ETV Bharat / state

Jihadi in Assam: কংগ্ৰেছ-AIUDF ক তদন্তৰ আওতালৈ অনাৰ বাবে আৰক্ষীক আহ্বান মন্ত্ৰী ৰণজিৎ দাসৰ

author img

By

Published : Aug 1, 2022, 9:55 PM IST

Jihadi in Assam
কংগ্ৰেছ-AIUDFক তদন্তৰ আওতালৈ অনাৰ বাবে আৰক্ষীক আহ্বান

ৰাজ্যিক বিজেপিৰ মুখপত্ৰ 'অসমীয়া বিজেপি বাৰ্তা'খন এইবাৰ প্ৰথমবাৰৰ বাবে বৰপেটাত উন্মোচন কৰা হয়(Asomiya BJP Barta released by Assam BJP) ৷ আৰ এছ এছৰ প্ৰবীণ স্বয়ংসেৱক শিক্ষাবিদ সত্যকৃষ্ণ মিশ্ৰই উন্মোচন কৰে অসমীয়া বিজেপি বাৰ্তাখন(68th edition of Asomiya BJP Barta) ৷ অনুষ্ঠানত অংশলৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী ৰণজিৎ দাস জেহাদী সন্দৰ্ভত বহুকেইটা মন্তব্য কৰে ৷

বৰপেটা, ১ আগষ্ট: ৰাজ্যত জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত আৰু বহু জেহাদী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷ বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সোমবাৰে জিলাখনত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে ৷ দাসে জেহাদী কাৰ্যকলাপৰ মূল গুৰি উলিওৱাৰ কামত আৰক্ষী নিয়োজিত হৈ থকাৰ কথা উল্লেখ কৰি কংগ্ৰেছ আৰু AIUDFএ কৰা মন্তব্যৰ বাবে তেওঁলোকক তদন্তৰ আওঁতালৈ আনিবলৈ আৰক্ষীক আহ্বান জনায় ৷

Jihadi in Assam
অসমীয়া বিজেপি বাৰ্তা উন্মোচন

ইপিনে বিধায়ক শ্বেৰমান আলী আহমেদে দেওবাৰে মন্ত্ৰী ৰণজিৎ দাসক কৰা কটাক্ষ আৰু জলসম্পদ বিভাগৰ বিষয়াক লৈ কৰা মন্তব্যক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ জলসম্পদ বিভাগৰ অসমীয়া বিষয়া-কৰ্মচাৰীসকলক ৰাজহুৱাভাৱে গালি পৰা কথাটোক লৈ জলসম্পদ বিভাগৰ বিষয়াসকলে প্ৰতিবাদ কৰাৰ সাহস থাকিব লাগিছিল বুলি মন্তব্য কৰে ৷

তেওঁ লগতে কয় যে, ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ থকা অৱস্থাত আৰু ৰণজিৎ দাস মন্ত্ৰী হৈ থকা অৱস্থাতেই যদি এই বিষয়াসকলে প্ৰতিবাদ কৰাৰ সাহস হেৰুৱাই পেলায়, তেন্তে ভৱিষ্যতে সকলো হেৰুৱাব লাগিব ৷ মন্ত্ৰীগৰাকীয়ে অন্য এটা সমষ্টিৰ বিধায়কে আন এটা সমষ্টিৰ কাম-কাজকলৈ বিভাগীয় বিষয়াক গালি পৰাটোক সহজভাৱে লোৱা নাই ৷

মন্ত্ৰী ৰণজিৎ দাস

উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ মুখপত্ৰ 'অসমীয়া বিজেপি বাৰ্তা'খন এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত উন্মোচন কৰা হয় (Asomiya BJP Barta released by Assam BJP) ৷ দলটোৰ ৯৩ বছৰীয়া জ্যেষ্ঠ কাৰ্যকৰ্তা তথা আৰ এছ এছৰ প্ৰবীণ স্বয়ংসেৱক শিক্ষাবিদ সত্যকৃষ্ণ মিশ্ৰই বৰপেটাত অসমীয়া বিজেপি বাৰ্তাৰ ৬৮ সংখ্যক সংখ্যাটো উন্মোচন কৰে(68th edition of Asomiya BJP Barta) ৷ অনুষ্ঠানত অংশলৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে ৷

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো উন্মোচনী অনুষ্ঠানটোত অংশ লৈ শেহতীয়াভাৱে নামনি অসমৰ লগতে মধ্য অসমত জেহাদী কাৰ্যকলাপ বৃদ্ধি হোৱাৰ কথা স্বীকাৰ কৰি এইক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে ৷ তেওঁ মুখ্যমন্ত্ৰীয়ে জেহাদীৰ বিৰুদ্ধে লোৱা ব্যৱস্থাৰ বাবে তেওঁক ধন্যবাদ জনায় ৷ তেওঁ জেহাদীক পুলিয়ে পোখাই উভালি পেলোৱাই নহয়, ইয়াৰ পৰা বিতাৰিত কৰাৰ পোষকতা কৰে

ইপিনে AIUDF এ বিভিন্ন প্ৰসংগত কৰা মন্তব্যক লৈ দলটোৰ নেতাসকল ভাৰতীয় নাগৰিক হয়নে নহয় বুলিয়েই মন্তব্য কৰে ভৱেশ কলিতাই ৷ যিটো দলে ত্ৰিৰংগা পতাকা উত্তোলনৰ বিৰোধিতা কৰে, তেওঁলোকেই জেহাদী কাৰ্যত জৰিত হৈ থকা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে কংগ্ৰেছ দলটোৱে ভৰিৰ তলৰ মাটি হেৰুৱাই পেলাইছে বুলি সদৰি কৰে ৷

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

তেওঁ লগতে কয় যে, AIUDFএ কংগ্ৰেছৰ বাবেই খোপনি পুতিবলৈ সক্ষম হৈছে ৷ ইপিনে বিজেপিয়ে গুৱাহাটীৰ বেলতলাত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ৰাজ্যিক বিজেপিৰ কাৰ্যালয় ভৱনটো অচিৰেই মুকলি কৰাৰ কথা প্ৰকাশ কৰে ভৱেশ কলিতাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পণ্ডিত দীনদয়াল উপাধ্যায় ভৱনটো অতি শীঘ্ৰে মুকলি কৰাৰ কথা প্ৰকাশ কৰে ৷ তেওঁ দলটোৰ কাৰ্যকৰ্তাসকলৰ সহযোগত ভৱনটো নিৰ্মাণৰ কথা প্ৰকাশ কৰে ৷

লগতে পঢ়ক : Sherman Ali on Jihadi Arrest: জেহাদীৰ নামত আটক কৰা নিৰ্দোষীৰ হিচাপ লাগে শ্বেৰমান আলিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.