ETV Bharat / bharat

ত্ৰিপুৰা চৰকাৰৰ নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ স্পষ্টীকৰণ বিচাৰিছে CPI(M)এ

author img

By

Published : Nov 17, 2021, 12:06 PM IST

Img_Agartala_Tripura_CPIM_MCC_BJP_10002
ত্ৰিপুৰা চৰকাৰৰ নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ স্পষ্টীকৰণ বিচাৰিছে CPI(M)এ

পৌৰসভাৰ নিৰ্বাচনৰ বাবে ত্ৰিপুৰাত জাৰি থকা নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ পৰা স্পষ্টীকৰণ বিচাৰিছে বিৰোধী চি পি আই (এম)এ ৷ এই লৈ ৰাজ্যিক নিৰ্বাচনী বিষয়ালৈ পত্ৰ প্ৰেৰণ ত্ৰিপুৰা চি পি আই (এম)ৰ সম্পাদক জিতেন্দ্ৰ চৌধুৰীৰ ৷

আগৰতলা, 27 নৱেম্বৰ : ত্ৰিপুৰাত পৌৰসভাৰ নিৰ্বাচনৰ বাবে বলৱৎ হৈ থকা নিৰ্বাচনী আচৰণ বিধিৰ মাজত ত্ৰিপুৰা চৰকাৰৰ দ্বাৰা PMAY পুঁজিৰ আৰম্ভণি কাৰ্যসূচী মুকলি কৰাৰ বিষয়ে ৰাজ্যৰ নিৰ্বাচন আয়োগৰ পৰা স্পষ্টীকৰণ বিচাৰিছে বিৰোধী চি পি আই (এম)এ ৷ ৰাজ্য নিৰ্বাচনী বিষয়া M L Dey লৈ চি পি আই (এম)ৰ ত্ৰিপুৰা ৰাজ্যিক কমিটিৰ সম্পাদক জিতেন্দ্ৰ চৌধুৰীয়ে মঙলবাৰে লিখা পত্ৰখনত উল্লেখ আছিল যে, নিৰ্বাচনী আচৰণ বিধি ভংগৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

জিতেন্দ্ৰ চৌধুৰীয়ে পত্ৰখনত লিখিছিল, যোৱা 14 নৱেম্বৰত ত্ৰিপুৰা কেবিনেটৰ এটা গোটৰ উপস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে PMAY পুঁজিৰ প্ৰথম কিস্তি মুকলি কাৰ্যসূচী যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰিছিল ৷ এই আঁচনিৰ হিতাধিকাৰীসকলৰ ভিতৰত অধিকাংশই গ্ৰাম্য আৰু নগৰাঞ্চলৰ য’ত পৌৰসভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া চলি আছে ৷ যোকোনো ৰাজ্যিক নিৰ্বাচনত, দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্বাচনী আচৰণ বিধি অনুসৰণ কৰা হয় ৷

এইদৰে ৰাজ্যখনত পৌৰসভা নিৰ্বাচনৰ মাজতে PMAY পুঁজি মুকলি কৰাটোৱে স্পষ্টভাৱে নিৰ্বাচনী আচৰণ বিধিৰ সপ্তম ধাৰাৰ sub-rule (a) উলংঘা কৰে আৰু এই উলংঘনত দেশৰ প্ৰধানমন্ত্ৰীও প্ৰত্যক্ষভাৱে জড়িত হৈ আছে বুলি অভিযোগ জিতেন্দ্ৰ চৌধুৰীৰ ৷

তেওঁ ৰাজ্য নিৰ্বাচনী বিষয়া M L Deyক প্ৰশ্ন কৰে যে, ‘‘এতিয়া যেতিয়া চৰকাৰে খোদ নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰিছে গতিকে ৰাজ্যখনৰ গণতান্ত্ৰিক চিন্তাধাৰাৰ লোকসকলে জানিবলৈ আগ্ৰহী, PMAY পুঁজি মুকলি কৰাৰ এই কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে চৰকাৰে আপোনাৰ অনুমতি বিচাৰিছে নেকি । যদি সেইটো কৰা হোৱা নাছিল, তেন্তে আপুনি চৰকাৰৰ ফালৰ পৰা নিৰ্বাচনী আচৰণ বিধিৰ স্পষ্ট উলংঘনৰ বিষয়ে চৰকাৰৰ পৰা ব্যাখ্যা বিচাৰিব নেকি ?’’

লগতে পঢ়ক : Tripura civic body election : ত্ৰিপুৰা ডেম'ক্ৰেটিক ফ্ৰণ্টৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.