ETV Bharat / bharat

VAT on aviation fuel : বিমানৰ ইন্ধনৰ ওপৰত VAT হ্ৰাস কৰিব ত্ৰিপুৰাই

author img

By

Published : Nov 17, 2021, 11:32 AM IST

আগৰতলাস্থিত মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰে(Maharaja Bir Bikram Airport) আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মৰ্যাদা লাভ কৰাৰ পাচতে বিমানৰ ইন্ধনৰ ওপৰত আৰোপ কৰা Value-Added Tax (VAT) ১৬ শতাংশৰ পৰা ১ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ত্ৰিপুৰা চৰকাৰে । বিমান পৰিবহণ উন্নত হোৱাৰ আশাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

Tripura reduces VAT on aviation fuel
বিমানৰ ইন্ধনৰ ওপৰত VAT হ্ৰাস কৰিব ত্ৰিপুৰাই

নেশ্যনেল ডেস্ক, ১৭ নৱেম্বৰ: বিমান পৰিবহণ উন্নত হোৱাৰ উদ্দেশ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে(Tripura Govt) । বিমানৰ ইন্ধনৰ ওপৰত আৰোপ কৰা Value-Added Tax (VAT) ১৬ শতাংশৰ পৰা ১ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ত্ৰিপুৰা চৰকাৰে । মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰে(Maharaja Bir Bikram Airport) আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মৰ্যাদা লাভ কৰাৰ পাচতে ৰাজ্য চৰকাৰে VAT হ্ৰাস কৰিব । মঙলবাৰে তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰী(Information and cultural affairs minister Sushanta Chowdhury)য়ে সাংবাদিকৰ আগত কয় যে, নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ বাবে বিমানবন্দৰটোক শীঘ্ৰেই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মৰ্যাদা প্ৰদান কৰা হ'ব বুলি আশা কৰা হৈছে ।

এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বিমানত ব্যৱহৃত ইন্ধনৰ মূল্যৰ ওপৰত ৰাজ্যৰ VATৰ অংশ কৰ্তন কৰিলে ত্ৰিপুৰা চৰকাৰে বাৰ্ষিক ১.৬৭ কোটি টকাৰ লোকচান বহন কৰিব লাগিব । তেওঁ লগতে কয় যে, ইয়াৰ পূৰ্বে, কৰৰ জৰিয়তে চৰকাৰৰ উপাৰ্জন আছিল বছৰি ১.৭৮ কোটি টকা । চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে তুলনা কৰি তেওঁ কয় যে, বৰ্তমান পশ্চিমবংগই ২৫ শতাংশ VAT আদায় কৰি আছে আৰু অসমে ২৩.৬৫ শতাংশ VAT আদায় কৰি আছে । তেওঁ কয় যে, ত্ৰিপুৰা চৰকাৰে আশা কৰিছে যে, এই পদক্ষেপ গ্ৰহণ কৰাৰ পিছত মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত অৱতৰণ কৰা বিমানৰ সংখ্যা বৃদ্ধি পাব ।

পূৰ্বৰ চৰকাৰে বিমানত ব্যৱহৃত ইন্ধনৰ মূল্যৰ ওপৰত ১৮ শতাংশ কৰ আদায় কৰিছিল । ২০১৮ চনৰ নৱেম্বৰ মাহত ভাৰতীয় জনতা পাৰ্টী(BJP) নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ কৰ অংশ ২ শতাংশ হ্ৰাস কৰে আৰু ১৬ শতাংশ নিৰ্ধাৰণ কৰে । এতিয়া বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি VAT অধিক হ্ৰাস কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:Tripura civic body election : ত্ৰিপুৰা ডেম'ক্ৰেটিক ফ্ৰণ্টৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.