Historic Sukapha Maidam : বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং ছ্যুকাফাৰ মৈদামত বেদখল

author img

By

Published : Aug 1, 2022, 6:57 PM IST

Historic Sukapha Maidam

চৰাইদেউত এলাগী আহোম ৰাজত্বকালৰ ঐতিহ্য (Chaolung Sukapha Cemetery)৷ ঐতিহ্য ক্ষেত্ৰ সংৰক্ষণৰ বিপৰীতে চাওলুং ছ্যুকাফাৰ মৈদাম অৱহেলিত, অনাদৃত ৷ ছ্যুকাফা মৈদামৰ ভূমিত নিৰ্মাণ হ’ল চৰকাৰী শৌচালয় ৷ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷

শিৱসাগৰ/ডিব্ৰুগড়, 1 আগষ্ট: ৰাজ্য চৰকাৰে ঐতিহাসিক ক্ষেত্ৰ সংৰক্ষণ কৰাৰ লগতে সৌন্দৰ্যবধন কৰাৰ বাব অভিলাষী আঁচনি ঘোষণা কৰা সময়তেই বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং ছ্যুকাফাৰ মৈদাম এতিয়া বেদখলৰ কবলত পৰিছে (Chaolung Sukapha Cemetery) । ১২২৮ চনত বৰ অসম আৰু বৃহত্তৰ অসমীয়া জাতি গঠন কৰে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ প্ৰথমজন স্বৰ্গদেউ চাওলুং ছ্যুকাফাই । কিন্তু বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ ছ্যুকাফাৰ মৈদাম আজি বেদখলৰ কবলত ।

একাংশ সমাজ বিৰোধী লোকে স্বৰ্গদেউগৰাকীৰ মৈদামৰ কাষতে কৰিছে চাহ খেতি । তাৰ পাচতো নীৰৱ চৰকাৰ কিম্বা পুৰাতত্ব বিভাগ । চৰকাৰৰ স্থিতিক লৈ খৰ্গগ্ৰস্ত হৈছে ৰাজ্য সচেতন সমাজ ৷ পুৰাতত্ব বিভাগৰ মুৰব্বীসকলে জানেনে বাৰু চৰাইদেউ ইতিহাস ?

লগতে পঢ়ক : Asom Divas Celebration : আজিও এলাগী হৈ ৰ'ল চ্যুকাফা মৈদাম

তাতোতকৈ আচৰিত স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ মৈদাম স্থলীলৈ যাব লাগে এজন লোকৰ ঘৰৰ মাজেৰেহে ৷ মৈদাম স্থলীৰ প্ৰৱেশ পথতেই লোকজনৰ বাসগৃহ । ইয়াৰ উপৰিও এই মৈদামতেই আছে লোকজনৰ শৌচাগাৰ । এই ক্ষেত্ৰতো নীৰৱ ভূমিকা গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই ।

আনকি, চৰাইদেউ চাওলুং ছ্যুকাফাৰ মৈদাম বেদখলক লৈ বিভিন্ন দল-সংগঠন সচেতন ব্যক্তিৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । সকলোৰে এতিয়া এটাই দাবী ছ্যুকাফাৰ মৈদাম বেদখল মুক্ত কৰি চৰকাৰ আৰু পুৰাতত্ত্ব বিভাগে চাওলুং ছ্যুকাফা মৈদাম সংৰক্ষণ, সৌন্দৰ্যবৰ্দ্ধনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক ৷

কিন্তু এতিয়া প্ৰশ্ন হয়, চৰকাৰৰ বাৰু সময় হ’বনে আহোমৰ ৬০০ বছৰীয়া ইতিহাসৰ বিৰল চানেকি স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ মৈদাম বেদখল সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ! নে সময়ৰ সোঁতত বিলিন হৈ পৰিব ৬০০ বছৰীয়া আহোম ৰাজত্বৰ অস্তিত্ব ৷

লগতে পঢ়ক : বিশ্বত জিলিকিব বীৰ লাচিতৰ মৈদাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.