Martyr Suman Swargiary : থেকেৰাকুছিত শ্বহীদৰ ঘৰত এবছুৰ সভাপতি দ্বীপেন বড়ো

By

Published : Nov 17, 2021, 11:16 AM IST

thumbnail

ৰাজনৈতিক নেতা-পালিনেতাৰ সোঁত বৈছে শ্বহীদ সুমন স্বৰ্গীয়াৰী(Martyr Suman Swargiary)ৰ ঘৰলৈ ৷ মঙলবাৰে শ্বহীদগৰাকীৰ ঘৰত উপস্থিত হয় নিখিল বড়ো ছাত্ৰ সন্থা(ABSU)ৰ সভাপতি দ্বীপেন বড়ো ৷ বড়োৱে উগ্ৰপন্থীৰ এনে বৰ্বৰ ঘটনাক গৰিহণা প্ৰদান কৰাৰ লগতে এবছুৰ তৰফৰ পৰা পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে ৷ তদুপৰি অনাগত সময়ত এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ চৰকাৰক উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷ ইয়াৰ লগতে চৰকাৰক উত্তৰ-পূৱ ভাৰতত থকা সকলো উগ্ৰপন্থী সংগঠনকে আলোচনাৰ মেজলৈ আনিবলৈ আহ্বান জনায় ৷ যাৰ দ্বাৰা উগ্ৰপন্থীসকলে খেলা নিৰীহৰ তেজৰ ফাকুৰ খেল বন্ধ কৰিব পৰা যাব ৷ উল্লেখ্য যে, বাক্সা(Baksa)ৰ বৰমাৰ সমীপৰ থেকেৰাকুছি গাঁৱৰ প্ৰায় 50 গৰাকীতকৈও অধিক যুৱক সেনাবাহিনী, অৰ্ধ সামৰিক বাহিনী, আৰক্ষী আদি বিভাগত নিয়োজিত হৈ দেশমাতৃক সেৱা আগবঢ়াই আহিছে ৷ সেয়ে উক্ত গাঁৱখনৰ সকলো দিশ সামৰি উন্নয়ন কৰাতো চৰকাৰৰ দায়িত্ব বুলি এবছুৰ সভাপতিগৰাকীয়ে দাবী কৰে ৷ বিগত সময়ত শ্বহীদ সুমন স্বৰ্গীয়াৰী(Martyr Suman Swargiary)ৰ পিতৃকো উগ্ৰপন্থীয়ে হত্যা কৰিছিল যদিও এইক্ষেত্ৰত কোনোধৰণৰ তদন্ত কৰা নহ’ল ৷ এবছুৰ সভাপতিগৰাকীয়ে শ্বহীদগৰাকীৰ পিতৃৰ হত্যাৰ সন্দৰ্ভত পৰিয়ালটোক ন্যায় প্ৰদান কৰাতো আৱশ্যকীয় বুলি চৰকাৰক দাবী জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.