Judo at CWG: জুডোত ৰূপৰ পদক আজুৰিলে মনিপুৰৰ সুশীলা দেৱীয়ে

author img

By

Published : Aug 2, 2022, 8:23 AM IST

Indian judoka Shushila Devi

বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত (CWG 2022 ) ৰূপৰ পদক অৰ্জন কৰিলে মণিপুৰৰ সুশীলা দেৱীয়ে (Silver medal for India)৷ জুডোৰ মহিলাৰ 48 কিলোগ্ৰামত ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হয় সুশীলাই (Indian judoka Shushila Devi)৷

নেশ্যনেল ডেস্ক, 2 আগষ্ট: ক্ৰীড়াৰ ক্ষেত্ৰত উত্তৰ-পূৱৰ খেলুৱৈৰ দপদপনি অব্যাহত আছে । বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত(CWG 2022) ৰূপৰ পদক অৰ্জন কৰিলে মণিপুৰৰ সুশীলা দেৱীয়ে (Silver medal for India)৷ জুডোৰ মহিলাৰ 48 কিলোগ্ৰামত ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হয় সুশীলাই (Indian judoka Shushila Devi)৷

সুশীলাই 2014 চনৰ গ্লাছগো গেমছতো ৰানাৰ্ছ-আপ হৈছিল ৷ ইয়াৰ পূৰ্বে সুশীলাই মৰিচাছৰ প্ৰিচিলা মৰাণ্ডক পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হয় ৷ মণিপুৰ আৰক্ষীৰ উপ-পৰিদৰ্শক সুশীলাই আৰম্ভণিতে মালাৱিৰ হেৰিয়েট বনফেচৰ বিৰুদ্ধে জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছিল ।

এইবৰ্ষৰ কমৱেলথ গেমছত মীৰাবাঈ চানু আৰু জেৰেমি লালৰিনুঙ্গাই দেশৰ হৈ সোণৰ পদক অৰ্জন কৰাৰ লগে লগে বিশেষকৈ উত্তৰ-পূৱত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে (North East player at CWG 2022)। একপ্ৰকাৰ উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ।

কমনৱেলথ গেমছৰ পদকৰ তালিকাত ভাৰতে মুঠ 9 টা পদক লাভ কৰিছে ৷ লক্ষণীয়ভাৱে ইয়াৰ 7 টা পদকেই ভাৰোত্তোলন শাখাৰ । উল্লেখ্য যে ভাৰতে এতিয়ালৈ তিনিটাকৈ সোণৰ পদক, তিনিটা ৰূপৰ পদক আৰু তিনিতাটা ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷

লগতে পঢ়ক: CWG 2022 : ভাৰতলৈ তৃতীয়টো স্বৰ্ণ পদক আজুৰিলে ভাৰোত্তোলক অচিন্ত শ্বেউলীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.