New Education System: কেবিনেটৰ শৈক্ষিক সিদ্ধান্তৰ বিৰোধিতা সাহিত্য সভা তথা ছাত্ৰ সংগঠনৰ

author img

By

Published : Aug 1, 2022, 10:03 PM IST

New Education System

ইংৰাজী মাধ্যমত বিজ্ঞান আৰু গণিতত পাঠদানৰ লগতে ৰাজ্য চৰকাৰে শেহতীয়ৈ শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বহুকেইটা সিদ্ধান্তৰ বিৰোধিতা কৰিছে বহুকেইটা সংগঠনে ৷ সোমবাৰে এই সন্দকৰ্ভত সংবাদমেল সম্বোধন কৰে আছু, সাহিত্য সভাৰ লগতে বহুকেইটা দল-সংগঠনে ৷

গুৱাহাটী, 1 আগষ্ট: তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইংৰাজী মাধ্যমত বিজ্ঞান আৰু গণিতত পাঠদান, ভৱিষ্যতে শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ বন্ধ কৰা (Stop Privatisation in Assam), বড়ো-অসমীয়া মাতৃ ভাষাৰ মাধ্যমৰ বিদ্যালয়ত সমান্তৰালভাৱে ইংৰাজী মাধ্যম প্ৰৱৰ্তন, আদৰ্শ বিদ্যালয়ত ইংৰাজী মাধ্যম প্ৰৱৰ্তন, প্ৰতিটো সমষ্টিত একখন বিদ্যালয়ত চি বি এছ চিৰ অন্তৰ্গত ইংৰাজী মাধ্যম বিদ্যালয় স্থাপন কৰিব লোৱাকে ধৰি ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে গ্ৰহণ কৰা শৈক্ষিক সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ চাৰিটাকৈ জাতীয় সংগঠনে ।

আজি মহানগৰীৰ প্ৰাগ কন্টিনেন্টেল হোটেলত আছু, অসম সহিত্য সভা, বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ ঠেলি দিয়া কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে । সংবাদমেলত উপস্থিত থাকি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই (AASU chief adviser Samujjal Bhattacharjya) কেবিনেটৰ শৈক্ষিক সিদ্ধন্তক বিৰোধিতা কৰাৰ লগতে চৰকাৰৰ সিদ্ধান্ত অদূৰদৰ্শী, অবিজ্ঞানসন্মত আৰু অযুক্তিকৰ বুলি কয় ।

চৰকাৰৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ(National Education Policy 2020) পৰিপন্থী বুলি কোৱাৰ লগতে বিদ্যালয় প্ৰাদেশিকীকৰণ বন্ধ কৰাৰ সিদ্ধান্তক বিৰোধিতা কৰে । তেওঁ লগতে কয়, অসমৰ মাতৃভাষাৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি ভাল কৰিব লাগে৷ যাতে শিক্ষকসকলে পঢ়ায় আৰু শিক্ষাৰ্থীয়ে শিকি ভালপায় ৷

অসমীয়া মাধ্যমত ইংৰাজী শিকোৱাৰ পৰিৱৰ্তে শিক্ষানুষ্ঠানৰ আন্তঃগাঁঠনি আৰু ৰাজ্যিক ব’ৰ্ডসমূহক শক্তিশালী কৰিব লাগে বুলি মন্তব্য কৰে সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ৷ ৰাজ্যিক ব’ৰ্ডবোৰ স্বতন্ত্ৰ কৰি বিশিষ্ট শিক্ষাবিদেৰে পৰিচালনা কমিটি গঠন কৰাৰ লগতে ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰিলে শৈক্ষিক ব্যৱস্থাটো নিজে নিজে শক্তিশালী হ’ব বুলি মন্তব্য কৰি ড৹ ভট্টাচাৰ্যই কয় যে চৰকাৰে প্ৰতিটো সমষ্টিৰ একোখনকৈ বিদ্যালয়ক আদৰ্শ বিদ্যালয় হিচাবে চিহ্নিত কৰি বিদ্যালয়খনক ইংৰাজী মাধ্যমলৈ নিয়াৰ যি পৰিকল্পনা কৰিছে তাক কোনো কাৰণতে মানি লোৱা নহ’ব ।

যি সময়ত কেবিনেটে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানক ইংৰাজী মাধ্যমত(Science and Math in English medium in Assam) অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰিছে তেনে সময়ত আকৌ মেডিকেল আৰু ইঞ্জিনিয়েৰিঙত মাতৃভাষা বাধ্যতামূলক কৰা বিষয়টোৱে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি থকা অনিহাক প্ৰকাশ কৰিছে । চৰকাৰৰ শেহতীয়া সিদ্ধান্তই বিটিআৰ চুক্তিকো(BTR act) উলংঘা কৰা বুলি কৈ এয়া বিজ্ঞানসন্মত সিদ্ধান্ত নহয় বুলি মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷

সংবাদমেলত উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়াই কয়, মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষাত ভালদৰে পাঠদান কৰিলে ছাত্ৰ-ছাত্ৰীসকল লাভৱান হ’ব । লগতে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁঠনি উন্নীত কৰাৰ পৰামৰ্শ আগবঢ়ায় অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে । প্ৰাদেশিকীকৰণ বন্ধ কৰাৰ সিদ্ধান্তক বিৰোধিতা কৰাৰ লগতে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানক ইংৰাজী মাধ্যমত পাঠদান কৰাটো সাহিত্য সভাই কোনো কাৰণতে মানি নলয় বুলি উল্লেখ কৰে ৷

আজিৰ যৌথ সংবাদমেলত অসমত অসমীয়া মাধ্যম, বড়ো মাধ্যম, আন আন জনজাতীয়-জনগোষ্ঠীয় ভাষাৰ বিকাশ হ’বই লাগিব বুলি দাবী কৰাৰ লগতে শীঘ্ৰে মুখ্যমন্ত্ৰীলৈ যৌথ স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ সকলো শিক্ষক সংগঠনৰ সৈতে আলোচনা সভা, অসমৰ সকলো জনজাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনা সভা আৰু চাৰিওটা সংগঠনৰ উদ্যোগত এখন শৈক্ষিক অভিৱৰ্তনো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনকি যৌথ সভাই চৰকাৰক সকলো সিদ্ধান্ত কৰি পুনৰ বিবেচনা কৰি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় ।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথে(AASU president Dipanka Kumar Nath) আঁত ধৰা আজিৰ সংবাদমেলত আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা(AASU general secretary), উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, অসম সাহিত্য সভাৰ সম্পাদক যাদৱ শৰ্মা, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো, সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীকে ধৰি সংগঠন কেইটাৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক: Historic Sukapha Maidam : বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং ছ্যুকাফাৰ মৈদামত বেদখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.