ETV Bharat / state

Jayanagar Road accident : গাখীৰৰ ভানত উদণ্ড যুৱকৰ তীব্ৰবেগী বাহনৰ খুন্দা

author img

By

Published : Nov 17, 2021, 1:19 PM IST

মঙলবাৰে নিশা মহানগৰীৰ জয়ানগৰত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা(jayanagar Road accident) ৷ উদণ্ড যুৱকৰ তীব্ৰবেগী বাহনে খুন্দা মাৰে বিপৰীত দিশৰ পৰা অহা গাখীৰ কঢ়িওৱা বাহনত ৷ দুৰ্ঘটনাৰ পিছতে তীব্ৰবেগী দুখনকৈ বাহন চালকৰৰ পলায়ন ৷

Road accident in front of APSC Building in jayanagar guwahati assam etv bharat news
পথ দুৰ্ঘটনা

গুৱাহাটী, 17 নৱেম্বৰ : নিশা হ’লেই যেন জয়াল হৈ পৰে মহানগৰীৰ ৰাজপথ ৷ ৰাজপথৰ এন্ধাৰ গলি নহয়, পোহৰৰ মাজতেই চলে একাংশৰ উদ্ভণ্ডালি ৷ মঙলবাৰে নিশাও মহানগৰীৰ ৰাজপথত তাণ্ডৱ চলায় একাংশ উদণ্ড যুৱকে ৷ জয়ানগৰৰ Walking Zone ৰ Car Racing ত একাংশ উদণ্ড যুৱকে চলোৱা তাণ্ডৱৰ ফলতে সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷

জয়ানগৰস্থিত APSC বিল্ডিঙৰ সন্মুখতে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা ৷ দুখন বিলাসী বাহনত অহা যুৱকে Car Race কৰাৰ সময়তে দুৰ্ঘটনাটো ঘটে ৷ ইয়াৰে i20 বাহনখনে এখন গাখীৰ কঢ়িওৱা বলেৰ’ পিক আপ ভান(Bolero Pic up van)ত মুখামুখিকৈ খুন্দিওৱাৰ ফলত i20 খনত থকা আৰোহী দুগৰাকী আহত হয় ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে i20 খনৰ লগতে থকা Duster বাহনখন ৷

তীব্ৰবেগী i20 ৰ সৈতে বলেৰ’ পিক আপ ভানৰ সংঘৰ্ষ

লগতে চাওক: Martyr Suman Swargiary : থেকেৰাকুছিত শ্বহীদৰ ঘৰত এবছুৰ সভাপতি দ্বীপেন বড়ো

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত দুয়োখন বাহনে তীব্ৰবেগত আহিছিল ৷ একমাত্ৰ বাহন দুখনৰ তীব্ৰবেগৰ ফলতে দুৰ্ঘটনাতো সংঘটিত হোৱা বুলি ঘটনাস্থলীত উপস্থিত থকা লোকসকলে ব্যক্ত কৰে ৷

উক্ত দুৰ্ঘটনাৰ পিছতে ক্ষুব্ধ হৈ পৰে স্থানীয় লোকসকল ৷ পূৰ্বেও APSC ৰ কাৰ্যালয়(APSC office Guwahati)ৰ সন্মুখত এনে ঘটনা সংঘটিত হোৱাৰ নজিৰ আছে ৷ একাংশ উদণ্ড যুৱকে দেখুওৱা Stunt ৰ বাবে প্ৰায়ে অঞ্চলটোত এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ দুৰ্ঘটনাটোৰ ফলত গাখীৰ কঢ়িওৱা বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয় ৷

বহু বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱা(Model Rajkanya Baruah)ই সুৰাপান কৰি নিজৰ বাহনেৰে খুন্দিয়াই আহত কৰিছিল ৰাজপথত শুই থকা বহুকেইগৰাকী শ্ৰমিকক ৷ ইয়াৰে জোচেফ মাৰাক(Joseph Marak)ৰ মৃত্যু ঘটাৰ পিছতে কাৰাবাস খাটি থকা ৰাজকন্যাৰ গোচৰত আহে টুইষ্ট ৷ বিগত সোমবাৰেও গড়চুক থানা(Garchuk Police Station) চৌহদত সুৰাৰ ৰাগীত মাতলামি কৰিছিল এগৰাকী যুৱতীয়ে ৷ যুৱতীগৰাকীয়ে আৰক্ষীক উদ্দেশ্যি অশ্লীল বাক্যবাণ কৰাৰো অভিযোগ উত্থাপিত হৈছিল ৷

লগতে চাওক: Drugs Seized :বোকাজানত প্ৰায় 12 কোটি টকাৰ হেৰ’ইন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.