ETV Bharat / state

গুৱাহাটীত অনুষ্ঠিত হ’ব North-East Education Conclave

author img

By

Published : Nov 17, 2021, 2:10 PM IST

আগন্তুক 20 আৰু 21 নৱেম্বৰত গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব উত্তৰ-পূৱ শৈক্ষিক সন্মিলন(North East Education Conclave) । শংকৰদেৱ এডুকেশ্যন এণ্ড ৰিচাৰ্ছ ফাউণ্ডেশ্বন(Sankardev Education and Research Foundation) নামৰ এটা অনুষ্ঠানৰ সৈতে যৌথভাৱে এই সন্মিলনৰ আয়োজন কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে(Education Department) । বুধবাৰে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(Dr Ranoj Pegu)য়ে ৷

education minister press meet
শিক্ষামন্ত্ৰীৰ সংবাদমেল

গুৱাহাটী, 17 নৱেম্বৰ : ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 (National Education Policy 2020)ৰ আধাৰত চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ 20 আৰু 21 তাৰিখে গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব উত্তৰ-পূৱ শৈক্ষিক সন্মিলন(North-East Education Conclave) । বুধবাৰে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(Dr Ranoj Pegu)য়ে ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GMCH)ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ বিভিন্ন দিশ আলোচনা কৰা হ’ব । এই সন্মিলন সন্দৰ্ভত শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে, অসম যিহেতু উত্তৰ-পূৱৰ ভিতৰতে অগ্ৰজ; সেয়েহে উত্তৰ-পূৱৰ কেউখন ৰাজ্যক সামৰি গুৱাহাটীত এই সন্মিলন অনুষ্ঠিত কৰা হৈছে ।

উক্ত সন্মিলনত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান(Dharmendra Pradhan)ৰ উপৰিও উপস্থিত থাকিব ভাৰতবৰ্ষৰ প্ৰায় সকলো আগশাৰীৰ শৈক্ষিক অনুষ্ঠানৰ শীৰ্ষ বিষয়াসকল । লগতে উপস্থিত থাকিব উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ শিক্ষামন্ত্ৰীসকল । এই সন্মিলনত ভাগ ল’ব ৰাজ্যপাল জগদীশ মুখী(Jagdish Mukhi) আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা(Himanta Biswa Sarma)ই ।

গুৱাহাটীত উত্তৰ পূৱ শৈক্ষিক সন্মিলন

একেদৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ অধ্যাপক ডি পি সিং, কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক কৈলাশ শৰ্মা, AICTE ৰ অধ্যক্ষ অধ্যাপক অনিল সহস্ৰবুধে আৰু বিদ্যাভাৰতীৰ সভাপতি ডি ৰামকৃষ্ণ ৰাও এই সন্মিলনত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব বুলি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে জানিবলৈ দিয়ে ৷

শংকৰদেৱ এডুকেশ্যন এণ্ড ৰিচাৰ্ছ ফাউণ্ডেশ্বন(Sankardev Education and Research Foundation) নামৰ এটা অনুষ্ঠানৰ সৈতে যৌথভাৱে এই সন্মিলনৰ আয়োজন কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে(Education Department) । আনহাতে সংবাদমেলত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্ত(Dr Nanigopal Mahanta)ই কয় যে, আগন্তুক 20 নৱেম্বৰত একেলগে পাঁচটাকৈ সমান্তৰাল চেশ্যন এই সন্মিলনত অনুষ্ঠিত হ’ব ।

প্ৰথম চেশ্যন হ’ব উত্তৰ-পূৱৰ শিক্ষামন্ত্ৰী আৰু উপাচাৰ্যসকলৰ সৈতে । দ্বিতীয় চেশ্যন মহাবিদ্যালয়সমূহৰ অধ্যক্ষ আৰু পৰিচালনা সমিতিসমূহৰ সৈতে অনুষ্ঠিত হ’ব । তৃতীয় চেশ্যন অনুষ্ঠিত হ’ব পেছাগত শৈক্ষিক অনুষ্ঠানসমূহৰ সৈতে । আনহাতে, চতুৰ্থ চেশ্যন বিদ্যালয়সমূহৰ অধ্যক্ষ, প্ৰধান শিক্ষক, পৰিচালনা সমিতিসমূহৰ সৈতে আৰু পঞ্চমটো চেশ্যন হ’ব বিদ্যালয়ৰ শিক্ষকসকলৰ সৈতে অনুষ্ঠিত হ’ব ৷

ঠিক তেনেদৰে, 21 নৱেম্বৰতো অনুষ্ঠিত হ’ব পাঁচটাকৈ চেশ্যন । এই চেশ্যনসমূহ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব । ইতিমধ্যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সম্পূৰ্ণকৈ বলবৎ কৰা দেশৰ তিনিখন ৰাজ্য ক্ৰমে- কৰ্ণাটক, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ ফালৰ পৰা 21 নৱেম্বৰত সন্মিলনত এক উপস্থাপন(Presentation) দাঙি ধৰা হ’ব ।

লগতে পঢ়ক : Effigy Burn : লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰৰ নিম্ন মানৰ কামৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.