Lok Kalyan Award Declared : 99 গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক লোক কল্যাণ পুৰস্কাৰৰ বাবে নিৰ্বাচিত

author img

By

Published : Aug 1, 2022, 9:37 PM IST

Assam govt

অসম চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত 99 গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক লোক কল্যাণ পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে (Lok Kalyan award declared by Assam Government) । গুৱাহাটীত সোমবাৰে অনুষ্ঠিত এখন সংবাদমেলত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই এই কথা সদৰী কৰে (Chief secretary of Assam announced Lok Kalyan award) ।

গুৱাহাটী, ১ আগষ্ট : ৰাজ্য চৰকাৰে চৰকাৰী বিভাগত দক্ষতাৰে আৰু সততাৰে কাম কৰাৰ বাবে অসম চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত 99 গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক লোক কল্যাণ পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে (Lok Kalyan award declared by Assam Government) । গুৱাহাটীত সোমবাৰে অনুষ্ঠিত এখন সংবাদমেলত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই এই কথা সদৰী কৰে (Chief secretary of Assam announced Lok Kalyan award) ।

ইয়াৰে ১০ গৰাকী ৰাজ্যিক পৰ্যায়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু বাকী 89 গৰাকী 35 খন জিলাৰ জিলা পৰ্য্যায়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী । তাৰে ভিতৰত ১০ গৰাকী ক্ৰমে উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ (Assam Police Headquarters), বিত্ত বিভাগ (Finance Department), কৰ্মচাৰী বিভাগ (Personnel Department), অগ্নি আৰু আপদকালীন বিভাগ (Fire & Emergency Service),

পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগ (Hill Areas Department), আবাসন আৰু নগৰ উন্নয়ন পৰিক্ৰমা (Department Of Housing and Urban Affairs), সাধাৰণ প্ৰশাসন বিভাগ (General Administration Department), ARTPPG বিভাগ, সাধাৰণ প্ৰশাসন (এন) বিভাগ (General Administration (N) Department), ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ (Revenue and Disaster Management)ৰ ৰাজ্যিক পৰ্যায়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ।

লোক কল্যাণ পুৰস্কাৰৰ বাবে নিৰ্বাচিত অসম চৰকাৰৰ এই বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত ৰাজ্যিক আৰু জিলাৰ 99 গৰাকী (99 employees selected to Lok Kalyan award) তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক অহা 5 আগষ্টত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসৰ দিনা (5th August Birthday of Gopinath Bardoloi) আয়োজন কৰা লোক কল্যাণ দিৱসৰ দিনা লোক কল্যাণ পুৰস্কাৰ প্ৰদান কৰা হ'ব (Lok Kalyan Day will solemnized by Assam Government) ।

লগতে লোক কল্যাণ পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰ্মচাৰীসকলৰ চাকৰি এবছৰ বৃদ্ধি কৰা হ'ব । আনহাতে, পুৰস্কাৰ হিচাপে 25 হাজাৰ টকা আৰু একোটাকৈ স্মাৰক প্ৰদান কৰা হ'ব । উল্লেখ্য যে, এইবাৰ প্ৰথমবাৰৰ বাবে চৰকাৰে চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :Construction workers union: নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ কামৰূপ মহানগৰ জিলা সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.