Road accident in Rangia: ৰঙিয়াত নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰিল বাহন

By

Published : Jul 31, 2022, 5:49 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সংঘটিত হয় এটি ভয়াৱহ পথ দুৰ্ঘটনা(Road accident in Rangia) । উল্লেখ্য যে, উদিয়ানাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰিল AS 01 DA 0537 নম্বৰৰ এখন দ্ৰুতবেগী বলেৰ' বাহন । যাৰ ফলত বন্ধ হৈ পৰিল নলবাৰী অভিমুখী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ । ইফালে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় গুৱাহাটী কাহিলীপাৰাৰ সন্তোষ কুমাৰ (২৮) আৰু জোনালী কাকতি (৩১)। আহত দুয়োজনকে ৰাইজৰ সহযোগত আৰক্ষীয়ে ততাতৈয়াকৈ ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱায়(Two injured in Road accident in Rangia) । জানিব পৰা মতে, গুৱাহাটীৰ পৰা বৰপেটা জিলাৰ পাঠশালা অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা । ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে গো-ধন এটিয়ে হঠাৎ দৌৰ মৰাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ' বাহনখন পথৰ ওপৰতে বাগৰি পৰে । যাৰ ফলত বহু সময়লৈকে নলবাৰী অভিমুখী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.