বিশ্বত জিলিকিব বীৰ লাচিতৰ মৈদাম

By

Published : Jun 12, 2022, 5:18 PM IST

thumbnail

ঐতিহাসিক বীৰ লাচিতৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ নিৰ্মাণৰ বাবে ঘোষণা কৰা হ’ল (Historic Lachit Borphukan Maidam in Jorhat) ৷ শনিবাৰে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পাচতে এতিয়া উৎফুলিত হৈ পৰিছে যোৰহাট তথা হোলোঙাপাৰবাসী ৷ তথ্য অনুসৰি, ২১ নৱেম্বৰ তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ অন্তৰ্গত লাহদৈগড় হোলোঙাপাৰস্থিত ঐতিহাসিক বীৰ লাচিত মৈদাম প্ৰাংগণত উপস্থিত হৈ বীৰজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অৰ্থে অনতি পলমে উক্ত স্থান বীৰ লাচিত পৰ্যটন ক্ষেত্ৰ গঢ় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । সেই প্ৰতিশ্ৰুতিৰ ছমাহৰ পাচতেই শনিবাৰে তেজপুৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে এই লাচিত মৈদাম পৰ্যটন প্ৰকল্প নিৰ্মাণৰ বাবে প্ৰায় ডেৰশ কোটি টকা অনুমোদন জনায় ৷ জাতীয় বীৰগৰাকীৰ আদৰ্শ, সৌৰ্য-বিৰ্য বিশ্ব দৰবাৰত চিনাকী কৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰে ৫০ বিঘা ভূমি সামৰি যি অভিলাষী প্ৰকল্প হাতত হৈছে ৷ এয়া অসমৰ বাবে অতি আদৰণীয় বুলি সকলোৱে মন্তব্য কৰিছে । ইপিনে ব্যস্ততাৰ মাজতে কথা দি কথা ৰখাৰ বাবে এতিয়া লাচিত মৈদাম সংৰক্ষণ সমিতি, স্থানীয় দল-সংগঠন তথা ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় ৷ লগতে অনতি পলমে প্ৰকল্পটোৰ কাম আৰম্ভ কৰি শেষ নোহোৱা পৰ্যন্ত নিজে তদাৰক কৰি সপোনৰ প্ৰকল্পটো গঢ় দিবলৈ যোৰহাটবাসীয়ে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.