ETV Bharat / bharat

Tripura civic body election : ত্ৰিপুৰা ডেম'ক্ৰেটিক ফ্ৰণ্টৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

author img

By

Published : Nov 17, 2021, 10:30 AM IST

পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ত্ৰিপুৰা(Tripura)ত অব্যাহত আছে প্ৰচাৰ অভিযান । ত্ৰিপুৰা ডেম'ক্ৰেটিক ফ্ৰণ্টে(Tripura Democratic Front) বিজয়ৰ আশাৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ । চাৰিখনৰ আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে দলটোৱে ।

Tripura Democratic Front intensified poll campaign in Tripura
ত্ৰিপুৰা ডেম'ক্ৰেটিক ফ্ৰণ্টৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

নেশ্যনেল ডেস্ক, ১৭ নৱেম্বৰ : মাজত মাথোঁ কেইটামান দিন । ২৫ নৱেম্বৰত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব পৌৰ নিগমৰ নিৰ্বাচন । ৰাষ্ট্ৰীয়, আঞ্চলিক দলসমূহৰ লগতে নৱগঠিত ত্ৰিপুৰা ডেম'ক্ৰেটিক ফ্ৰণ্টে(Tripura Democratic Front)ও প্ৰচাৰ অভিযান চলাইছে । দলটোৰ সভাপতি পূজন বিশ্বাসে(Pujan Biswas) জনোৱা মতে, আগৰতলা পৌৰ নিগম(Agartala Municipal Corporation)ৰ ২৩, ৩৪ আৰু ২১ নং ৱাৰ্ড আৰু গোমতী জিলাৰ অমৰপুৰ উপ-সংমণ্ডলৰ এখন নগৰ পঞ্চায়তৰ পৰা দলটোৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব ।

তেওঁ কয় যে, দলটোৱে আটাইকেইটা ৱাৰ্ডতে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । পৌৰ নিগমৰ নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দিতা কৰা আটাইকেইখন আসন ত্ৰিপুৰা ডেম'ক্ৰেটিক ফ্ৰণ্টৰ দখললৈ অহাটো নিশ্চিত বুলি পূজন বিশ্বাসে মন্তব্য কৰে । তেওঁ লগতে জনায় যে, দলটোৰ যুৱ ফেডাৰেচনে লুধৱা আৰু চাব্ৰুমত ১০০টাৰো অধিক দৰিদ্ৰ পৰিয়ালৰ মাজত কম্বল বিতৰণ কৰিছে । এতিয়ালৈকে সেই অঞ্চলবোৰত দলটোৱে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাই কিন্তু অঞ্চলবাসীৰ প্ৰয়োজনৰ সময়ত তেওঁলোকে সহায় কৰিছে বুলি বিশ্বাসে মন্তব্য কৰে ।

আনহাতে পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ৰাইজৰ পৰা সঁহাৰি লাভ কৰিছে বুলি তেওঁ মন্তব্য কৰে । উল্লেখ্য যে, চলিত বৰ্ষত ৭ অক্টোবৰত পূজন বিশ্বাস সহ বহু নেতাই কংগ্ৰেছ ত্যাগ কৰি ত্ৰিপুৰা ডেম'ক্ৰেটিক ফ্ৰণ্ট গঠন কৰিছিল । পূজন বিশ্বাস ত্ৰিপুৰাৰ যুৱ কংগ্ৰেছৰ সভাপতি আছিল ।

লগতে পঢ়ক : বহিৰাগত একাংশ লোকেহে ত্ৰিপুৰাৰ শান্তিপূৰ্ণ পৰিৱেশ বিনষ্ট কৰিছে : Tripura ICA Minister

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.