ETV Bharat / bharat

ত্ৰিপুৰা চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাইও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

author img

By

Published : Nov 17, 2021, 10:51 AM IST

Updated : Nov 17, 2021, 11:54 AM IST

VAT
এভিয়েচন টাৰ্বাইন ইন্ধনৰ VAT হ্ৰাসৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

ত্ৰিপুৰা চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সংবাদমেল সম্বোধন কৰি ৰাজ্যখনৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীয়ে বৈঠকৰ সিদ্ধান্ত সমূহৰ বিষয়ে অৱগত কৰিছে । কি কি সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ?

আগৰতলা,১৭ নৱেম্বৰ : মঙলবাৰে অনুষ্ঠিত ত্ৰিপুৰাৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । অতিশীঘ্ৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয় আৰু খোৱাই জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতকে ধৰি বিভিন্ন বিভাগত ৬১ টা পদত নিযুক্তি দিব চৰকাৰে । ইফালে এভিয়েচন টাৰ্বাইন ফুৱেল (ATF)ৰ মূল্যৰ ক্ষেত্ৰত ভেট হ্ৰাসৰ সিদ্ধান্ত লৈছে চৰকাৰে । সংবাদমেল সম্বোধন কৰি তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীয়ে (Sushanta Chowdhury) কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহৰ বিষয়ে অৱগত কৰে ।

তেওঁ জনোৱা মতে খোৱাই জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত ৫৩ টা পদ সৃষ্টি কৰা হৈছে আৰু শীঘ্ৰেই সেইবোৰ পূৰণ কৰা হ'ব । ইফালে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ৫ নম্বৰ আদালতৰ বাবেও ৮ টা পদ সৃষ্টি কৰা হৈছে । লগতে মন্ত্ৰীগৰাকীয়ে কয় যে এভিয়েচন টাৰ্বাইন ইন্ধনৰ (ATF) ভেট ১৬ শতাংশৰ পৰা ১ শতাংশলৈ হ্ৰাস কৰা হৈছে ৷

এটিএফৰ ওপৰত ভেট হ্ৰাসৰ ফলত ত্ৰিপুৰা চৰকাৰৰ বছৰি ১.৬৭ কোটি টকাৰ লোকচান হ'ব । অৱশ্যে, চৰকাৰে বছৰি ১.৭৮ কোটি লাভ অৰ্জন কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে । কিন্তু ইয়াৰ দ্বাৰা বিমান কোম্পানীসমূহক তেওঁলোকৰ সেৱা আৰম্ভ কৰিবলৈ যথেষ্ট পৰিমাণে সহায় কৰিব বুলি আশাবাদী মন্ত্ৰীগৰাকী ।

চৰকাৰে আশা কৰা মতে এই সিদ্ধান্তৰ পাছত মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত বিমান সেৱাৰ সংখ্যা বৃদ্ধি পাব । তেওঁ লগতে কয় যে পূৰ্বৰ বাওঁপন্থী শাসনকালত বিমান টাৰ্বাইন ইন্ধনৰ ওপৰত ১৮ শতাংশ কৰ আৰোপ কৰা হৈছিল । কিন্তু ২০১৮ চনত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছত, ই ২ শতাংশ হ্ৰাস পাইছে আৰু ATF ৰ ১৬ শতাংশ ভেটত স্থিৰ হৈছে । বৰ্তমান, ইয়াৰ মূল্য ১৫ শতাংশ অধিক হ্ৰাস কৰা হৈছে ।

লগতে পঢ়ক :বহিৰাগত একাংশ লোকেহে ত্ৰিপুৰাৰ শান্তিপূৰ্ণ পৰিৱেশ বিনষ্ট কৰিছে : Tripura ICA Minister

Last Updated :Nov 17, 2021, 11:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.