ETV Bharat / bharat

Do not travel to Jammu and Kashmir : দেশীয় নাগৰিকলৈ সতৰ্কবাণী আমেৰিকাৰ

author img

By

Published : Nov 17, 2021, 2:13 PM IST

Updated : Nov 17, 2021, 2:20 PM IST

Do not travel to Jammu and Kashmir: US advisory cautions Americans
Do not travel to Jammu and Kashmir: দেশৰ নাগৰিকলৈ ভ্ৰমণ পৰামৰ্শ আমেৰিকাৰ

ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত দেশৰ নাগৰিকসকলৰ বাবে ভ্ৰমণৰ সতৰ্কতাবাণী জাৰি কৰিছে আমেৰিকাই ৷ সন্ত্ৰাসবাদজনিত কাৰ্যকলাপৰ বাবে জম্মু আৰু কাশ্মীৰৰ লগতে ভাৰত-পাক সীমান্তৰ দাঁতিকাষৰীয়া অঞ্চললৈ আমেৰিকান নাগৰিকসকলক ভ্ৰমণ নকৰিবলৈ আহ্বান জনোৱা হৈছে ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 17 নৱেম্বৰ : জম্মু-কাশ্মীৰ ভ্ৰমণ নকৰিবলৈ ইয়াৰ নাগৰিক সকলক আহ্বান আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৷ জম্মু-কাশ্মীৰৰ লগতে ভাৰত-পাকিস্তান সীমান্তৰ 10 কিলোমিটাৰ ব্যসাৰ্ধত সাম্ভাব্য সশস্ত্ৰ সংঘৰ্ষ, সন্ত্ৰাসবাদ আৰু অসামৰিক অস্থিৰতাৰ বাবেই নাগৰিকসকলক এই আহ্বান জনাইছে আমেৰিকাই ৷

আমেৰিকাই ইতিমধ্যে ভাৰত আৰু পাকিস্তান ভ্ৰমণৰ ক্ষেত্ৰত তিনিটা স্তৰৰ ভ্ৰমণ সতৰ্কতাবাণী জাৰি কৰিছে ৷ এই ভ্ৰমণ সতৰ্কতাবাণী জাৰি কৰি আমেৰিকাই কয়, যদিও আমেৰিকান নাগৰিকসকলক সন্ত্ৰাসবাদ আৰু সাম্প্ৰদায়িক হিংসাৰ বাবে পাকিস্তান ভ্ৰমণৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনোৱা হৈছে কিন্তু ভাৰতলৈ যোৱা সকলেও বৰ্ধিত অপৰাধ আৰু সন্ত্ৰাসবাদৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগিব ।

ভাৰতৰ ভ্ৰমণৰ বাবে সোমবাৰে ভ্ৰমণ সতৰ্কতাবাণী জাৰি কৰি US State Department এ আমেৰিকান নাগৰিকসকলক জন্মু আৰু কাশ্মীৰ ভ্ৰমণ নকৰিবলৈ আহ্বান জনায় ৷ এই সতৰ্কতাবাণীত উল্লেখ কৰা হৈছে , ‘ভাৰতীয় প্ৰশাসনে ধৰ্ষণক ভাৰতত দ্ৰুতহাৰত বৃদ্ধি পোৱা অপৰাধ বুলি দাবী কৰিছে ৷ পৰ্যটন ক্ষেত্ৰসমূহৰ লগতে অন্যান্য স্থানতো হিংসাত্মক অপৰাধ, যৌন নিৰ্যাতন আদিৰ দৰে ঘটনা সংঘটিত হৈছে ৷ ইয়াৰ উপৰিও সন্ত্ৰাসবাদীয়ে কোনো সাৱধানবাণী প্ৰদান নকৰাকৈয়ে পৰ্যটন ক্ষেত্ৰ, বজাৰ, শ্বপিং মল আদিত আক্ৰমণ কৰিব পাৰে ৷’

জাননীখনত লগতে এই কথা উল্লেখ কৰা হৈছে যে, পশ্চিম পশ্চিম বংগৰ জৰিয়তে পূৱ মহাৰাষ্ট্ৰ আৰু উত্তৰ তেলেংগানাৰ গ্ৰাম্য অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলক জৰুৰীকালীন সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ সীমিত ক্ষমতা আছে কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী কৰ্মচাৰীসকলে এই অঞ্চলসমূহলৈ যাত্ৰা কৰাৰ বাবে বিশেষ অনুমোদন প্ৰাপ্ত কৰিব লাগিব ৷

সমান্তৰলাকৈ, পাকিস্তান ভ্ৰমণৰ ক্ষেত্ৰতো সতৰ্কতাবাণী জাৰি কৰিছে আমেৰিকাই ৷ পৰামৰ্শত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলক পূৰ্বৰ Federally Administered Tribal Areas (FATA) সহ বেলুচিস্তান প্ৰদেশ আৰু Khyber Pakhtunkhwa (KPK) প্ৰদেশলৈ ভ্ৰমণ নকৰিবলৈ আহ্বান জনোৱা হৈছে ৷ ইয়াৰ উপৰিও সন্ত্ৰাসবাদ আৰু সশস্ত্ৰ সংঘৰ্ষৰ সম্ভাৱনাৰ বাবে নিয়ন্ত্ৰণ ৰেখাৰ নিকটৱৰ্তী অঞ্চলত ভ্ৰমণ নকৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে আমেৰিকাই ।

উল্লেখ্য যে, 2019 চনত কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা বিশেষ অধিকাৰ উঠাই লৈ ৰাজ্যখনক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ পিছতেই ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল ৷ ভাৰতৰ এই পদক্ষেপৰ বাবে পাকিস্তানে ভাৰতৰ সৈতে কূটনৈকিত সম্পৰ্ক অৱনমিত কৰিছিল আৰু ইছলামাবাদত ভাৰতীয় উচ্চায়ুক্তক বহিষ্কাৰ কৰিছিল ৷

লগতে পঢ়ক : S-400 missile systems to India : ভাৰতত এছ-৪০০ মিছাইল স্থাপন প্ৰক্ৰিয়া আৰম্ভ

Last Updated :Nov 17, 2021, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.