ETV Bharat / bharat

UNSC ত পুনৰ পাকিস্তানক সকীয়নি ভাৰতীয় প্ৰতিনিধিৰ

author img

By

Published : Nov 17, 2021, 1:56 PM IST

ৰাষ্ট্ৰসংঘত কাশ্মীৰৰ বিষয় উত্থাপন কৰাকলৈ পাকিস্তানক পুনৰ সমালোচনা ভাৰতৰ । নিৰাপত্তা পৰিষদৰ বৈঠকত ভাৰতৰ স্থায়ী অভিযানৰ পৰামৰ্শদাতা ড৹ কাজল ভাটে ইছলামাবাদক তীব্ৰ সমালোচনা কৰে । কেন্দ্ৰীয় শাসিত অঞ্চলত পাকিস্তানে বেদখল কৰি থকা স্থান অতি শীঘ্ৰে খালী কৰিবলৈ পাকিস্তানক আহ্বান জনাইছে ড৹ কাজল ভাটে ।

India slams Pakistan
UNSCত পুনৰ পাকিস্তানক সকীয়নি ভাৰতীয় প্ৰতিনিধিৰ

নেশ্যনেল ডেস্ক, ১৭ নৱেম্বৰ : ৰাষ্ট্ৰসংঘৰ (UN) মজিয়াত পুনৰ পাকিস্তানৰ কু-অভিসন্ধি পোহৰলৈ আনিলে ভাৰতৰ স্থায়ী অভিযানৰ পৰামৰ্শদাতা ড৹ কাজল ভাটে । বিশ্বত দিল্লীৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ বাবে পাকিস্তানে চলোৱা প্ৰচাৰ আৰু কাশ্মীৰ সমস্যা উত্থাপন কৰাৰ বাবে ইছলামাবাদক তীব্ৰ সমালোচনা ড৹ কাজল ভাটৰ (Dr Kajal Bhat) । মঙলবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (UNSC) বৈঠকত পাকিস্তানৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ভাৰতীয় বিষয়াগৰাকী ।

ভাৰতৰ স্থিতি উল্লেখ কৰি তেওঁ কয় যে, জম্মু-কাশ্মীৰ আৰু লাডাখকে ধৰি সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক অবিচ্ছেদ্য অংশ আছিল আৰু সদায়ে থাকিব । ইয়াত পাকিস্তানৰ অবৈধ দখলত থকা অঞ্চলসমূহো আছে । সেয়ে অতি শীঘ্ৰে সেই অঞ্চলসমূহ খালী কৰিবলৈ ভাৰতৰ হৈ আহ্বান জনাইছে ড৹ কাজল ভাটে । ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰতিনিধি গৰাকীয়ে কয় যে পাকিস্তানৰ প্ৰতিনিধিয়ে কৰা কিছুমান তুচ্ছ মন্তব্যৰ উত্তৰ দিবলৈ তেওঁ পুনৰ এবাৰ নিৰাপত্তা পৰিষদৰ মজিয়ালৈ আহিবলৈ বাধ্য হৈছে ।

পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ বাবে ৰাষ্ট্ৰসংঘৰ মঞ্চসমূহৰ অপব্যৱহাৰ কৰাটো প্ৰথম ঘটনা নহয় বুলি উল্লেখ কৰি ড৹ ভাটে কয় যে দেশখনৰ উদ্বেগজনক পৰিস্থিতিৰ কথা কৈ বিশ্ববাসীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে পাকিস্তানৰ প্ৰতিনিধিসকলে । কিন্তু তাত সংখ্যালঘু লোকসকলতকৈ বেছি মুক্তভাৱে বাস কৰে সন্ত্ৰাসবাদীসকলে ।

পাকিস্তানৰ বিষয়ে উল্লেখ কৰি ড৹ ভাটে লগতে কয় যে সকলো সদস্য ৰাষ্ট্ৰই জ্ঞাত যে, পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদীসকলক (terrorist) আশ্ৰয় দিয়া, সহায় কৰা আৰু সক্ৰিয়ভাৱে সমৰ্থন কৰাৰ ইতিহাস অতি পুৰণি । তেওঁ লগতে কয় যে, ৰাজ্যিক নীতিৰ বিষয় হিচাপে সন্ত্ৰাসবাদীসকলক মুকলিকৈ সমৰ্থন কৰা, প্ৰশিক্ষণ দিয়া, বিত্তীয় যোগান আৰু অস্ত্ৰ প্ৰদান কৰা দেশ হিচাপে পাকিস্তানে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে । ভাৰতৰ পৰামৰ্শদাতাগৰাকীয়ে এইটোও উল্লেখ কৰে যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দ্বাৰা নিষিদ্ধ ঘোষণা কৰা বেছি সংখ্যক সন্ত্ৰাসবাদীকে আতিথ্য দিয়াৰ অভিযোগ আছে পাকিস্তানৰ বিৰুদ্ধে ।

ইয়াৰোপৰি ড৹ ভাটে কয় যে, পাকিস্তানকে ধৰি সকলো দেশৰ সৈতে স্বাভাৱিক চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সু-সম্পৰ্ক স্থাপন কৰিব বিচাৰে ভাৰতে । আনকি ভাৰত চিমলা চুক্তি (Shimla Agreement) আৰু লাহোৰ ঘোষণাপত্ৰ (Lahore Declaration) অনুসৰি দ্বিপাক্ষিক আৰু শান্তিপূৰ্ণভাৱে অমীমাংসিত সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । কিন্তু যিকোনো অৰ্থপূৰ্ণ আলোচনা কেৱল সন্ত্ৰাসবাদী বিৰোধী আৰু হিংসামুক্ত পৰিৱেশতহে অনুষ্ঠিত কৰিব পাৰি বুলি দাবী কৰে ভাৰতীয় প্ৰতিনিধিগৰাকীয়ে । আলোচনাৰ এনে এক অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ দায়িত্ব পাকিস্তানৰ আছে বুলি তেওঁ উল্লেখ কৰি কয় যে, তেতিয়ালৈকে ভাৰতে সীমান্তৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ় আৰু নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি থাকিব ।

লগতে পঢ়ক :Aviation Turbine Fuel ৰ VAT হ্ৰাসৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.