বিলাসী ৰে’লেৰে ড্ৰাগছৰ সৰবৰাহ: তিনিচুকীয়াত ১০ লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন - Mission against Drug

By ETV Bharat Assamese Team

Published : May 19, 2024, 7:19 PM IST

thumbnail
১০ লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন (ETV Bharat Assam)

তিনিচুকীয়া, ১৯ মে’ : বিলাসী ৰে’লেৰে ৰাজ্যত অব্যাহত আছে মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ দেওবাৰে ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ কৰিছিল শদিয়া শান্তিপুৰৰ এনিমেল টায়েং নামৰ এজন লোকে ৷ বৃহৎ পৰিমাণৰ মাৰাত্মক ড্ৰাগছসহ আটক কৰা হয় ডাগছ সৰবৰাহকাৰীগৰাকীক ৷

তিনিচুকীয়া আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত উপ-আৰক্ষী অধীক্ষক পুলকেশ ৰাভা আৰু সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ নেতৃত্বত চলোৱা অভিযানৰ সময়ত লোকজনক আটক কৰাৰ লগতে জব্দ কৰে মাৰাত্মক ড্ৰাগছৰ ১১ টা পেকেট ৷

আৰক্ষীয়ে জানিব দিয়া অনুসৰি জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ১২২.১৩ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ১০ লক্ষাধিক টকা ৷ ইফালে, ড্ৰাগছসহ আটক কৰা লোকজনে ড্ৰাগছখিনি ডিমাপুৰৰ পৰা শদিয়ালৈ লৈ যোৱা হৈছিল বুলি সদৰী কৰাৰ লগতে ড্ৰাগছখিনি শদিয়া-শান্তিপুৰৰ মন্টু গগৈ নামৰ এজন লোকৰ বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.