ETV Bharat / bharat

NASAৰ LROৰ সৈতে সংঘৰ্ষ হোৱাৰ পৰা ৰক্ষা পৰিল Chandrayaan-2 Orbiter

author img

By

Published : Nov 17, 2021, 12:59 PM IST

Chandrayaan-2 Orbiter আৰু আমেৰিকাৰ Lunar Reconnaissance Orbiter (LRO)ৰ মাজত সংঘৰ্ষ ৰোধৰ বাবে অপ্ৰত্যাশিত পদক্ষেপ গ্ৰহণ কৰিছে ISRO এ ৷ পোন প্ৰথমবাৰৰ বাবে ISRO মহাকাশ গৱেষণা অভিযানত সংঘটিত হৈছে এই ঘটনা ৷

India's Chandrayaan-2 avoids collision with NASA's moon orbiter
NASAৰ LROৰ সৈতে সংঘৰ্ষ হোৱাৰ পৰা ৰক্ষা পৰিল Chandrayaan-2 Orbiter

নেশ্যনেল ডেস্ক, 17 নৱেম্বৰ : পোন প্ৰথমবাৰৰ বাবে মহাকাশ গৱেষণা অভিযানত Chandrayaan-2 Orbiter আৰু আমেৰিকাৰ Lunar Reconnaissance Orbiter (LRO)ৰ মাজত সংঘৰ্ষ ৰোধৰ বাবে অপ্ৰত্যাশিত পদক্ষেপ গ্ৰহণ কৰিছে Indian Space Research Organisation চমুকৈ ISRO এ ৷ ISRO এ জানোৱা অনুসৰি, Chandrayaan-2 আৰু NASAৰ Lunar Reconnaissance Orbiter এ চলিত বৰ্ষৰ 20 অক্টোবৰত চন্দ্ৰৰ উত্তৰ মেৰুত নিচেই কাষ চপাৰ ধাৰণা কৰা হৈছিল ৷

ISRO আৰু NASAৰ ‘জেট প্ৰপালচন লেবৰেটৰী’ (Jet Propulsion Laboratory) গণনা অনুসৰি 2021ৰ 20 অক্টোবৰত ভাৰতীয় সময় অনুসৰি 11.15 বজাত এই দুয়োটা মহাকাশযানৰ মাজত দূৰত্ব 100 মিটাৰৰো কম হ’ব বুলি ধাৰণা কৰা হৈছিল ৷ এই পৰিস্থিতিত মহাকাশযান দুখনৰ মাজত সংঘৰ্ষ ৰোধৰ বাবে দুয়োটা সংস্থাৰ মাজত হোৱা পাৰস্পৰিক চুক্তি অনুসৰি Chandrayaan-2 Orbiter ক 18 অক্টোবৰত আঁতৰাই দিয়াৰ বাবে ISRO আৰু NASA সন্মত হৈছিল ৷

ISROৰ মতে, Chandrayaan-2 Orbiterৰ কক্ষপথ নিৰ্ধাৰণৰ অন্তত লাভ কৰা ট্ৰেকিং তথ্যৰ পিছত এইটো পুনৰ নিশ্চিত কৰা হয় যে অদূৰ ভৱিষ্যতে এই কক্ষপথত Lunar Reconnaissance Orbiterৰ সৈতে আৰু কোনো ধৰণৰ মুখামুখী নহ'ব । উল্লেখ্য যে, এই দুয়োখন orbiterএ চন্দ্ৰৰ মেৰু প্ৰদক্ষিণ কৰে যাৰবাবে দুয়োখন মহাকশযানেই চন্দ্ৰৰ মেৰুত ইটোৱে আনটোৰ ওচৰলৈ আহে ৷

Chandrayaan-2 Orbiterএ যোৱা দুটা বছৰে চন্দ্ৰৰ কক্ষপথত প্ৰদক্ষিণ কৰি আছে ৷ ২০২০ চনত ভাৰতৰ ৭০০ কিল’গ্ৰাম কাৰ্টোগ্ৰাফী উপগ্ৰহ Cartosat-2F আৰু ৰাছিয়াৰ ৪৫০ কিল’গ্ৰাম Kanopus-V উপগ্ৰহৰ মাজতো সংঘৰ্ষৰ উপক্ৰম হৈছিল ৷

লগতে পঢ়ক : VAT on aviation fuel : বিমানৰ ইন্ধনৰ ওপৰত VAT হ্ৰাস কৰিব ত্ৰিপুৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.