ETV Bharat / state

নিঃশেষ হোৱাৰ দিশে ঐতিহাসিক নৰাকোঁৱৰৰ মৈদাম

author img

By

Published : Jul 22, 2021, 2:09 PM IST

historical moidams of shivsagar on the verge of destruction
নিঃশেষ হোৱাৰ দিশে ঐতিহাসিক নৰাকোঁৱৰৰ মৈদাম

ধ্বংসৰ গৰাহত শিৱসাগৰৰ ঐতিহাসিক মৈদাম সমূহ ৷ উপযুক্ত সংৰক্ষণৰ অভাৱত জহি-খহি যোৱাৰ উপক্ৰম ঘটিছে শিৱসাগৰৰ ভিন্ন প্ৰান্তত অৱস্থিত বহু ঐতিহাসিক সমল তথা মৈদাম সমূহ ৷ যাক লৈ এতিয়া চিন্তিত শিৱসাগৰবাসী ৷

আমগুৰি, 22 জুলাই : ইতিহাসৰ পাঠতেই এতিয়া সীমাবদ্ধ হোৱাৰ দিশে আহোম ৰাজত্বৰ কিছু পুৰণি সমল ৷ বিশেষকৈ সংৰক্ষণৰ অভাৱত নিঃশেষ হোৱাৰ দিশে শিৱসাগৰৰ ঐতিহাসিক মৈদাম সমূহ ৷ আহোম ৰাজত্বৰ সমল সমূহ ৰাজ্য চৰকাৰ বা পুৰাতত্ব বিভাগে সংৰক্ষণৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ সচেতন মহলে ৷

ছশ বছৰীয়া আহোম ৰাজত্বৰ সোণালী স্বাক্ষৰ বহন কৰা ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তত বহু ঐতিহাসিক সমল সিঁচৰতি হৈ আছে । আহোম যুগৰ কীৰ্তি চিহ্নৰ ক্ষেত্ৰত শিৱসাগৰ জিলা চহকী । কিন্তু উপযুক্ত সংৰক্ষণ আৰু পুৰাতত্ত্ব বিভাগৰ অমনোযোগিতাৰ ফলত একাংশ সম্পদ আজিও লোকচক্ষুৰ আঁতৰত থাকিয়েই নিঃশেষ হ'বলৈ আৰম্ভ কৰিছে ।

শিৱসাগৰ জিলাত এনে কিছু মৈদাম আৰু পুখুৰী আছে, যিবিলাকৰ প্ৰকৃত বুৰঞ্জী তথা শুদ্ধ তথ্য আজিও উদ্ধাৰ হোৱা নাই । জিলাখনৰ অতীতৰ মাছখোৱা গড়ৰ পশ্চিম দিশত জাঁজী-জামুগুৰিৰ পৰা প্ৰায় পাঁচ কি:মি: আঁতৰত জকাইচুক পথাৰৰ মাজত থকা বহুকেইটা মৈদাম আজিও সগৌৰৱেৰে জিলিকি আছে । এই মৈদাম কেইটা হৈছে - নৰাকোঁৱৰ মৈদাম, হেলি-মেলি ডেকা বৰফুকন মৈদাম, জাপৰি মৈদাম, বামুণী মৈদাম, শিলিখা মৈদাম, ঢিপ-ঢাপ মৈদাম ।

নিঃশেষ হোৱাৰ দিশে শিৱসাগৰৰ ঐতিহাসিক মৈদামসমূহ

জকাইচুক পথাৰৰ মাজত নৰাকোঁৱৰ বাইলুং গাঁৱত অৱস্থিত এই মৈদামকেইটা প্ৰকৃততে কোন বিষয়াৰ মৈদাম আছিল, তাৰ কোনো সুস্পষ্ট তথ্য পোৱা নাযায় ৷ উল্লেখ্য যে, আহোম যুগৰ মৈদাম বিলাক সাধাৰণতে আঠকোণীয়া হয় । সেইফালৰ পৰা নিশ্চিত যে, মৈদাম কেইটা আহোম যুগৰ । মৈদাম কেইটাৰ সন্দৰ্ভত বুৰঞ্জী নিমাত যদিও মৌখিকভাৱে কিছু কিংবদন্তি প্ৰচলিত হৈ আহিছে ।

জিলাখনৰ উত্তৰ দক্ষিণত বসবাস কৰা নৰাসকল হ'ল 'টাই' জাতিৰ এটা ফৈদ । ঘটনাক্ৰমত পৰি অতীতৰ এজন চাৰিং ৰজাই নৰা জাতিৰ এগৰাকী কন্যা বিয়া কৰায় । নৰা কন্যাগৰাকী গৰ্ভৱতী অৱস্থাত এদিন এজন নগা যুৱক জিলালৈ ফুৰিবলৈ আহে । নগা যুৱকজন দেখিবলৈ সুন্দৰ চেহেৰাৰ আছিল ।

নৰা কুঁৱৰীয়ে যুৱকজনৰ ৰূপৰ প্ৰশংসা কৰাত চাৰিঙৰ ৰজাই খঙতে কুঁৱৰীক নগা যুৱকজনৰ লগত পঠিয়াই দিয়ে । নগা যুৱকে গৰ্ভৱতী কুঁৱৰীক নি চাংঘৰ সাজি থাকিবলৈ লয় । সময়ত নৰা কুঁৱৰীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে । এই পুত্ৰ সন্তানৰ নামেই নৰাকোঁৱৰ ।

পূৰ্ব পুৰুষৰ পৰা জানিব পৰা মতে, নৰাকোঁৱৰ চাৰিং ৰজাৰ পুত্ৰ আছিল । ৰজাই পিছত নগা যুৱক আৰু কুঁৱৰীক ২৬ পুৰা মাটি-ভেঁটি দি সংস্থাপিত কৰে । কালক্ৰমত এইজন নৰাকোঁৱৰ মন্ত্ৰীত্বৰ পদবীও লাভ কৰিছিল ৷ এইজন নৰাকোঁৱৰ মৃত্যুৰ পিছত মৈদাম সমাধি দিয়া হয় ।

নৰাকোঁৱৰৰ বাৰী আৰু ছপুৰা মাটিকালি সামৰি এটা পুখুৰী আজিও স্থানীয় বাইলুং গাঁৱত আছে । গুৰুত্বপূৰ্ণ বিষয় যে, জকাইচুক পথাৰৰ মাজত থকা ছটাকৈ মৈদামৰ সংৰক্ষণৰ ক্ষেত্ৰত আজিও পুৰাতত্ত্ব বিভাগে ব্যৱস্থা গ্ৰহণ কৰা নাই । আনকি মৈদামকেইটা কোন বিষয়া অথবা কোনো মন্ত্ৰীৰ আছিল নেকি, সেই বিষয়টো আজি পৰ্যন্ত অনুসন্ধান অথবা জৰীপ চলোৱাৰ পৰা বিৰত আছে ৰাজ্যৰ পুৰাতত্ব বিভাগে । এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

শিৱসাগৰ জিলাখনত এনে বহু মৈদাম আৰু পুখুৰী আছে যিসমূহ আজি পৰ্যন্ত উদ্ধাৰ হোৱা নাই । আনহাতে, জকাইচুক পথাৰৰ মাজত থকা ছটাকৈ মৈদামৰ বহুকেইটাৰ বৰ্তমান অৱশিষ্টহে আছে গৈ । বহুকেইটা মৈদামৰ মাটি খান্দি সৰু কৰি পেলোৱাৰ লগতে উপযুক্ত সংৰক্ষণ আৰু যাতায়াতৰ ব্যৱস্থা নথকাত নিঃশেষ হ'বলৈ আৰম্ভ কৰিছে । এইক্ষেত্ৰত স্থানীয় বহুকেইজন সচেতন লোকে মৈদামকেইটাৰ সংৰক্ষণৰ বাবে চেষ্টা চলাই আহিছে ৷ এই ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে সচেতন মহলে ৷

লগতে পঢ়ক: ধ্বংসৰ গৰাহত স্বৰ্গদেউ চুপিমফাৰ দিনৰ বহু সমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.