ETV Bharat / bharat

বহিৰাগত একাংশ লোকেহে ত্ৰিপুৰাৰ শান্তিপূৰ্ণ পৰিৱেশ বিনষ্ট কৰিছে : Tripura ICA Minister

author img

By

Published : Nov 17, 2021, 8:11 AM IST

Img_Agartala_Tripura_ICAMinister_Violance_10002
বহিৰাগত একাংশ লোকেহে ত্ৰিপুৰাৰ শান্তিপূৰ্ণ পৰিৱেশ বিনষ্ট কৰিছে : ICA Minister Sushanta Chowdhury

শেহতীয়াকৈ দেশত চৰ্চিত হৈ থকা এটি বাতৰি হৈছে ত্ৰিপুৰাত সংঘটিত হৈ থকা সম্প্ৰদায়িক সংঘৰ্ষ ৷ কিন্তু ত্ৰিপুৰা চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ মতে, বহিৰাগত একাংশ লোকেহে ত্ৰিপুৰা ঐক্য আৰু শান্তি বিনষ্ট কৰিছে ৷

আগৰতলা, 17 নৱেম্বৰ : বহিঃৰাজ্যৰ পৰা অহা একাংশ লোকেহে ত্ৰিপুৰাৰ শান্তিপূৰ্ণ পৰিৱেশ বিনষ্ট কৰিছে ৷ এই অভিযোগ ৰাজ্যখনৰ তথ্য আৰু সাংস্কৃতিক মন্ত্ৰী সুশান্ত চৌধুৰীৰ (ICA Minister Sushanta Chowdhury) ৷ সাংবাদিকৰে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে কয়, "ত্ৰিপুৰাত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষ সকলো লোকেই ভাতৃত্ববোধেৰে বসবাস কৰি আহিছে ৷ কিন্তু যোৱা কিছুদিন ধৰি বহিৰাগত একাংশ লোকে ৰাজ্যখনৰ এই পৰিৱেশটো বিনষ্ট কৰিবলৈ প্ৰয়াস কৰি আহিছে ৷ এয়া নিন্দনীয় ৷"

তেওঁ লগতে কয়, ত্ৰিপুৰাৰ বাহিৰৰ পৰা অহা কিছুসংখ্যক লোকে মিছা ভাওনাত ৰাজ্যখনত প্ৰৱেশ কৰি ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্য আৰু গৌৰৱ কলুষিত কৰিবলৈ চেষ্টা কৰি আছে ৷ ভুৱা বাতৰি আৰু ভিডিঅ’ প্ৰচাৰ কৰি, কিছুসংখ্যক লোকে ৰাজ্যখনৰ হিন্দু-মুছলমানৰ মাজত থকা একতাৰ পৰিৱেশ বিনষ্ট কৰি বিভেদ আনিবলৈ প্ৰয়াস কৰি আছে ৷

বৰ্তমানলৈকে ৰাজ্যখনত এনে কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই যিয়ে এই শান্তিপূৰ্ণ বাতাবৰণ বিনষ্ট কৰিব পাৰে ৷ ৰাজ্যখনৰ হিন্দু-মুছলমান, জাতি-জনজাতিৰ লোকসকল ভাতৃত্ববোধৰ দ্বাৰা আৱদ্ধ । ইয়াক ধ্বংস কৰিবলৈ এটা গভীৰ ষড়যন্ত্ৰ চলি আছে । ৰাজ্য চৰকাৰে এই ষড়যন্ত্ৰ মষিমূৰ কৰিবলৈ জনসাধাৰণৰ সৈতে মিলি মোকাবিলা কৰিব ৷

কিছুদিন পূৰ্বে একাংশই ত্ৰিপুৰাত জনগোষ্ঠীয় বিভিন্নতা অনাৰ প্ৰয়াস কৰিছিল ৷ কিন্তু মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ তৎপৰাত আৰু ত্ৰিপুৰা আৰক্ষীৰ সহযোগিতাত, ইয়াৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰা হয় ৷ ৰাজ্য চৰকাৰে কোনো ষড়যন্ত্ৰৰ জৰিয়তে ৰাজ্যখনক বদনাম হ'বলৈ নিদিয়ে বুলিও মন্তব্য কৰে মন্ত্ৰী সুশান্ত চৌধুৰীয়ে ৷

লগতে পঢ়ক : Assam Rifles ৰ অভিযানত তিনিজন NSCN কেডাৰ নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.