ETV Bharat / state

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 17, 2021, 3:11 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...
তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

গুৱাহাটীত অনুষ্ঠিত হ’ব North-East Education Conclave

আগন্তুক 20 আৰু 21 নৱেম্বৰত গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব উত্তৰ-পূৱ শৈক্ষিক সন্মিলন(North East Education Conclave) । শংকৰদেৱ এডুকেশ্যন এণ্ড ৰিচাৰ্ছ ফাউণ্ডেশ্বন(Sankardev Education and Research Foundation) নামৰ এটা অনুষ্ঠানৰ সৈতে যৌথভাৱে এই সন্মিলনৰ আয়োজন কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে(Education Department) । বুধবাৰে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(Dr Ranoj Pegu)য়ে ৷

Do not travel to Jammu and Kashmir : দেশীয় নাগৰিকলৈ সতৰ্কবাণী আমেৰিকাৰ

ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত দেশৰ নাগৰিকসকলৰ বাবে ভ্ৰমণৰ সতৰ্কতাবাণী জাৰি কৰিছে আমেৰিকাই ৷ সন্ত্ৰাসবাদজনিত কাৰ্যকলাপৰ বাবে জম্মু আৰু কাশ্মীৰৰ লগতে ভাৰত-পাক সীমান্তৰ দাঁতিকাষৰীয়া অঞ্চললৈ আমেৰিকান নাগৰিকসকলক ভ্ৰমণ নকৰিবলৈ আহ্বান জনোৱা হৈছে ৷

BTC Assembly:অধিৱেশনৰ প্ৰথমটো দিনতে পৰিষদ ভৱনত সাংবাদিকৰ প্ৰতিবাদ

দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিচিৰ পৰিষদীয় অধিৱেশন । কিন্তু অধিৱেশনৰ প্ৰথমটো দিনতে পৰিষদীয় ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ সাংবাদিকে । কিহৰ বাবে সাংবাদিকসকলৰ এই প্ৰতিবাদ ?

ayanagar Road accident : গাখীৰৰ ভানত উদণ্ড যুৱকৰ তীব্ৰবেগী বাহনৰ খুন্দা

মঙলবাৰে নিশা মহানগৰীৰ জয়ানগৰত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা(jayanagar Road accident) ৷ উদণ্ড যুৱকৰ তীব্ৰবেগী বাহনে খুন্দা মাৰে বিপৰীত দিশৰ পৰা অহা গাখীৰ কঢ়িওৱা বাহনত ৷ দুৰ্ঘটনাৰ পিছতে তীব্ৰবেগী দুখনকৈ বাহন চালকৰৰ পলায়ন ৷

UNSC ত পুনৰ পাকিস্তানক সকীয়নি ভাৰতীয় প্ৰতিনিধিৰ

ৰাষ্ট্ৰসংঘত কাশ্মীৰৰ বিষয় উত্থাপন কৰাকলৈ পাকিস্তানক পুনৰ সমালোচনা ভাৰতৰ । নিৰাপত্তা পৰিষদৰ বৈঠকত ভাৰতৰ স্থায়ী অভিযানৰ পৰামৰ্শদাতা ড৹ কাজল ভাটে ইছলামাবাদক তীব্ৰ সমালোচনা কৰে । কেন্দ্ৰীয় শাসিত অঞ্চলত পাকিস্তানে বেদখল কৰি থকা স্থান অতি শীঘ্ৰে খালী কৰিবলৈ পাকিস্তানক আহ্বান জনাইছে ড৹ কাজল ভাটে ।

Tripura Violence : ত্ৰিপুৰা আৰক্ষীৰ বিৰুদ্ধে সৰৱ Press Club of India

শেহতীয়াকৈ ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীস্থিত এটা সংবাদ প্ৰতিষ্ঠানৰ দুই সাংবাদিকক । ত্ৰিপুৰাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা দুই সাংবাদিকৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা এই ব্যৱস্থাক সমালোচনা প্ৰেছ ক্লাৱ অব ইণ্ডিয়াৰ । ত্ৰিপুৰা আৰক্ষীৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ প্ৰেছ ক্লাৱ অব ইণ্ডিয়াৰ ।

NASAৰ LROৰ সৈতে সংঘৰ্ষ হোৱাৰ পৰা ৰক্ষা পৰিল Chandrayaan-2 Orbiter

Chandrayaan-2 Orbiter আৰু আমেৰিকাৰ Lunar Reconnaissance Orbiter (LRO)ৰ মাজত সংঘৰ্ষ ৰোধৰ বাবে অপ্ৰত্যাশিত পদক্ষেপ গ্ৰহণ কৰিছে ISRO এ ৷ পোন প্ৰথমবাৰৰ বাবে ISRO মহাকাশ গৱেষণা অভিযানত সংঘটিত হৈছে এই ঘটনা ৷

Martyr Suman Swargiary ৰ সমাধিৰ কাষত ৰৈ আলফা(স্বা)ক আলোচনাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

শ্বহীদ সুমন স্বৰ্গীয়াৰী(Martyr Suman Swargiary)ৰ বাসগৃহৰ সন্মুখৰ পথটো পকীকৰণ কৰা হ'ব । বুধবাৰে শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাক্সাস্থিত বাসগৃহত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma) ই । মুখ্যমন্ত্ৰীগৰাকীয়ে আলফা(স্বাধীন)ক শান্তি আলোচনালৈও আহ্বান জনায় ।

Drugs Seized :বোকাজানত প্ৰায় 12 কোটি টকাৰ হেৰ’ইন জব্দ

ৰাজ্যৰ বিভিন্ন প্ৰন্তত প্ৰতিদিনে আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে নিচাজাতীয় সামগ্ৰী ৷ ইয়াৰ মাজতে মঙলবাৰে নিশা বোকাজানত উদ্ধাৰ হয় প্ৰায় 12 কোটি টকাৰ নিষিদ্ধ হেৰ’ইন ৷ পালয়নৰ চেষ্টা চলোৱা ড্ৰাগছ সৰবৰাহকাৰীক গুলীয়ালে আৰক্ষীয়ে ৷

ত্ৰিপুৰা চৰকাৰৰ নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ স্পষ্টীকৰণ বিচাৰিছে CPI(M)এ

পৌৰসভাৰ নিৰ্বাচনৰ বাবে ত্ৰিপুৰাত জাৰি থকা নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ পৰা স্পষ্টীকৰণ বিচাৰিছে বিৰোধী চি পি আই (এম)এ ৷ এই লৈ ৰাজ্যিক নিৰ্বাচনী বিষয়ালৈ পত্ৰ প্ৰেৰণ ত্ৰিপুৰা চি পি আই (এম)ৰ সম্পাদক জিতেন্দ্ৰ চৌধুৰীৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.