰা লোকগৰাকীৰ আজি আছিল বিয়া ৷ পিছে কইনাক আৰু অলপ অপেক্ষা কৰিবলৈ দি দৰাৰ সাজেৰে ব্যক্তিগৰাকীয়ে নিজৰ পচন্দৰ দল কলকাতা নাইট ৰাইডাৰ্ছক সন্মুখৰ পৰা সমৰ্থন আগবঢ়াবলৈ বিবাহস্থলীৰ সলনি আহি উপস্থিত হ’ল বৰ্ষাপাৰা ষ্টেডিয়ামত ৷ এই কথাই অৱশ্যে আমোদো দিয়ে বহুতকে ৷

উল্লেখ্য যে, ৰাজস্থান ৰয়েলছে ধাৰাবাহিকভাৱে চাৰিখন মেচত পৰাস্ত হোৱাৰ আজি কে কে আৰৰ বিৰুদ্ধে বৰ্ষাপাৰাত আগবঢ়াব প্ৰতিদ্বন্দ্বিতা ৷ ৰাজস্থান ৰয়েলছৰ অন্যতম সদস্য তথা অসম সন্তান ৰিয়ান পৰাগৰ বাবে ঘৰুৱা খেলপথাৰখন সহায়ক হ’ব বুলিয়ে ধাৰণা কৰা হৈছে ৷

পূৰ্বৰ খেল সমূহৰ দৰে আজিৰ খেলতো ৰিয়ানে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে অনুৰাগীসকলে ৷ ঘৰুৱা খেলপথাৰত স্থানীয় খেলুৱৈগৰাকীৰ খেল উপভোগ কৰিবলৈ অনুৰাগীসকল যথেষ্ট উৎসাহিত হৈ আছে ৷ অৱশ্যে আজিৰ মেচখনত ৰাজস্থান ৰয়েলছৰ দলটোত নাথাকিব জছ বাটলাৰ ৷

দেওবাৰে বিয়লি ৪.৩০ বজাৰ লগে লগে খুলি দিয়া হৈছে ষ্টেডিয়ামৰ ৭ খনকৈ প্ৰৱেশদ্বাৰ ৷ সুৰক্ষাৰ স্বাৰ্থত মাথোন ম’বাইল আৰু মানিবেগহে দৰ্শকসকলে ষ্টেডিয়ামৰ ভিতৰলৈ নিব পাৰিব ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিহাৰৰ দৰে চুবুৰীয়া ৰাজ্যৰ পৰাও খেল উপভোগ কৰিবলৈ বৰ্ষাপাৰালৈ আগমন ঘটিছে অনুৰাগীৰ ৷

লগতে পঢ়ক: আই পি এল 2024 ৰ প্লে’ অফত আৰচিবি; কোহলী-অনুষ্কাৰ চকুত চকুলো কিয় ? - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.