Assam CM with DC: উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনামূলক বৈঠক

author img

By

Published : Aug 1, 2022, 10:39 PM IST

Assam CM with DC

উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনামূলক বৈঠক । ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সফল কৰাৰ বাবে উপায়ুক্তসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ । জল জীৱন মিশ্যন আঁচনি ৰূপায়ণৰ সৈতে জড়িত থকা অদক্ষ ঠিকাদাৰসকলৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ৷

গুৱাহাটী, 1 আগষ্ট: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৰাজ্যখনৰ বিভিন্ন বিষয় সম্পর্কত উপায়ুক্তসকলৰ সৈতে এক পর্যালোচনামূলক বৈঠকত মিলিত হয় । অহা ১৩ ৰ পৰা ১৫ আগষ্টলৈ দেশৰ প্ৰতিটো ঘৰতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন নিশ্চিত কৰাৰ লক্ষ্যৰে ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযান ৰাজ্যখনতো সফল কৰাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই অভিযানত জিলাখনৰ অধিকাংশ লোকৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে(Har Ghar Tiranga Abhiyan in Assam)৷

মুখ্যমন্ত্ৰীয়ে ভাৰতৰ স্বাধীনতা দিৱসৰ মহাৰজত জয়ন্তীৰ (75th Year of Independence Day) লগত সংগতি ৰাখি আয়োজিত এই ‘হৰ ঘৰ ত্ৰিৰংগা' অভিযান সম্পর্কত ফ্লেগকোড শিথিল কৰাকে ধৰি বিভিন্ন বিষয় সম্পৰ্কত জনসাধাৰণৰ মাজত ব্যাপক প্ৰচাৰ অভিযান চলাবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক ঔপনিৱেশিক শাসনৰ পৰা ৰাষ্ট্ৰৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আগন্তুক স্বাধীনতা দিৱস ব্যাপক কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ কয় ।

জল জীৱন মিছন সন্দৰ্ভত হোৱা পৰ্যালোচনাৰ সময়ত মুখ্যমন্ত্ৰীয়ে জ্যেষ্ঠ বিষয়া আৰু উপায়ুক্তসকলক এই কামত জড়িত থকা ঠিকাদাৰসকলে যাতে গুণগত মান সম্পন্ন কাম কৰে তাক সুনিশ্চিত কৰা আৰু অদক্ষ ঠিকাদাৰসকলৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি বজাই ৰাখিবলৈও নিৰ্দেশ দিয়ে । তেওঁ লগতে এই আঁচনিখনে হিতাধিকাৰীসকলক সম্পূর্ণভাৱে লাভান্বিত কৰাৰ দিশত থকা বাধাসমূহ চিনাক্ত কৰি কম সময়ৰ ভিতৰতে সেইসমূহ সমাধান কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ।

প্ৰধানমন্ত্ৰীৰ সপোনৰ প্ৰকল্প আয়ুষ্মান ভাৰতৰ কথা উল্লেখ কৰি উপায়ুক্তসকলক সময় নিৰ্দ্ধাৰিতভাৱে আধাৰ ভিত্তিক প্ৰধানমন্ত্ৰীজন আৰোগ্য যোজনাখন ৰূপায়ণ কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে যাতে হিতাধিকাৰীসকল আঁচনিখনৰ পৰা বঞ্চিত নহয় । মুখ্যমন্ত্ৰীয়ে বৈঠকত প্ৰধানমন্ত্ৰী আৱাস যোজনা, অমৃত সৰোবৰ, চাহ বাগিচাত আধাৰ প্ৰদান ইত্যাদি আঁচনিসমূহৰ বিষয়েও আলোচনা কৰে ।

মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ (ডিবিটি), আধাৰ প্ৰদান আদিৰ দৰে বিষয়সমূহত যিবোৰ প্ৰযুক্তি আৰু আধুনিক প্ৰণালী ব্যৱহৃত হৈছে সেই সমূহতো গুৰুত্ব আৰোপ কৰিবলৈ কয় । আজিৰ এই বৈঠকত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মুখ্য সচিব জিষ্ণু বৰুৱা আৰু অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: New Education System: কেবিনেটৰ শৈক্ষিক সিদ্ধান্তৰ বিৰোধিতা সাহিত্য সভা তথা ছাত্ৰ সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.